ETV Bharat / technology

Realme এ ভাৰতীয় বজাৰত মুকলি কৰিবলৈ সাজু হৈছে Realme 15T ছিৰিজ

ভাৰতীয় বজাৰত নতুন স্মাৰ্টফোন Realme 15T মুকলি কৰাৰ তাৰিখ ঘোষণা কৰিছে Realme-এ । ইয়াৰ বিশেষত্ব কি আৰু দাম আমাক জনাওক...

realme-15t-5g-smartphone-india-launch-date-announced-check-expected-price-features
Realme এ ভাৰতীয় বজাৰত মুকলি কৰিবলৈ সাজু হৈছে Realme 15T ছিৰিজ (Realme)
author img

By ETV Bharat Tech Team

Published : August 29, 2025 at 4:44 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Realme-এ ভাৰতীয় বজাৰত মুকলি কৰিবলৈ আগবাঢ়িছে এটা নতুন স্মাৰ্টফোন Realme 15T । এই নতুন ডিভাইচটোৰ জৰিয়তে কোম্পানীয়ে নিজৰ Realme 15 ছিৰিজ সম্প্ৰসাৰণ কৰিছে । শেহতীয়াকৈ কোম্পানীটোৱে আগন্তুক স্মাৰ্টফোনটোৰ ডিজাইন, স্পেচিফিকেশন আৰু মূল্যৰ বিষয়ে উল্লেখ কৰিছে । ফাদিল হোৱা তথ্য অনুসৰি এই ডিভাইচটো 3 টা ৰঙত উপলব্ধ হ’ব ৷ লগতে ইয়াত MediaTek Dimensity chipset, AMOLED panel ৰ লগতে আন আকৰ্ষণীয় বৈশিষ্ট্য থাকিব ৷ এইবোৰে Realme 14T ৰ তুলনাত ইয়াক অধিক উন্নত কৰি তুলিব ।

টিপষ্টাৰ অভিষেক যাদৱে এই ফোনটো সন্দৰ্ভত তেওঁৰ X একাউণ্টত এই কথাখিনি প্ৰকাশ কৰিছে । ইয়াৰ লগতে তেওঁ ফোনটোৰ মূল বৈশিষ্ট্যৰ কথাও উল্লেখ কৰে । ইয়াত 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰাৰ লগতে 50 মেগাপিক্সেলৰ ছেলফি কেমেৰা থাকিব । Realme হেণ্ডছেটত থাকিব 7000mAh বেটাৰী, যিয়ে 10W ৰিভাৰ্ছ চাৰ্জিং সমৰ্থিত । Realme 15 ছিৰিজত থাকিব Realme 15 আৰু Realme 15 Pro মডেল ।

Realme 15T: ভাৰতত মুকলি আৰু ডিজাইন

2 ছেপ্টেম্বৰৰ দুপৰীয়া 12 বজাত ভাৰতত মুকলি কৰা হ’ব Realme 15T । অনুৰাগীয়ে ইউটিউবত লাইভত চাব পাৰিব এই মুকলি অনুষ্ঠানটো । যদি আমি ইয়াৰ ৰঙৰ বিকল্পৰ কথা কওঁ, তেন্তে এই ফোনটো 3 টা ৰঙৰ বিকল্পত উপলব্ধ হ’ব: ফ্লয়িং ছিলভাৰ, ছিল্ক ব্লু আৰু ছুট টাইটানিয়াম । ইয়াৰ ডিজাইনৰ কথা ক’বলৈ গ’লে এই ফোনটো 7.79 মি.মি. মোটা হ’ব আৰু ওজন হ’ব 181 গ্ৰাম । এই স্মাৰ্টফোনটোত আইফোনৰ দৰে কেমেৰা মডিউল আছে আৰু ফোনটোৰ বাওঁফালে ভলিউম ৰকাৰ আৰু পাৱাৰ বুটাম থাকিব ।

Realme 15T: সাম্ভাব্য দাম ?

Realme 15T ৰ মূল্য 8GB ৰেম আৰু 128GB ষ্ট’ৰেজৰ বাবে 20,999 টকা আৰু 8GB ৰেম আৰু 256GB ষ্ট’ৰেজৰ বাবে 22,999 টকা হ’ব বুলি আশা কৰা হৈছে । ইয়াৰ টপ এণ্ড ভেৰিয়েন্টৰ মূল্য হ’ব পাৰে 24,999 টকা ।

realme-15t-5g-smartphone-india-launch-date-announced-check-expected-price-features
Realme এ ভাৰতীয় বজাৰত মুকলি কৰিবলৈ সাজু হৈছে Realme 15T ছিৰিজ (Realme India)

Realme 15T: বৈশিষ্ট্য

প্ৰতিবেদন অনুসৰি এই স্মাৰ্টফোনটোত 6.57 ইঞ্চিৰ ডাঙৰ AMOLED পেনেল, 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট থাকিব পাৰে । ইয়াত 6 নেন’মিটাৰ মিডিয়াটেক ডাইমেনচিটি 6400 মেক্স প্ৰচেছৰ আছে, যিটো 12 GB ৰেম আৰু 256 GB ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা হৈছে । ইয়াত 7000mAh বেটাৰী আছে, যিয়ে 60W ফাষ্ট চাৰ্জিং সমৰ্থিত । এই ফোনটোৰ সৈতে 80 ৱাটৰ এডাপ্টাৰ বক্সো উপলব্ধ হ’ব । কেমেৰাৰ কথা ক’বলৈ গ’লে ব্ৰেণ্ডটোৱে স্পষ্ট কৰি দিছে যে ইয়াত 50MP মেইন কেমেৰা আৰু ছেলফি কেমেৰা থাকিব ।

এই ডিভাইচত কোম্পানীয়ে একাধিক AI বৈশিষ্ট্যও প্ৰদান কৰিব, য’ত AI Glare Removal, AI Live Photo আদি থাকিব ।

লগতে পঢ়ক