মুকলি হ’ল টেবলেট Redmi Pad 2 ৰ টিজাৰ; জানক প্ৰত্যাশিত দাম, বৈশিষ্ট্য
মুকলি হ’বলগীয়া নতুন টেবলেট Redmi Pad 2 ৰ টিজাৰ মুকলি কৰিছে Xiaomi-এ ৷ প্ৰত্যাশিত দাম, বৈশিষ্ট্য জানো আহক ---

Published : June 2, 2025 at 4:58 PM IST
হায়দৰাবাদ: Xiaomi-এ ভাৰতত মুকলি কৰিছে নতুন টেবলেট Redmi Pad 2 ৰ টিজাৰ । তিনি বছৰ পূৰ্বে মুকলি কৰা প্ৰথমটো Redmi Pad ৰ উত্তৰাধিকাৰী এই আহিবলগীয়া টেবলেটটো । জিঅ’মিয়ে টিজাৰত কয় যে 5 জুনত টেবলেটটো মুকলি কৰা হ’ব । টিজাৰটোত ‘বিল্ড ফৰ ম’ৰ’ টেগলাইন ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত বৃহৎ পৰ্দা আৰু শক্তিশালী বেটাৰী দিয়া হ’ব বুলি ইংগিত দিয়া হৈছে । কোম্পানীটোৱে এই টেবলেটটো লেপটপতকৈ লঘু আৰু কমপেক্ট হ’ব বুলিও ইংগিত দিছে ।
8 মেগাপিক্সেলযুক্ত বেকৰ কেমেৰা
Xiaomi ৰ দ্বিতীয় টিজাৰে Redmi Pad 2 ৰ বাবে ডাঙৰ বেটাৰী আৰু উন্নত মাল্টিমিডিয়া অভিজ্ঞতাৰ ইংগিত দিয়ে । ইয়াৰ উপৰিও টিজাৰ ইমেজত দেখা গৈছে যে টেবলেটটোত ষ্টাইলাছ সমৰ্থন থাকিব । গ্ল’বেল টিজাৰত প্ৰকাশ পাইছে যে এই টেবলেটটোত 8 মেগাপিক্সেলৰ পিছফালৰ কেমেৰা, 3.5 মিমি অডিঅ’ জেক আৰু 4G কানেক্টিভিটি মডেল থাকিব । ৱাই-ফাই মডেলৰ বাবে মিণ্ট গ্ৰীণ আৰু গ্ৰে ৰঙৰ উপৰিও অতিৰিক্ত ভিয়োলেট ৰঙৰ বিকল্প উপলব্ধ হ’ব ।
The #RedmiPad2 is on the way… and it’s #BuiltForMore.
— Redmi India (@RedmiIndia) June 2, 2025
More binge. More play. More power. More reasons to want one.
Launching soon. Stay tuned.
Know more: https://t.co/kbRSUEeV6L pic.twitter.com/OtsXI4aruO
9000 mAh বেটাৰী
ইউৰোপত তালিকাভুক্ত কৰা অনুসৰি ৰেডমি পেড 2 ত 2.5K ৰিজ’লিউচন আৰু 90 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে 11 ইঞ্চিৰ ডিছপ্লে থাকিব, যাৰ সৰ্বোচ্চ উজ্জ্বলতা হ’ব 600 নিট । ইয়াত মিডিয়াটেক হেলিঅ’ G100 আল্ট্ৰা প্ৰচেছৰ, 5 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা, কোৱাড স্পীকাৰ আৰু 18ৱাট ফাষ্ট চাৰ্জিঙৰ সৈতে 9000 এমএএইচ বেটাৰী থাকিব ।
প্ৰত্যাশিত মূল্য
ইউৰোপৰ নিৰ্বাচিত বজাৰত ৰেডমি পেড 2 ৰ 4GB + 128GB আৰু 8GB + 256GB ৰেম আৰু ষ্ট’ৰেজ কনফিগাৰেচনৰ মূল্য ক্ৰমে 229 ইউৰো (প্ৰায় 22,000 টকা) আৰু 279 ইউৰো (প্ৰায় 26000 টকা) হ’ব বুলি আশা কৰা হৈছে ।
Redmi Pad 2 ৰ উপলব্ধতা
আমাজন ডট ইন, ফ্লিপকাৰ্ট, mi.com আৰু অফলাইন ষ্ট’ৰৰ জৰিয়তে ভাৰতত বিক্ৰীৰ বাবে উপলব্ধ হ’ব Redmi Pad 2। মুকলি কৰাৰ লগে লগে বিক্ৰীৰ বাবে উপলব্ধ হোৱাৰো সম্ভাৱনা আছে । ভাৰতত মুকলিৰ সবিশেষ আৰু মূল্য অনাগত দিনত ঘোষণা কৰাৰ সম্ভাৱনা আছে । এই টেবলেটটো মাল্টিমিডিয়া উপভোগ কৰা ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু ব্যৱহাৰকাৰীৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে । বৃহৎ ডিছপ্লে, ষ্টাইলাছ সমৰ্থন আৰু শক্তিশালী বেটাৰীয়ে এই টেবলেটটোক মাল্টিটাস্কিং আৰু পৰ্টেবিলিটিৰ বাবে আদৰ্শ কৰি তুলিছে । এই টেবলেটটোৰ জৰিয়তে Xiaomi-এ বাজেট ছেগমেণ্টত শক্তিশালী স্থান গঢ়ি তুলিবলৈ চেষ্টা কৰিছে । ইয়াৰ বৈশিষ্ট্য আৰু পৰিৱেশনৰ বিষয়ে অধিক তথ্য আনুষ্ঠানিক মুকলিৰ পিছতহে উপলব্ধ হ’ব ।
লগতে পঢ়ক

