ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰে ভাৰতত মুকলি REALME NARZO 80 PRO 5G আৰু Narzo 80x 5G
Realme-এ মুকলি কৰিছে Narzo 80 Pro 5G আৰু Narzo 80x 5G । দাম, বৈশিষ্ট্য, ৰেহাইৰ বিষয়ে জানো আহক --

Published : April 9, 2025 at 3:11 PM IST
হায়দৰাবাদ: বুধবাৰে ৰিয়েলমি এ ভাৰতত মুকলি কৰে নতুন স্মাৰ্টফোন Narzo 80 Pro 5G আৰু Narzo 80x 5G । Narzo 80 Pro ত MediaTek Dimensity 7400 প্ৰচেছৰ আছে, আনহাতে Narzo 80x ত MediaTek Dimensity 6400 চিপছেট আছে । দুয়োটা ফোনতে আছে শক্তিশালী 6,000mAh বেটাৰী, য’ত Pro ভেৰিয়েণ্টে 80W আৰু 80x 45W ফাষ্ট চাৰ্জিং সমৰ্থন লাভ কৰে । নাৰ্জো 80 প্ৰ’ 5G ত 6050 MM2 ভিচি কুলিং চিষ্টেম আছে আৰু ইয়াৰ বিজিএমআইৰ বাবে 90এফপিএছ সমৰ্থন আছে বুলি দাবী কৰা হৈছে । এই দুয়োটা ফোনৰ দাম আৰু বৈশিষ্ট্যৰ বিষয়ে জানো আহক...
দাম, ৰং
ভাৰতত মুকলি কৰা হৈছে দুটা নতুন স্মাৰ্টফোন Realme Narzo 80 Pro 5G আৰু Narzo 80x 5G । Narzo 80 Pro 5G ৰ আৰম্ভণিৰ মূল্য 8GB + 128GB ভেৰিয়েন্টৰ বাবে 19,999 টকা, আনহাতে 8GB + 256GB আৰু 12GB + 256GB ভেৰিয়েন্টৰ মূল্য ক্ৰমে 21,499 টকা আৰু 23,499 টকা । এই ফোনটো নাইট্ৰ’ অৰেঞ্জ, ৰেচিং গ্ৰীণ আৰু স্পীড ছিলভাৰ ৰঙত উপলব্ধ হ’ব । আনহাতে, নাৰ্জো 80x 5জিৰ মূল্য 6GB + 128GB 13,999 টকা আৰু 8GB + 128 জিবি 14,999 টকা । ডিপ অ’চেন আৰু ছানলাইট গোল্ড ৰঙত উপলব্ধ এই ফোনটো ।
Narzo 80 Pro 5G ত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই
Get your hands on the #realmeNARZO80Pro5G before the rest.
— realme narzo India (@realmenarzoIN) April 9, 2025
This beast is made for those who chase wins in gaming, style, and speed.
Be the first to grab it during the Early Access Sale Today between 6PM–Midnight.
Starting from ₹ 17,999* with extra exclusive benefits worth… pic.twitter.com/eal2X2O2gH
দুয়োটা ফোন আমাজন আৰু ৰিয়েলমি ইণ্ডিয়া ৱেবছাইটত ক্ৰয় কৰিব পৰা যাব । আজি অৰ্থাৎ 9 এপ্ৰিলৰ সন্ধিয়া 6.00 বজাৰ পৰা 12 বজালৈ নাৰ্জো 80 প্ৰ’ 5জিৰ আগতীয়া বিক্ৰী হ’ব, আনহাতে 11 এপ্ৰিলৰ পুৱা 6.00 বজাৰ পৰা 12 বজালৈ নাৰ্জো 80x 5 জিৰ আগতীয়া বিক্ৰী হ’ব । কোম্পানীটোৱে ঘোষণা কৰিছে যে নাৰ্জো 80 প্ৰ’ 5G ক্ৰয় কৰিলে ছাত্ৰ-ছাত্ৰীসকলে 1299 টকাৰ বিশেষ সুবিধা লাভ কৰিব ।
Realme Narzo 80 Pro 5G বৈশিষ্ট্য
ফোনটোত 6.77 ইঞ্চি ফুল-এইচডি+ (1,080x2,392 পিক্সেল) কাৰ্ভড AMOLED ডিছপ্লে আছে, য’ত আছে 120Hz ৰিফ্ৰেছ ৰেট, 180Hz টাচ্চ চেম্পলিং ৰেট, 800nits পিক ব্ৰাইটনেছ, 3,840Hz PWM ডিমিং ৰেট, আৰু চকুৰ সুৰক্ষা মোড । ইয়াক MediaTek Dimensity 7400 SoC দ্বাৰা চালিত, 12GB LPDDR4X ৰেম আৰু 256GB UFS 3.1 সংৰক্ষণৰ সৈতে সংযোগ কৰা হৈছে । ফোনটো এণ্ড্ৰইড 15 ভিত্তিক Realme UI 6 ত চলিব । কেমেৰা বিভাগত ইয়াত OIS ৰ সৈতে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী চেন্সৰ আৰু 2 মেগাপিক্সেলৰ ছেকেণ্ডাৰী চেন্সৰ আছে, আনহাতে ছেলফিৰ বাবে ইয়াত EIS সমৰ্থনৰ সৈতে 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা আছে । ইয়াত 6,000mAh বেটাৰী আৰু 80W SuperVOOC চাৰ্জিং আছে । এই ফোনটো IP66, IP68, আৰু IP69 ৰেটিংৰ সৈতে ধূলি আৰু পানী প্ৰতিৰোধী আৰু ইয়াত MIL-STD-810H প্ৰমাণপত্ৰ আছে।
Realme Narzo 80x 5G বৈশিষ্ট্যসমূহ
নাৰ্জো 80x 5জিত 6.72 ইঞ্চি ফুল-এইচডি+ (1080x2400 পিক্সেল) ফ্লেট এলচিডি স্ক্ৰীণ আছে, য’ত আছে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট, 180 হাৰ্টজ টাচ চেম্পলিং ৰেট, আৰু ৬৯০নিটছ উজ্জ্বলতা। ইয়াত MediaTek Dimensity 6400 SoC আছে, 8GB LPDDR4X ৰেম আৰু 256GB ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা হৈছে । ফোনটো এণ্ড্ৰইড 15 ভিত্তিক Realme UI 6 তো চলিব । ইয়াত 50 মেগাপিক্সেলৰ মেইন চেন্সৰ আৰু 2 মেগাপিক্সেল ছেকেণ্ডাৰী চেন্সৰ আছে, আনহাতে ছেলফিৰ বাবে 8 মেগাপিক্সেলৰ কেমেৰা আছে । ইয়াত 6,000mAh বেটাৰী আছে আৰু ই 45W SuperVOOC চাৰ্জিং সমৰ্থন কৰে । এই ফোনটোৰ IP69 ৰেটিং আছে ।
লগতে পঢ়ক

