ETV Bharat / technology

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত বহিল স্পেচএক্সৰ চি ই অ’ ইলন মাস্ক

পৰিয়ালৰ সৈতে ইলন মাস্কে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীক ৷ এই আলোচনাত উদ্ভাৱন, মহাকাশ অন্বেষণ আৰু AI আদি বিষয়ে স্থান লাভ কৰে ।

pm-modi-us-visit-meets-spacex-ceo-elon-musk-details-in-assamese
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত বহিল স্পেচএক্সৰ চি ই অ’ ইলন মাস্ক (PTI)
author img

By ETV Bharat Tech Team

Published : February 15, 2025 at 12:43 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে স্পেচএক্সৰ চিইঅ’ ইলন মাস্কৰ সৈতে মহাকাশ, গতিশীলতা, প্ৰযুক্তি, আৰু শক্তিৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰে আৰু ভাৰত আৰু আমেৰিকাৰ সুশাসনৰ প্ৰচেষ্টাৰ ওপৰত চিন্তাৰ আদান-প্ৰদান কৰে । যোৱা মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মাস্কক আমেৰিকাৰ নতুন চৰকাৰী দক্ষতা বিভাগ (DOGE)ৰ নেতৃত্ব দিবলৈ নিৰ্বাচন কৰিছিল ।

বুধবাৰৰ সন্ধিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ বাবে ৱাশ্বিংটন ডিচিত উপস্থিত হয় মোদী । X ত এক পোষ্টত মোদীয়ে কয়, “ৱাশ্বিংটন ডিচিত @elonmusk ৰ সৈতে বহুত ভাল বৈঠক হৈছিল । আমি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিলো, য’ত তেওঁৰ আবেগিক বিষয় যেনে মহাকাশ, গতিশীলতা, প্ৰযুক্তি আৰু উদ্ভাৱন আদি বিষয়সমূহো আলোচনা কৰিলোঁ ।"

তেওঁ লগতে কয়, "মই সংস্কাৰ আৰু ‘নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন’ক আগুৱাই নিয়াৰ দিশত ভাৰতৰ প্ৰচেষ্টাৰ কথা কৈছিলো । এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু এনএছএ অজিত ড’ভালও উপস্থিত থাকে ।

বিদেশ মন্ত্ৰণালয়ে এক বিবৃতিত এইদৰে কয়, “প্ৰধানমন্ত্ৰী মোদী আৰু মিষ্টাৰ মাস্কে উদ্ভাৱন, মহাকাশ অন্বেষণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ সত্তাসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে । তেওঁলোকৰ আলোচনাত উদীয়মান প্ৰযুক্তি, উদ্যোগীকৰণ আৰু সুশাসনৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ সুযোগসমূহো স্পৰ্শ কৰা হৈছে ৷"

মোদীক লগ কৰিবলৈ তিনিটা সন্তানসহ ব্লেয়াৰ হাউচত উপস্থিত হৈছিল মাস্ক । মাস্কৰ পৰিয়ালৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰি মোদীয়ে X ত এটা পোষ্টত কয়, “মিষ্টাৰ @elonmusk ৰ পৰিয়ালক লগ পোৱা আৰু বহুতো বিষয়ৰ ওপৰত কথা পতাটোও এক আনন্দৰ কথা আছিল !” বৈঠকৰ সময়ত উপস্থিত থকা DOGE ৰ মুৰব্বীগৰাকীৰ তিনিটা সন্তানৰ সৈতেও মত বিনিময় কৰে মোদীয়ে ।

মাস্কক সাক্ষাৎ কৰাৰ পূৰ্বে মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজক সাক্ষাৎ কৰে । বৈঠকত জয়শংকৰ আৰু ড’ভালও উপস্থিত থাকে । ইয়াৰ পূৰ্বে বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অতিথিশালা ব্লেয়াৰ হাউছত উপস্থিত হোৱাৰ পিছত মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলছি গাবাৰ্ডক সাক্ষাৎ কৰিছিল ।

মোদীৰ সৈতে সাক্ষাৎ কৰাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে গাবাৰ্ডে ট্ৰাম্পৰ উপস্থিতিত ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ অষ্টম সঞ্চালক হিচাপে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক