ETV Bharat / technology

ভাৰতত প্ৰথমটো ‘আল্ট্ৰা’ ফোন মুকলি কৰিবলৈ সাজু হৈছে Realme

ভাৰতত প্ৰথমটো ‘আল্ট্ৰা’ ফোন মুকলি কৰিবলৈ সাজু হৈছে Realme । মুকলিৰ তাৰিখ, মূল্য আৰু স্পেচিফিকেশন জানো আহক---

realme-announces-its-first-ultra-smartphone-in-india-check-realme-p3-ultra-5g-launch-date-and-expected-price
ভাৰতত প্ৰথমটো ‘আল্ট্ৰা’ ফোন মুকলি কৰিবলৈ সাজু হৈছে Realme (Realme India)
author img

By ETV Bharat Tech Team

Published : March 8, 2025 at 11:31 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শীঘ্ৰেই ভাৰতত প্ৰথমটো ‘আল্ট্ৰা’ স্মাৰ্টফোন মুকলি কৰিবলৈ সাজু হৈছে Realme এ । শুকুৰবাৰে কোম্পানীটোৱে প্ৰচাৰমূলক ইমেজ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে যে এই ফোনটো Realme P3 Ultra 5G নামেৰে মুকলি কৰা হ’ব । কিছু সপ্তাহ পূৰ্বে Realme-এ ভাৰতত Realme P3 Pro 5G আৰু Realme P3x 5G মুকলি কৰিছিল । এতিয়া কোম্পানীটোৱে নিজৰ স্মাৰ্টফোন ছিৰিজত এটা নতুন ফোন মুকলি কৰিবলৈ সাজু হৈছে ।

এই ফোনটোৰ বিষয়ে তথ্য দিবলৈ কোম্পানীটোৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট X ত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত ফোনটোৰ নাম আৰু ডিজাইন প্ৰকাশ কৰা হৈছে । কোম্পানীয়ে এই ফোনটোৰ সঠিক মুকলিৰ তাৰিখ ঘোষণা কৰা নাই যদিও পোষ্টাৰত এই ফোনটো অতি সোনকালে মুকলি কৰা হ’ব বুলি উল্লেখ কৰা হৈছে ।

Realme ৰ প্ৰথম আল্ট্ৰা স্মাৰ্টফোন

ৰিয়েলমি এ এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে এই স্মাৰ্টফোনটো আল্ট্ৰা ডিজাইন, আল্ট্ৰা পাৰফৰমেন্স আৰু আল্ট্ৰা কেমেৰাৰ সৈতে আহিব । X ত শ্বেয়াৰ কৰা প্ৰচাৰমূলক পোষ্টটোত এই ফোনটোৰ সোঁফালটো দেখা পোৱা গৈছে । য’ত পাৱাৰ বুটামৰ লগতে কমলা ৰঙৰ বুটাম এটাও আছে । আশা কৰা হৈছে যে এইটোৱেই হ’ব পাৰে ভলিউম ৰকাৰ ।

উল্লেখযোগ্য যে, শেহতীয়াকৈ Realme এ Geekbench ত এটা ফোন তালিকাভুক্ত কৰিছে যাৰ মডেল নাম ‘Realme RMX5030’, যিটো Realme P3 Ultra ৰ মডেল নম্বৰ হ’ব পাৰে । যদি এয়া সঁচা হয়, তেন্তে ফোনটো MediaTek Dimensity 8300 বা MediaTek Dimensity 8350 SoC চিপছেটৰ দ্বাৰা চালিত হ’ব পাৰে ।

ইয়াৰ উপৰিও ফোনটোৱে গ্ৰাফিক্সৰ বাবে Mali-G615 MC6 GPU, 12GB ৰেম আৰু Realme UI 6.0 OS সমৰ্থন কৰিব পাৰে । একাংশ পুৰণি বাতৰি অনুসৰি Realme P3 Ultra ত 12 জিবি ৰেম আৰু 256 জিবি পৰ্যন্ত অনব’ৰ্ড ষ্ট’ৰেজ থাকিব পাৰে । আশা কৰা হৈছে যে এই ফোনটোৰ পিছফালে গ্লাছ পেনেল থাকিব ।

সাম্ভাব্য মূল্য

Realme P3 Ultra য়ে Realme P3x আৰু Realme P3 Pro ৰ সৈতে কোম্পানীটোৰ P series লাইনআপত যোগদান কৰিব । এই স্মাৰ্টফোন দুটাৰ মূল্য ক্ৰমে 13,999 আৰু 23,999 টকা । আল্ট্ৰা মডেলৰ মূল্য অধিক হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াত উন্নত স্পেচিফিকেশনও থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক