ETV Bharat / technology

মেডিয়াটেক ডাইমেনচিটী 7400 চিপছেটৰ সৈতে ভাৰতত মুকলি হ’ল Realme P4 Pro 5G

Realme P4 Pro 5G ত Snapdragon 7 Gen 4 SoC আছে, আনহাতে বেচ মডেলত আছে MediaTek Dimensity 7400 চিপছেট । লগতে আছে বহু আকৰ্ষণীয় অফাৰ৷

realme-p4-pro-5g-price-india-launch-availability-specifications-features
মেডিয়াটেক ডাইমেনচিটী 7400 চিপছেটৰ সৈতে ভাৰতত মুকলি হ’ল Realme P4 Pro 5G (Realme)
author img

By ETV Bharat Tech Team

Published : August 20, 2025 at 1:06 PM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতত Realme এ মুকলি কৰিছে নতুন ফোন ছিৰিজ । এই ফোন ছিৰিজৰ নাম হৈছে Realme P4 Series । এই ছিৰিজৰ অধীনত কোম্পানীটোৱে ভাৰতত দুটা স্মাৰ্টফোন Realme P4 আৰু P4 Pro 5G মুকলি কৰিছে । Realme P4 5G ত কোম্পানীয়ে 6.77 ইঞ্চিৰ ফ্লেট AMOLED ডিছপ্লে দিছে, যিটো ফুল-এইচডি + ৰিজ’লিউচনৰ সৈতে উপলব্ধ । স্ক্ৰীণৰ ৰিফ্ৰেজ ৰেট 144Hz আৰু শীৰ্ষ উজ্জ্বলতা 4500 নিট । আনহাতে, Realme P4 Pro 5G ত কোম্পানীয়ে 6.78 ইঞ্চিৰ HyperGlo 4D Curve + স্ক্ৰীণ প্ৰদান কৰিছে, যিটো 1.5K ৰিজ’লিউচন, HDR10 + সমৰ্থন আৰু 6500 নিটৰ শীৰ্ষ উজ্জ্বলতাৰ সৈতে উপলব্ধ ।

Realme P4 Pro 5G ৰ ভাৰতত মূল্য, ৰং, উপলব্ধতা

ভাৰতত Realme P4 Pro 5G ৰ মূল্য 8 জিবি + 128 জিবি বিকল্পৰ বাবে 24,999 টকা । 8GB + 256GB আৰু 12GB + 256GB ভেৰিয়েন্টৰ মূল্য ক্ৰমে 26,999 টকা আৰু 28,999 টকা । ইয়াক বাৰ্চ উড, ডাৰ্ক অক উড আৰু মিডনাইট আইভী শ্বেডত ক্ৰয়ৰ বাবে উপলব্ধ ।

realme-p4-pro-5g-price-india-launch-availability-specifications-features
মেডিয়াটেক ডাইমেনচিটী 7400 চিপছেটৰ সৈতে ভাৰতত মুকলি হ’ল Realme P4 Pro 5G (Realme)

Realme P4 Pro 5G ক্ৰয় কৰা গ্ৰাহকে লাভ কৰিব পাৰিব নিৰ্বাচিত বেংক কাৰ্ডত 3000 টকা ৰেহাই, 2000 টকাৰ এক্সচেঞ্জ অফাৰ আৰু তিনি মাহৰ বিনামূলীয়া ইএমআই বিকল্প । 27 আগষ্টৰ নিশা 12 বজাৰ পৰা বিক্ৰীৰ বাবে মুকলি হ’ব এই স্মাৰ্টফোনটো ।

ভেৰিয়েণ্টমূল্য
8 GB + 128 GB24,999 টকা
8 GB + 256 GB26,999 টকা
12 GB + 256 GB28,999 টকা

Realme P4 5G ৰ ভাৰতত মূল্য, উপলব্ধতা

ইফালে, বেচ Realme P4 5G ৰ মূল্য আৰম্ভ 6 জিবি + 128 জিবি সংস্কৰণৰ বাবে 18,499 টকা । 8 জিবি + 128 জিবি আৰু 8 জিবি + 256 জিবি কনফিগাৰেচনৰ দাম ক্ৰমে 19,499 টকা আৰু 21,499 টকা ।

Realme P4 5G ক্ৰেতাই লাভ কৰিব নিৰ্বাচিত কাৰ্ডত 2500 টকাৰ বেংক অফাৰ আৰু 1000 টকাৰ বিনিময় ৰেহাই । 20 আগষ্টৰ সন্ধিয়া 6 বজাৰ পৰা 10 বজালৈ সীমিত Early bird sale ত উপলব্ধ হ’ব এই হেণ্ডছেটটো ।

Realme P4 5G series মডেলসমূহ Realme India ৱেবছাইট, Flipkart আৰু নিৰ্বাচিত অফলাইন খুচুৰা বিপণীৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব ।

ভেৰিয়েণ্টমূল্য
6 GB + 128 GB18,499 টকা
8 GB + 128 GB19,499 টকা
8 GB + 256 GB21,499 টকা

Realme P4 Pro 5G স্পেচিফিকেশন, বৈশিষ্ট্য

Realme P4 Pro 5G ত 6.8 ইঞ্চি ফুল-এইচডি+ (1,080×2,800 পিক্সেল) AMOLED 4D Curve+ স্ক্ৰীণ আছে যাৰ সৈতে 144Hz ৰিফ্ৰেছ ৰেট, 6,500 নিটছ পিক ব্রাইটনেছ লেভেল, 4,320Hz হাই-ফ্ৰিকুৱেন্সি PWM ডিমিং ৰেট আৰু Corning Gorilla Glass 7i সুৰক্ষা আছে । হেণ্ডছেটটোত Snapdragon 7 Gen 4 SoC আছে, য’ত 12GB পৰ্যন্ত LPDDR4X ৰেম আৰু 256GB পৰ্যন্ত UFS 3.1 অনব’ৰ্ড ষ্ট’ৰেজ আছে । ইয়াক এণ্ড্ৰ’ইড 15 ভিত্তিক Realme UI 6 ৰ সৈতে প্ৰেৰণ কৰা হৈছে ।

Realme-এ P4 Pro 5G হেণ্ডছেটত AI-বেকড হাইপাৰ ভিজন চিপছেট সজ্জিত কৰিছে । ইয়াৰ দ্বাৰা গেমপ্লে, স্পষ্টতা, ফ্ৰেম ৰেট আৰু লাইটিং উন্নত হোৱা বুলি দাবী কৰা হৈছে । ইয়াত একেলগে 144fps ৰ সৈতে 1.5K ৰিজ’লিউচনত BGMI চলাব বুলি কোৱা হৈছে । হেণ্ডছেটটোত তাপ ব্যৱস্থাপনাৰ বাবে 7 হাজাৰ বৰ্গ মিলিমিটাৰ এয়াৰফ্ল’ ভিচি কুলিং ছিষ্টেম আছে । ই AI লেণ্ডস্কেপ, AI স্নেপ মোড, AI পাৰ্টি মোড, আৰু AI টেক্সট স্ক্যানাৰ অন্তৰ্ভুক্ত কৰি কেইবাটাও AI বৈশিষ্ট্যও সমৰ্থন কৰে ।

অপটিক্সৰ বাবে Realme P4 Pro 5G ত অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS)ৰ সৈতে 50 মেগাপিক্সেলৰ চ’নী IMX896 প্ৰাইমেৰী চেন্সৰ আৰু পিছফালে 8 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড শ্বুটাৰ আছে । ইয়াৰ সন্মুখত 50 মেগাপিক্সেলৰ OV50D চেন্সৰ আছে ছেলফি আৰু ভিডিঅ’ কলৰ বাবে । সন্মুখ আৰু পিছফালৰ দুয়োটা কেমেৰাই 60fps ত 4K ভিডিঅ’ ৰেকৰ্ডিং সমৰ্থন কৰে ।

Realme P4 Pro 5G ত 7,000mAh বেটাৰী আছে যাৰ সৈতে 80W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং আৰু 10W ৰিভাৰ্ছ চাৰ্জিং আছে । সংযোগ বিকল্পসমূহৰ ভিতৰত আছে 5G, 4G, ৱাই-ফাই 6, ব্লুটুথ 5.4, জিপিএছ আৰু এটা ইউএছবি টাইপ-চি প’ৰ্ট । ধূলি আৰু পানী প্ৰতিৰোধৰ ক্ষেত্ৰত এই হেণ্ডছেটটোৱে IP65 আৰু IP66 ৰেটিং পূৰণ কৰা বুলি দাবী কৰা হৈছে । সুৰক্ষাৰ বাবে ইয়াত ইন-ডিছপ্লে অপটিকেল ফিংগাৰপ্ৰিণ্ট চেন্সৰ আছে । ফোনটোৰ ডাঠ 7.68 মিমি আৰু ওজন 187 গ্ৰাম ।

Realme P4 5G স্পেচিফিকেশন, বৈশিষ্ট্যসমূহ

Realme P4 5G ত 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.77 ইঞ্চি AMOLED ডিছপ্লে আৰু 4,500 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা আছে । ইয়াৰ সমৰ্থনত কোম্পানীটোৰ হাইপাৰ ভিজন চিপৰ লগতে মিডিয়াটেক ডাইমেনচিটি 7400 চিপছেট আছে । ই 8 জিবি পৰ্যন্ত ৰেম, 256জিবি পৰ্যন্ত ইনবিল্ট ষ্ট’ৰেজ সমৰ্থন কৰে আৰু এণ্ড্ৰ’ইড 15 ভিত্তিক ৰিয়েলমি ইউআই 6ত চলিব ।

কেমেৰা বিভাগত Realme P4 5G ত 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু পিছফালে 8 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড শ্বুটাৰৰ লগতে 16 মেগাপিক্সেলৰ ছেলফি স্নেপাৰ আছে । এই ফোনটোৱে AI Edit Genie আৰু AI Travel Snapৰ দৰে AI বেকড ফিচাৰ সমৰ্থন কৰে ।

7.58mm শ্লীম প্ৰফাইলৰ বাবে চৰ্চিত বেছ Realme P4 5G ত Pro মডেলৰ দৰে একে বেটাৰী, চাৰ্জিং, বিল্ড আৰু সংযোগৰ বৈশিষ্ট্য আছে ।

লগতে পঢ়ক