6000mAh বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল realme c73 5g
realme এ আজি ভাৰতত মুকলি কৰে realme C ছিৰিজৰ কোম্পানীটোৰ শেহতীয়া স্মাৰ্টফোন realme C73 5G । 6000mAh বেটাৰীযুক্ত এই ফোনটো 5W ফাষ্ট চাৰ্জিং সমৰ্থিত ৷

Published : June 2, 2025 at 12:56 PM IST
হায়দৰাবাদ: ভাৰতত মুকলি হ’ল realme C ছিৰিজৰ কোম্পানীটোৰ শেহতীয়া স্মাৰ্টফোন realme C73 5G । 6.67′′ 120Hz ডিছপ্লে, 6000mAh বেটাৰীৰ সৈতে realme C73 5G ৰ ভাৰতত আৰম্ভণি মূল্য 10,499 টকা । কোম্পানীয়ে দুটা ভেৰিয়েণ্টত মুকলি কৰিছে এই স্মাৰ্টফোনটো ৷ যোৱা মাহত কোম্পানীয়ে মুকলি কৰিছিল C75 ৷
ফোনটোত Android 15 ৰ ওপৰত ভিত্তি কৰি realme UI 6.0 চলি আছে । ইয়াৰ ৰিয়াৰ কেমেৰা 32MP আৰু ফ্ৰন্ট কেমেৰা 8MP । ফোনটোত ডাষ্ট আৰু স্পেছ ৰেজিষ্টেন্সৰ বাবে IP64 ৰেটিং আছে । এই ফোনটোত ArmorShell Protection আছে আৰু ই MIL-STD 810H Military-Grade Shock Resistance চাৰ্টিফাইড । 6000mAh বেটাৰী থকা এই ফোনটোত 15W ফাষ্ট চাৰ্জিং আছে ।
realme C73 5G ৰ বৈশিষ্ট্য

- realme C73 5G স্পেচিফিকেশনসমূহ
- 6.67 ইঞ্চি (720×1604পিক্সেল) এইচডি+ আইপিএছ এলচিডি স্ক্ৰীণৰ সৈতে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট
- আৰ্ম মালি-G57 MC2 জিপিইউৰ সৈতে অক্টা কোৰ মিডিয়াটেক ডাইমেনচিটি 6300 6এনএম প্ৰচেছৰ (2x কৰ্টেক্স-A76@ 2.4গিগাহাৰ্টজ 6x কৰ্টেক্স-A55@ 2গিগাহাৰ্টজ)।
- 4GB LPDDR4X ৰেম, 64GB / 128GB (UFS 2.2) সংৰক্ষণ, microSD ৰ সৈতে 2TB লৈকে সম্প্ৰসাৰণযোগ্য মেমৰি
- হাইব্ৰিড ডুৱেল চিম (নেনো + নেনো / microSD)
- realme UI 6.0 ৰ সৈতে Android 16
- GALAXYCORE GC32E2 চেন্সৰৰ সৈতে 32MP পিছফালৰ কেমেৰা, f/1.8 এপাৰচাৰ, ছেকেণ্ডাৰী কেমেৰা, LED ফ্লেছ
- f/2.0 এপাৰচাৰৰ সৈতে 8MP ফ্ৰন্ট কেমেৰা
- কাষত মাউণ্ট কৰা ফিংগাৰপ্ৰিণ্ট চেন্সৰ
- ইউএছবি টাইপ-চি অডিঅ’, আল্ট্ৰা লিনিয়াৰ বটম-পৰ্টেড স্পীকাৰ
- মাত্ৰা:165.7 x 76.22x 7.94মিমি; ওজন: 197 গ্ৰাম
- ধূলি আৰু পানী প্ৰতিৰোধী (IP64)
- মিলিটাৰী গ্ৰেডৰ স্থায়িত্ব (MIL-STD 810H প্ৰমাণীকৰণ)
- 5G SA / NSA (n1/3/5/8/28B/40/41/77/78 বেণ্ড), ডুৱেল 4G VoLTE, ৱাই-ফাই 802.11 ac (2.4GHz + 5GHz), ব্লুটুথ 5.3, GPS, GLONASS, Galileo, QZSS, USB Type-C
- 15W ফাষ্ট চাৰ্জিঙৰ সৈতে 6000mAh বেটাৰী
ৰং, মূল্য, উপলব্ধতা আৰু অফাৰ

C73 তিনিটা ৰঙত মুকলি কৰিছে কোম্পানীটোৱে - জেড গ্ৰীণ, ক্ৰীষ্টেল পাৰ্পল আৰু অনেক্স ব্লেক ৷ ইয়াৰ লগতে 4GB আৰু 64 GB মডেলৰ বাবে কোম্পানীটোৱে মূল্য নিৰ্ধাৰণ কৰিছে 10,499 টকা আৰু 4GB+125GB মডেলৰ বাবে কোম্পানীয়ে দাম নিৰ্ধাৰণ কৰিছে 11,499 টকা ৷ ক্ৰেতাই এই ফোনটো realme.com, ফ্লিপকাৰ্ট আৰু যিকোন খুচুৰা দোকানৰ পৰা ক্ৰয় কৰিব পাৰে ৷
কোম্পানীটোৱে স্মাৰ্টফোনটোত বেংকৰ ৰেহাইৰ লগতে অতিৰিক্ত 2500 টকাৰ ৰেহাই আগবঢ়াইছে, যাৰ ফলত এই স্মাৰ্টফোনটো লঞ্চিং প্ৰাইচ হিচাপে 9999 টকাত উপলব্ধ হ’ব ।
লগতে পঢ়ক

