ETV Bharat / technology

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস2025: দেশৰ বৈজ্ঞানিক ক্ষেত্ৰৰ সৈতে জড়িতসকলৰ অৱদানক প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে X যোগে এইক্ষেত্ৰৰ সৈতে জড়িতসকলৰ অৱদানক প্ৰশংসা কৰে ৷

rajnath-singh-hails-contribution-of-indias-scientists-engineers-and-technicians-on-national-technology-day
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (PTI)
author img

By ETV Bharat Tech Team

Published : May 11, 2025 at 1:46 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰী বিদ্যাবিদসকলৰ অৱদানক প্ৰশংসা কৰে ৷ X যোগে এটা পোষ্ট দি সিঙে কয়, "ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত আমাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ নতুন প্ৰযুক্তি বিকশিত কৰি অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰী বিদ্যাবিদসকলক স্মৰণ কৰিছো ।"

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে 1998 চনত পোখৰাণত ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰ কথাও স্মৰণ কৰি কয়, "1998 চনত পোখৰাণ পৰীক্ষা সফল হোৱা আমাৰ বিজ্ঞানীসকলৰ ব্যতিক্ৰমী প্ৰচেষ্টাক আমি গৌৰৱেৰে মনত পেলাইছো । ভাৰতৰ ইতিহাসৰ সেয়া এক ঐতিহাসিক মুহূৰ্ত আছিল ।"

সিঙে পুনৰ কয়, "ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত আমি ভাৰতৰ প্ৰযুক্তিগত উন্নতিৰ উল্লেখযোগ্য যাত্ৰা উদযাপন কৰোঁ । বিজ্ঞান, মহাকাশ, তথ্য-প্ৰযুক্তি আৰু স্বাস্থ্যসেৱাৰ অগ্ৰগতিৰ পৰা আৰম্ভ কৰি নাগৰিকক সবলীকৰণলৈকে প্ৰযুক্তিয়ে ভাৰতৰ বৃদ্ধি আৰু উজ্জ্বল ভৱিষ্যতৰ আকাংক্ষাক গঢ় দি আহিছে । বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদ, যিয়ে ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতিৰ বাবে কাম কৰিছিল আৰু 1998 চনৰ মে' মাহত পোখৰাণ পৰীক্ষাৰ সফল পৰিচালনা নিশ্চিত কৰিছিল । তেতিয়াৰ পৰাই প্ৰতি বছৰে 11 মে'ত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয় ।"

rajnath-singh-hails-contribution-of-indias-scientists-engineers-and-technicians-on-national-technology-day
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (ANI)

ভাৰতে 1998 চনৰ মে’ মাহত ৰাজস্থানৰ ভাৰতীয় সেনাৰ পোখৰাণ টেষ্ট ৰেঞ্জত পাঁচটা পাৰমাণৱিক বিস্ফোৰণৰ ধাৰাবাহিক পোখৰাণ-দ্বিতীয় পৰীক্ষা সম্পন্ন কৰিছিল । ইয়াৰ তদাৰক কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে । এই পৰীক্ষাত আৰ চিদাম্বৰম আৰু এ পি জে আব্দুল কালামকে ধৰি বৈজ্ঞানিক ব্যক্তিয়েও নেতৃত্ব দিছিল ।

ভাৰতে কিছুমান উন্নতমানৰ ডিজিটেল ৰাজহুৱা সামগ্ৰীৰ আন্তঃগাঁথনি গঢ়ি তুলিছে যিয়ে জীৱন সলনি কৰিব পাৰে । পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ডিজিটেল কমাৰ্চৰ বাবে মুকলি নেটৱৰ্ক যিটো বৰ্তমানেও আৰম্ভণি পৰ্যায়তে আছে । ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক (ONDC)ৰ লক্ষ্য হৈছে ইণ্টাৰনেটত সামগ্ৰী আৰু সেৱাৰ বিনিময়ৰ বাবে সকলোৰে বাবে মুক্ত উৎস নেটৱৰ্ক প্ৰচাৰ কৰা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ই যিকোনো নিৰ্দিষ্ট প্লেটফৰ্মৰ পৰা স্বাধীন ।

ভাৰতীয়ই আকোঁৱালি লৈছে ডিজিটেল পেমেণ্ট, কিয়নো ইয়াৰ নাগৰিকসকলে ইণ্টাৰনেটত লেনদেনৰ উদীয়মান ধৰণসমূহ ক্ৰমান্বয়ে গ্ৰহণ কৰিছে । ইউপিআই হৈছে ভাৰতৰ মোবাইল ভিত্তিক দ্ৰুত পেমেণ্ট ব্যৱস্থা, যিয়ে গ্ৰাহকে সৃষ্টি কৰা ভাৰ্চুৱেল পেমেণ্ট ঠিকনা (ভিপিএ) ব্যৱহাৰ কৰি গ্ৰাহকক নিমিষতে 24 ঘণ্টাই পেমেণ্ট কৰিবলৈ সুবিধা প্ৰদান কৰে ।

লগতে পঢ়ক