আনুষ্ঠানিক মুকলিৰ পূৰ্বে ফাদিল হ’ল গেলেক্সি A56 আৰু গেলেক্সি A36 মূল্য আৰু বৈশিষ্ট্য
আজি ভাৰতত মুকলি হোৱাৰ সম্ভাৱনা গেলেক্সি A56 আৰু গেলেক্সি A36 ৷ মুকলিৰ পূৰ্বে ফাদিল হৈছে স্মাৰ্টফোন দুটা সন্দৰ্ভত কিছু তথ্য ৷

Published : March 2, 2025 at 10:37 AM IST
হায়দৰাবাদ: আজি অৰ্থাৎ 2 মাৰ্চৰ দিনা ভাৰতত ছেমছাঙে গেলেক্সি A56 আৰু গেলেক্সি A36 মুকলি কৰিব বুলি চৰ্চা চলিছে । মুকলিৰ পূৰ্বে নাইজেৰিয়াৰ এজন খুচুৰা বিক্ৰেতাৰ তালিকাত মূল্য নিৰ্ধাৰণ আৰু প্ৰি-অৰ্ডাৰৰ সুবিধা সন্দৰ্ভত তথ্য ফাদিল হোৱা বুলি জানিব পৰা গৈছে । দুয়োটা মডেলতে 8GB ৰেম আৰু 256GB পৰ্যন্ত ষ্ট’ৰেজ অপচন থাকিব বুলি আশা কৰা হৈছে । গেলাক্সি A56 ত এক্সিন’ছ 1580 চিপছেট থাকিব বুলি আশা কৰা হৈছে, আনহাতে দুয়োটা স্মাৰ্টফোনতে পিছফালে 50 মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা ছেটআপ থাকিব পাৰে ।
প্ৰত্যাশিত মূল্য
নাইজেৰিয়াৰ খুচুৰা বিক্ৰেতা পইণ্টেকনলাইনে থ্ৰেডছত কৰা এটা পোষ্ট অনুসৰি, 8GB ৰেম আৰু 128 GB ষ্ট’ৰেজৰ সৈতে বেছ ভেৰিয়েণ্টৰ বাবে গেলাক্সি A56 ৰ মূল্য 5,65,000 এনজিএন (প্ৰায় 32,000 টকা)ত তালিকাভুক্ত কৰা হৈছে । 8GB ৰেম আৰু 256GB ষ্ট’ৰেজ মডেলৰ মূল্য NGN 6,04,000 (প্ৰায় 35,000 টকা)। 8GB ৰেম + 128GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ বাবে Galaxy A36 ৰ মূল্য NGN 4,46,000 (প্ৰায় 25,000 টকা) বুলি জানিব পৰা গৈছে ৷ আনহাতে 8GB RAM + 256GB ষ্ট’ৰেজ সংস্কৰণৰ মূল্য NGN 5,19,000 (প্ৰায় 30,000 টকা) তালিকাভুক্ত কৰা হৈছে ।
প্ৰি-অৰ্ডাৰৰ বিৱৰণ
খুচুৰা বিক্ৰেতাগৰাকীৰ মতে, নাইজেৰিয়াত 26 ফেব্ৰুৱাৰীৰ পৰা গেলেক্সি A56 আৰু গেলেক্সি A36 ৰ প্ৰি-অৰ্ডাৰ আৰম্ভ হৈছিল আৰু 12 মাৰ্চলৈকে চলিব । প্ৰি-অৰ্ডাৰ দিয়া গ্ৰাহকে বিনামূলীয়া এডাপ্টাৰ, গেলেক্সি ফিট 3 আৰু প্ৰিমিয়াম কেছ লাভ কৰিব পাৰে । তালিকাখনত এটা ডিভাইচ ৰিজাৰ্ভ কৰিবলৈ 1,00,000 এন জি এন (প্ৰায় 5000 টকা) জমা দিব লাগিব বুলিও উল্লেখ কৰা হৈছে ।
প্ৰত্যাশিত স্পেচিফিকেশন
গেলেক্সি A56 আৰু গেলেক্সি A36 ৰ স্পেচিফিকেশন আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ছেমছাঙে । অৱশ্যে খবৰ অনুসৰি এক্সিন’ছ 1580 চিপছেটে গেলাক্সি A56 ক শক্তি প্ৰদান কৰিব, আনহাতে গেলাক্সি A36 ত স্নেপড্ৰেগন 6 জেন 3 বা স্নেপড্ৰেগন 7এছ জেন 2 প্ৰচেছৰ থাকিব পাৰে । দুয়োটা ফোনতে 45W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থন কৰাৰ লগতে ছয় বছৰৰ চফ্টৱেৰ আপডেট লাভ কৰাৰ সম্ভাৱনা আছে । ডিভাইচসমূহত 50 মেগাপিক্সেলৰ ট্ৰিপল ৰিয়াৰ কেমেৰা চিষ্টেমও থাকিব পাৰে ।
লগতে পঢ়ক

