ETV Bharat / technology

বিশ্ব বজাৰত আজি মুকলি হ’ল গেলেক্সি A ছিৰিজ

আজি বিশ্বজুৰি ছেমছাঙে মুকলি কৰে গেলেক্সি A ছিৰিজ ৷ এই ছিৰিজটোত আছে গেলেক্সি A26, A36, আৰু গেলেক্সি A56 ৷

samsung-galaxy-a26-a36-a56-launched-globally-with-6-years-of-os-updates-ai-features-prices-specifications
বিশ্ব বজাৰত আজি মুকলি হ’ল গেলেক্সি A ছিৰিজ (Samsung)
author img

By ETV Bharat Tech Team

Published : March 2, 2025 at 3:58 PM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অগ্ৰণী স্মাৰ্টফোন নিৰ্মাতা কোম্পানী ছেমছাঙে আজি বিশ্বজুৰি মুকলি কৰে ছেমছাং গেলেক্সি A26, A36 আৰু গেলেক্সি A56 ৷ যোৱা বছৰৰ গেলেক্সি A-মডেল, গেলাক্সি A25, A35 আৰু A55 ৰ পৰৱৰ্তী সংস্কৰণ হিচাপে এই ফোনসমূহ মুকলি কৰা হৈছে । ফোনসমূহত এণ্ড্ৰইড 15 ভিত্তিক ৱান ইউআই 7 কাষ্টম স্কিন, 50 এমপি মূল কেমেৰা আৰু এআই বৈশিষ্ট্যসমূহ একেলগে সংযোগ কৰা হৈছে যিটোক ছেমছাঙে ‘অ’ছাম ইন্টেলিজেন্স’ আখ্যা দিছে ।

ছেমছাং গেলেক্সি A26, A36 আৰু গেলেক্সি A56 ৰ ৰঙৰ উপলব্ধতা

  • গেলেক্সি A56 অ’ছাম পিংক, অ’ছাম অ’লিভ, অ’ছাম গ্ৰেফাইট আৰু অ’ছাম লাইট গ্ৰে’ ৰঙৰ বিকল্পত উপলব্ধ ।
  • গেলেক্সি A36 অ’ছাম লেভেণ্ডাৰ, অ’ছাম ব্লেক, অ’ছাম হোৱাইট আৰু অ’ছাম লাইম ৰঙৰ বিকল্পত উপলব্ধ ।
  • গেলেক্সি A26 5G ব্লেক, হোৱাইট, মিণ্ট আৰু পিচ পিংক ৰঙত উপলব্ধ ।

ছেমছাং গেলেক্সি A26 ৰ স্পেচিফিকেশন

  • ডিছপ্লে: ছেমছাং গেলেক্সি A26 ত 2340 X 1080 পিক্সেল ৰিজ’লিউচন, 120Hz ৰিফ্ৰেছ ৰেট আৰু কৰ্নিং গৰিলা গ্লাছ লেয়াৰৰ সৈতে 6.7 ইঞ্চি FHD+ Super AMOLED ডিছপ্লে আছে ।
  • প্ৰচেছৰ: ফোনটোত সংযোগ কৰা হৈছে Exynos 1380 চিপছেট ।
  • মেম’ৰী: হেণ্ডছেটটোত আছে 6GB/8GB ৰেম আৰু 256GB পৰ্যন্ত অনব’ৰ্ড ষ্ট’ৰেজ, যিটো microSD কাৰ্ডৰ জৰিয়তে অধিক সম্প্ৰসাৰিত কৰিব পৰা যাব ।
  • অ’ এছ: এই ফোনটো এণ্ড্ৰইড 15 ভিত্তিক ৱান ইউ 7 কাষ্টম স্কিন আউট অৱ দ্য বক্সত চলিব । কোম্পানীটোৱে 6 টা অ’ এছ আপডেট আৰু 6 বছৰৰ বাবে ছিকিউৰিটি পেচৰ প্ৰতিশ্ৰুতি দিছে ।
  • কেমেৰা: গেলাক্সি A26 ত f/1.8 এপাৰচাৰৰ সৈতে 50MP OIS প্ৰাইমেৰী কেমেৰা, 8MP আল্ট্ৰা-ৱাইড-এংগল লেন্স আৰু 2MP মেক্ৰ’ ইউনিট আছে । ছেলফিৰ বাবে সন্মুখত 13 এমপি শ্বুটাৰ পাওঁ ।
  • বেটাৰী: 25W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে বেটাৰী 5000 mAh ।
  • অন্যান্য: সুৰক্ষাৰ বাবে এটা কাষত মাউণ্ট কৰা ফিংগাৰপ্ৰিণ্ট চেন্সৰ, পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে এটা IP67 ৰেটিং আৰু ষ্টেৰিঅ’ স্পীকাৰ ।
  • ঘনত্ব: ফোনটোৰ ঘনত্ব 164 x 77.5 x 7.7মিমি আৰু ওজন 200 গ্ৰাম ।

ছেমছাং গেলেক্সি A36 ৰ স্পেচিফিকেশন

samsung-galaxy-a26-a36-a56-launched-globally-with-6-years-of-os-updates-ai-features-prices-specifications
বিশ্ব বজাৰত আজি মুকলি হ’ল গেলেক্সি A ছিৰিজ (Samsung)
  • ডিছপ্লে: ছেমছাং গেলেক্সি A36 য়েও 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে একেটা 6.7 ইঞ্চি sAMOLED ডিছপ্লে পায় কিন্তু ইয়াত সুৰক্ষাৰ বাবে Corning Gorilla Glass 7+ লেয়াৰ আছে ।
  • প্ৰচেছৰ: হেণ্ডছেটটো Snapdragon 6 Gen 3 SoC ৰ দ্বাৰা চালিত ।
  • মেম’ৰী: চিপছেটটো 6GB/8GB,12GB ৰেম আৰু 256GB পৰ্যন্ত অনব’ৰ্ড ষ্ট’ৰেজৰ সৈতে যোৰ কৰা হৈছে যিটো microSD কাৰ্ডৰ জৰিয়তে আৰু অধিক সম্প্ৰসাৰিত কৰিব পৰা যাব ।
  • অপাৰেটিং ছিষ্টেম: এইটোও এণ্ড্ৰইড 15 ভিত্তিক ৱান ইউ 7 কাষ্টম স্কিন আউট অৱ দ্য বক্সত চলিব । কোম্পানীটোৱে 6 টা অ’ এছ আপডেট আৰু 6 বছৰৰ বাবে ছিকিউৰিটি পেচৰ প্ৰতিশ্ৰুতি দিছে ।
  • কেমেৰা: গেলাক্সি A36 ত আছে 50এমপি অ’আইএছ প্ৰাইমেৰী কেমেৰা, 8এমপি আল্ট্ৰা ৱাইড এংগল লেন্স আৰু 5 এমপি মেক্ৰ’ লেন্স । ছেলফিৰ বাবে সন্মুখত 12MP শ্বুটাৰ পাওঁ ।
  • বেটাৰী: ফোনটোৰ বেটাৰী 5000 mAh চেল আৰু ব’ৰ্ডত 45 W ফাষ্ট চাৰ্জিং সমৰ্থিত ।
  • অন্যান্য: সুৰক্ষাৰ বাবে এটা ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ, পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে IP67 ৰেটিং আৰু ষ্টেৰিঅ’ স্পীকাৰ আছে ।
  • ঘনত্ব: ফোনটোৰ ঘনত্ব 162.9 x 78.2 x 7.4 মিমি আৰু ওজন 195 গ্ৰাম ।
  • সংযোগ: 5জি, 4জি এলটিই, ৱাই-ফাই, এনএফচি, জিপিএছ, ব্লুটুথ 5.3 আৰু এটা ইউএছবি টাইপ-চি প’ৰ্ট ।

ছেমছাং গেলেক্সি A56 ৰ স্পেচিফিকেশন

  • ডিছপ্লে: ছেমছাং গেলেক্সি A56 য়ে গেলাক্সি A36 ৰ দৰেই ডিছপ্লে আকাৰ আৰু স্ক্ৰীণ সুৰক্ষা লাভ কৰে অৰ্থাৎ 6.7 ইঞ্চিৰ sAMOLED ডিছপ্লে, 1230 হাৰ্টজ আৰু কৰ্নিং গৰিলা গ্লাছ 7+ ।
  • প্ৰচেছৰ: হেণ্ডছেটটো এক্সিন’ছ 1580 চিপছেটৰ দ্বাৰা চালিত ।
  • মেম’ৰী: ফোনটোত 8জিবি/12 জিবি ৰেম আৰু 256 জিবি পৰ্যন্ত অনব’ৰ্ড ষ্ট’ৰেজ পেক কৰা হৈছে যিটো মাইক্ৰ’এছডি কাৰ্ডৰ জৰিয়তে অধিক সম্প্ৰসাৰিত কৰিব পৰা যায় ।
  • অপাৰেটিং ছিষ্টেম: এই হেণ্ডছেটত এণ্ড্ৰইড 15 ভিত্তিক ৱান ইউ 7 কাষ্টম স্কিন বুট কৰা হৈছে । কোম্পানীটোৱে 6 টা অ’ এছ আপডেট আৰু 6 বছৰৰ বাবে ছিকিউৰিটি পেচৰ প্ৰতিশ্ৰুতি দিছে ।
  • কেমেৰা: গেলাক্সি A56 ত f/1.8 এপাৰচাৰ, 12MP আল্ট্ৰা-ৱাইড-এংগল লেন্স আৰু 5MP মেক্ৰ’ ইউনিটৰ সৈতে একেটা 50MP OIS প্ৰাইমেৰী কেমেৰা দিয়া হৈছে । ছেলফিৰ বাবে 12MP শ্বুটাৰ আছে ।
  • বেটাৰী: ফোনটোত আছে 5,000mAh চেল আৰু ব’ৰ্ডত 45W ফাষ্ট চাৰ্জিং সমৰ্থিত ।
  • অন্যান্য: সুৰক্ষাৰ বাবে এটা ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ, পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে এটা IP67 ৰেটিং আৰু ষ্টেৰিঅ’ স্পীকাৰ ।
  • ঘনত্ব: ফোনটোৰ ডাঠ 162.2 x 77.5 x 7.4 মিমি আৰু ওজন 198 গ্ৰাম ।
  • সংযোগ: 5G, 4G এলটিই, ৱাই-ফাই, এনএফচি, জিপিএছ, ব্লুটুথ 5.3 আৰু এটা ইউএছবি টাইপ-চি প’ৰ্ট ।

মূল্য আৰু উপলব্ধতা

  • ষ্ট’ৰেজ বিকল্প আৰু উপলব্ধতা, বজাৰ বা স্থানভেদে ভিন্ন হ'ব ।

3 মাৰ্চত ঘোষণা কৰা হয় Samsung Galaxy A26, Galaxy A36 আৰু Galaxy A56 India ৰ মূল্য

মডেল6GB/128GB8GB/128GB8GB/256GB
Galaxy A26 5GUSD 299.99 (ভাৰতীয় হিচাপত প্ৰায় 26,200 টকা ) -GBP 299 (USD 375 / ভাৰতীয় হিচাপত প্ৰায় 32,900 টকা )
Galaxy A36 5GUSD 399.99 (ভাৰতীয় হিচাপত প্ৰায় 35,000 টকা ) -EUR 399 (ভাৰতীয় হিচাপত প্ৰায় 36,200 টকা)
Galaxy A56 5G -USD 499.99 (ভাৰতীয় হিচাপত প্ৰায় 43,700 টকা )EUR 529 (ভাৰতীয় হিচাপত প্ৰায় 48,000 টকা )

লগতে পঢ়ক