কোন চাৰিজন ব্যক্তিয়ে মহাকাশলৈ লৈ যাব গগনযান; নাম ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
Gaganyaan Mission: কোন হ'ব ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ অংশ? সম্পন্ন হ’ল চাৰিগৰাকী মহাকাশচাৰীৰ নিৰ্বাচন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন পাইলটৰ হাতত কৰিলে ’এষ্ট্ৰ’ন’ট উইংছ’ অৰ্পণ। থুম্বাস্থিত বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত (ভিএছএছচি) মোদীৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন ৷ সমান্তৰালকৈ ইছৰোৰ 3 টা বৃহৎ মহাকাশ আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ ।

Published : February 27, 2024 at 1:50 PM IST
|Updated : February 27, 2024 at 2:01 PM IST
নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গগনযান অভিযানৰ বাবে নিৰ্বাচিত কৰিছে চাৰিজন পাইলটৰ নাম ৷ গগনযান অভিযান ঘোষণা কৰাৰ পিচত প্ৰথমবাৰৰ বাবে থুম্বাত থকা বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত (ভিএছএছচি) ৰাজহুৱাভাৱে উপস্থিত হোৱা অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন পাইলটৰ হাতত ‘এষ্ট্ৰ’ন’ট উইংছ’ অৰ্পণ কৰে । তথ্যচিত্ৰযোগে ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ পূৰ্বে গগনিয়ানসকলে গ্ৰহণ কৰি অহা নিৰৱচ্ছিন্ন প্ৰশিক্ষণ দেখুওৱা হয় ।
ইছৰ’ৰ মুৰব্বী এছ সোমনাথে ‘এষ্ট্ৰ’ন’ট উইংছ’ মুকলি কৰাৰ লগে লগে মোদীয়ে মঞ্চত উপস্থিত থকা গ্ৰুপৰ কেপ্তেইন প্ৰশান্ত বালকৃষ্ণন নাইৰ, গ্ৰুপৰ কেপ্তেইন অজিত কৃষ্ণন, গ্ৰুপৰ কেপ্তেইন অংগদ প্ৰতাপ আৰু উইং কমাণ্ডাৰ শুবংশু শুক্লাক উপহাৰ দিয়ে । 140 কোটি জনসংখ্যাৰ সপোনক গুৰুত্ব প্ৰদান কৰি ইছৰ’ই প্ৰথমবাৰৰ বাবে নিজৰ মহাকাশচাৰীসকলক বিশ্বৰ আগত আৰু নিজৰ দেশৰ আগত প্ৰদৰ্শন কৰিছে ।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোৱা বছৰ ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত পতাকা উত্তোলন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল । আজি শিৱ শক্তি পইণ্টে সমগ্ৰ বিশ্বক ভাৰতৰ শক্তিৰ সৈতে পৰিচয় কৰাই দিছে । প্ৰতিখন দেশৰ উন্নয়ন যাত্ৰাত কিছুমান মুহূৰ্ত আহে যিবোৰে কেৱল বৰ্তমানকে সংজ্ঞায়িত কৰাই নহয়, ইয়াৰ আগন্তুক প্ৰজন্মৰ ভৱিষ্যতকো সংজ্ঞায়িত কৰে ! আজি ভাৰতৰ বাবে তেনে এক মুহূৰ্ত । 'জল' (পানী), 'থল' (ভূমি), 'নভ' (আকাশ) আৰু 'অন্ত্রিক্স'(স্পেচ) ত ঐতিহাসিক মূহুৰ্ত সৃষ্টি কৰিছে আমাৰ বৰ্তমানৰ প্ৰজন্মই ।"
মোদীয়ে পুনৰ কয়, "আজি আমি সকলোৱে এক ঐতিহাসিক যাত্ৰাৰ সাক্ষী হৈছো । কিছুদিন আগতে দেশখনে প্ৰথমবাৰৰ বাবে নিজৰ চাৰিজন গগনিয়ান যাত্ৰীৰ সৈতে চিনাকি হৈছিল । এইবোৰ কেৱল 4 টা নাম আৰু 4 টা মানুহ নহয়, এইবোৰ হৈছে 140 কোটি আকাংক্ষাক মহাকাশলৈ লৈ যোৱা 4 টা শক্তি । 40 বছৰৰ পাছত এজন ভাৰতীয় মহাকাশলৈ যাবলৈ ওলাইছে । কিন্তু এইবাৰ সময়ো আমাৰ, কাউণ্টডাউনও আমাৰ আৰু ৰকেটো আমাৰ ।"
মোদীয়ে ভিএছএছচি ভ্ৰমণৰ সময়ত ইছৰোৰ 3 টা বৃহৎ মহাকাশ আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰে । প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণৰ সময়ত ইছৰোৰ গগণিয়ান মানৱ মহাকাশ উৰণ কাৰ্যসূচীও পৰ্যালোচনা কৰে ।
মহাকাশ খণ্ডৰ বাবে বিশ্বমানৰ কাৰিকৰী সা-সুবিধা প্ৰদান কৰিব পৰা এই তিনিটা প্ৰকল্পৰ সঞ্চিত প্ৰায় ১৮০০ কোটি টকা ব্যয় সাধন কৰা হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আগশাৰীৰ কেন্দ্ৰ ভিএছএছচিয়ে উৎক্ষেপণ বাহন প্ৰযুক্তিৰ ডিজাইন আৰু বিকাশৰ দায়িত্ব লয়।
লগতে পঢ়ক: গগনযান অভিযানত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন ইছৰোৰ

