আনুষ্ঠানিক মুকলিৰ পূৰ্বেই ফাদিল হ’ল Samsung Galaxy S25 Edge ৰ মূল্য
ছেমছাং গেলেক্সি এছ 25 এজত অধিক দামী গেলাক্সি এছ 25 আল্ট্ৰা মডেলৰ দৰেই পাতল বেজেলৰ সৈতে ডিছপ্লে থকাৰ সম্ভাৱনা আছে ।

Published : March 10, 2025 at 1:59 PM IST
হায়দৰাবাদ: এপ্ৰিল মাহত বিশ্ব বজাৰত মুকলি কৰা হ’ব Samsung Galaxy S25 Edge । শেহতীয়াকৈ সমাপ্ত হোৱা ম’বাইল ৱৰ্ল্ড কংগ্ৰেছ (MWC 2025)ত কোম্পানীটোৱে এই হেণ্ডছেটটো প্ৰদৰ্শন কৰিছে । এজন টিপষ্টাৰে এতিয়া আগন্তুক স্মাৰ্টফোনটোৰ ডিছপ্লেৰ আকাৰ আৰু ওজনৰ লগতে ইয়াৰ প্ৰত্যাশিত মূল্যও ফাদিল কৰিছে । স্মাৰ্টফোনটোত স্নেপড্ৰেগন 8 এলিট চিপ আহিব বুলি আশা কৰা হৈছে । জানুৱাৰী মাহত কোম্পানীটোৱে মুকলি কৰা ছেমছাং গেলেক্সি এছ 25+ মডেলতকৈ ইয়াৰ বেটাৰী সৰু হ’ব ।
প্ৰত্যাশিত Samsung Galaxy S25 Edge মূল্য
টিপষ্টাৰ আইচ ইউনিভাৰ্ছ (@UniverseIce)ৰ এক্স ত কৰা এটা পোষ্টত প্ৰকাশ পাইছে যে ছেমছাং গেলেক্সি এছ 25 ৰ মূল্য জানুৱাৰী মাহত মুকলি হোৱা গেলাক্সি এছ 25+ মডেলৰ ষ্টেণ্ডাৰ্ড আৰু টপ অৱ দ্য লাইন আল্ট্ৰা মডেলৰ দৰেই হ’ব । যদি টিপষ্টাৰগৰাকীৰ দাবী শুদ্ধ হয় তেন্তে আমি আশা কৰিব পাৰো যে গেলাক্সি এছ 25 এজৰ মূল্য প্ৰায় 999 ডলাৰ (ভাৰতীয় হিচাপত প্ৰায় 87,150 টকা)। টিপষ্টাৰগৰাকীয়ে লগতে কয় যে ছেমছাং গেলেক্সি এছ 25 এজত 6.65 ইঞ্চিৰ ডিছপ্লে থাকিব, যিটো গেলাক্সি এছ 25 মডেলৰ 6.7 ইঞ্চিৰ ডিছপ্লেৰ সৈতে মিল আছে । অৱশ্যে আইচ ইউনিভাৰ্ছৰ মতে আগন্তুক গেলাক্সি এছ 25 এজ ভেৰিয়েণ্টত গেলাক্সি এছ 25 আল্ট্ৰা মডেলৰ দৰে সংকীৰ্ণ বেজেল থাকিব ।
The accurate rendering of the S25 edge is here, the screen size is 6.656 inches, but the bezel is the same as the S25 Ultra, which is narrower than the S25+. pic.twitter.com/XHFwVGWe4P
— ICE UNIVERSE (@UniverseIce) March 7, 2025
স্নেপড্ৰেগন 8 এলিট চিপ
একেদৰে টিপষ্টাৰগৰাকীয়ে কয় যে গেলাক্সি এছ 25 এজৰ ওজন হ’ব 162 গ্ৰাম, যিটো প্লাছ ভেৰিয়েণ্টতকৈ কম (195 গ্ৰাম)। অৱশ্যে মন কৰিবলগীয়া যে আগন্তুক এজ মডেলত গেলাক্সি এছ 25+তকৈ সৰু বেটাৰী থাকিব । একেদৰে ইয়াত প্লাছ ভেৰিয়েণ্টৰ দৰে ট্ৰিপল কেমেৰা ছেটআপৰ পৰিৱৰ্তে দুটা ৰিয়াৰ কেমেৰা থকাৰ সম্ভাৱনা আছে । বেটাৰী আৰু পিছফালৰ কেমেৰাৰ উপৰিও ছেমছাং গেলেক্সি এছ 25 এজে গেলাক্সি এছ 25+ৰ সৈতে স্পেচিফিকেশন শ্বেয়াৰ কৰিব বুলি আশা কৰা হৈছে, য’ত গেলেক্সিৰ বাবে কাষ্টম স্নেপড্ৰেগন 8 এলিট চিপ আৰু 12 জিবি ৰেম আছে । ইয়াৰ উপৰিও এণ্ড্ৰইড 15 ভিত্তিক One UI 7 ত চলিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক

