ETV Bharat / technology

6 বছৰৰ ছফটৱেৰ আপডেটৰ প্ৰতিশ্ৰুতিৰে ভাৰতত মুকলি হ’ল Samsung Galaxy A26 5G - SAMSUNG GALAXY A26 5G

ছেমছাঙে ভাৰতত মুকলি কৰিছে এটা নতুন ফোন । এই ফোনটোৰ স্পেচিফিকেশন, ফিচাৰ আৰু দামৰ বিষয়ে জানো আহক --

samsung-galaxy-a26-5g-launched-in-india-price-specs-and-details
6 বছৰৰ ছফটৱেৰ আপডেটৰ প্ৰতিশ্ৰুতিৰে ভাৰতত মুকলি হ’ল Samsung Galaxy A26 5G (Samsung)
author img

By ETV Bharat Tech Team

Published : March 25, 2025 at 11:25 AM IST

3 Min Read

হায়দৰাবাদ: এতিয়া ভাৰতত বিক্ৰীৰ বাবে উপলব্ধ Samsung Galaxy A26 5G । এই ফোনত আছে অক্টা-কোৰ Exynos 1380 SoC চিপছেট, যিটো 8GB ৰেমৰ সৈতে উপলব্ধ । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি OneUI 7 skin out of the box OS ত চলি আছে । এই ফোনত কোম্পানীয়ে 6 বছৰৰ বাবে Android OS আপডেট আৰু 6 বছৰৰ বাবে ছিকিউৰিটি আপডেট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

ছেমছাং গেলেক্সি A26 5জিৰ প্ৰথমটো ভেৰিয়েণ্টত 8 জিবি ৰেম আৰু 128 জিবি ষ্ট’ৰেজ আছে, যাৰ মূল্য 24,999 টকা । এই ফোনটোৰ দ্বিতীয়টো ভেৰিয়েন্টত আছে 8 জিবি ৰেম আৰু 256 জিবি ষ্ট’ৰেজ, যাৰ মূল্য 27,999 টকা । কোম্পানীটোৱে এই ফোনটো ক’লা, মিণ্ট, পিচ্চ পিংক আৰু বগা ৰঙত মুকলি কৰিছে । ব্যৱহাৰকাৰীয়ে এই ফোনটো ফ্লিপকাৰ্ট আৰু ছেমছাং ইণ্ডিয়াৰ ই-ষ্ট’ৰৰ পৰা ক্ৰয় কৰিব পাৰিব ।

ফোনটোৰ স্পেচিফিকেশন

ছেমছাং গেলেক্সি A26 5 জিত কোম্পানীটোৱে 6.7 ইঞ্চিৰ ফুল এইচডি প্লাছ স্ক্ৰীণ দিছে । এই AMOLED ডিছপ্লেৰ ৰিজ’লিউচন 1080x2340 পিক্সেল আৰু ইয়াৰ ৰিফ্ৰেছ ৰেট 120Hz । এই ফোনটোৰ সন্মুখ আৰু পিছফালে Corning Gorilla Glass Victus + সুৰক্ষা দিয়া হৈছে । এই ছেমছাং ফোনটোত প্ৰচেছৰৰ বাবে অক্টা কোৰ এক্সিন’ছ 1380 চিপছেট আছে, যিটো 8 জিবি ৰেম আৰু 256 জিবি ষ্ট’ৰেজৰ সৈতে উপলব্ধ । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি OneUI 7 ত চলিব ।

এই ফোনটোৰ কেমেৰা ছেটআপৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে ফোনটোৰ পিছফালে 50 এমপি প্ৰাইমেৰী চেন্সৰ দিছে, যিটো অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS)ৰ সৈতে আহিছে । এই ফোনটোৰ দ্বিতীয়টো কেমেৰাত 8MP আল্ট্ৰা ৱাইড এংগল লেন্স আছে, আনহাতে তৃতীয়টো বেক কেমেৰাত 2MP মেক্ৰ’ চেন্সৰ আছে । এই ফোনটোৰ সন্মুখত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 13 এমপিৰ ফ্ৰন্ট কেমেৰা দিয়া হৈছে ।

এই ছেমছাং ফোনটোত আছে 5000mAh বেটাৰী, যিটো 25W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে উপলব্ধ । সংযোগৰ বাবে এই ফোনত আছে 5G, 4G VoLTE, ডুৱেল বেণ্ড ৱাই-ফাই, ব্লুটুথ 5.3, জিপিএছ, গ্ল’নাছ, এনএফচি আৰু এটা ইউএছবি টাইপ-চি প’ৰ্টৰ লগতে এটা চাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ । এই ফোনটোক পানী আৰু ধূলি প্ৰতিৰোধী হোৱাৰ বাবে IP67 ৰেটিং দিয়া হৈছে । এই ফোনটোৰ ওজন 200 গ্ৰাম, অৰ্থাৎ এই ফোনটো বৰ্তমান মুকলি হোৱা ফোনবোৰতকৈ অলপ গধুৰ ।

লগতে পঢ়ক

2 এপ্ৰিলত মুকলি হ’ব মটৰ’লা এজ 60 ফিউজন

ৰেট্ৰ’ ডিজাইনৰ সৈতে ভাৰতত মুকলি হ’ল HMD ৰ বাৰ্বি ফোন

আকৰ্ষণীয় AI বৈশিষ্ট্য সংযোগেৰে বিশ্বজুৰি মুকলি হ’ল Google Pixel 9a

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.