শীঘ্ৰে বজাৰলৈ অ’প্প’ৰ নতুন ‘ফাইণ্ড X8 মিনি’ স্মাৰ্টফোন
OPPO: শীঘ্ৰে বজাৰত মুকলি হ’ব অ’প্প’ৰ নতুন ‘ফাইণ্ড X8 মিনি’ স্মাৰ্টফোন ৷ শেহতীয়াকৈ চীনত মুকলি কৰা হৈছে ‘ফাইণ্ড X8’ আৰু ‘ফাইণ্ড X8 প্ৰ’ মোবাইল ।

Published : November 4, 2024 at 3:47 PM IST
হায়দৰাবাদ: অচিৰেই বজাৰলৈ আহিব অ’প্প’ৰ নতুন ‘ফাইণ্ড X8 মিনি’ স্মাৰ্টফোন । ইয়াক ফাইণ্ড X8 আল্ট্ৰাৰ সমান্তৰালভাৱে মুকলি কৰা হ’ব বুলি কোৱা হৈছে । এই হেণ্ডছেটটোৱে কেইমাহমানৰ ভিতৰতে বজাৰত প্ৰৱেশ কৰিব ।
টিপষ্টাৰে শ্বেয়াৰ কৰা সবিশেষ অনুসৰি শেহতীয়াকৈ চীনত মুকলি কৰিছে ‘ফাইণ্ড X8’ আৰু ‘ফাইণ্ড X8 প্ৰ’ মোবাইল । এই ছিৰিজৰ অংশ হিচাপে কোম্পানীটোৱে নতুন ‘ফাইণ্ড X8 আল্ট্ৰা’ মডেল ঘোষণা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে দেখা গৈছে যে যোৱা মাহত চীনত মুকলি কৰা ‘ভিভ’ এক্স200 প্ৰ’ মিনি’ স্মাৰ্টফোনৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অ’প’ই লাইন আপৰ চতুৰ্থ মডেল ‘ফাইণ্ড X8 মিনি’ মোবাইলও প্ৰস্তুত কৰিছে ।
টিপষ্টাৰ ডিজিটেল চেট ষ্টেচন (চীনা ভাষাৰ পৰা অনুবাদ) চীনৰ মাইক্ৰ’ব্লগিং প্লেটফৰ্ম ৱেইব’ত দিয়া এটা পোষ্টত দাবী কৰা হৈছে যে অহা কেইমাহমানৰ ভিতৰত মুকলি হ’বলগীয়া ‘অ’প’ ফাইণ্ড X8 আল্ট্ৰা’ৰ সমান্তৰালভাৱে অ’প’ই আন এটা নতুন স্মাৰ্টফোনৰ কাম কৰি আছে । টিপষ্টাৰজনে কৈছে যে এই হেণ্ডছেটটো হৈছে ‘Oppo Find X8 Mini’।
অৱশ্যে Find X8 Ultra আৰু উৰাবাতৰিৰ ‘Find X8 Mini’ সম্পৰ্কে কোনো সবিশেষ প্ৰকাশ কৰা নাই Oppo কোম্পানীয়ে । কিন্তু এই ফাইণ্ড X8 যদি এই ছিৰিজত মুকলি কৰা চতুৰ্থটো মডেল হয় তেন্তে ই বজাৰত ‘ভিভ’ x200 প্ৰ’ মিনি’ৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত নামিব ।
Vivo X200 Pro Vivo X200 Pro: X200 প্ৰ’ ছিৰিজৰ ভিভ’ৰ আটাইতকৈ সৰু মডেলত মিডিয়াটেক ডাইমেনচন 9400 চিপ পেক কৰা হৈছে । ইয়াত সৰ্বাধিক 16 GB ৰেম আছে । ইয়াত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.3 ইঞ্চি LTPO AMOLED স্ক্ৰীণ আছে । ইয়াত তিনিটা 50 মেগাপিক্সেল (প্ৰাইমেৰী, আল্ট্ৰাৱাইড আৰু পেৰিস্কোপ টেলিফটো) কেমেৰাৰ লগতে 32 মেগাপিক্সেলৰ চেলফি কেমেৰা আছে ।
এই 'Vivo X200 Pro Mini' ত আপুনি 1TB পৰ্যন্ত ষ্ট'ৰেজ পাব পাৰে । ইয়াত 5,700mAh বেটাৰী আছে যিয়ে 90W (তাঁৰযুক্ত) আৰু 30W (বেতাঁৰ) চাৰ্জিং সমৰ্থন কৰে । ইয়াত ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰ আছে । কোম্পানীটোৰ OriginOS 5 স্কিনত চলি থকা এই মোবাইলটো এণ্ড্ৰইড 15 ত চলিব ।

