অহা 3 জুলাইত ভাৰতত মুকলি হ’ব Oppo Reno 14 ছিৰিজ, প্ৰত্যাশিত বৈশিষ্ট্যবোৰ জানো আহক
ভাৰতত শীঘ্ৰেই মুকলি হ’ব Oppo Reno 14 ছিৰিজ । দুয়োটা স্মাৰ্টফোনতে 50MP ছেমছাং JN5 চেন্সৰ টেলিফ’টো লেন্স থাকিব বুলি আশা কৰা হৈছে ।

Published : June 27, 2025 at 12:47 PM IST
হায়দৰাবাদ: অপ্প’ই আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে তেওঁলোকৰ নতুন প্ৰজন্মৰ ৰেনো ছিৰিজ ৰেনো 14 আৰু ৰেনো 14 প্ৰ’ মুকলিৰ দিন । 2025 চনৰ 3 জুলাইত ভাৰতত উন্নীতকৃত স্পেচিফিকেশন, ফিচাৰ আৰু অফাৰৰ সৈতে এই স্মাৰ্টফোনসমূহ মুকলি কৰা হ’ব । অহা 3 জুলাইৰ দিনা অপ্প’ৱে মুকলি কৰিব এই স্মাৰ্টফোন ৷ অপ্প’ৱে স্মাৰ্টফোনৰ বৈশিষ্ট্যসমূহৰ লগতে প্ৰচেছৰ, কেমেৰাৰ বৈশিষ্ট্যসমূহ, এআই চালিত বৈশিষ্ট্যসমূহৰ উপৰিও আৰু বহু দিশ সন্দৰ্ভত ইংগিত দিছে । ইতিমধ্যে নিশ্চিত কৰা হৈছে যে অপ্প’ ৰেনো 14 প্ৰ’ত দীৰ্ঘদিনীয়া প্ৰদৰ্শনৰ বাবে মিডিয়াটেক ডাইমেনচিটি 8450 চিপ আৰু 6200 এমএএইচৰ বৃহৎ বেটাৰী আছে । গতিকে যদি আপোনাৰ স্মাৰ্টফোন উন্নীত কৰাৰ সময় আহি পৰিছে, তেন্তে মুকলিৰ ঠিক পূৰ্বেই জানি লওক যে ৰেনো 14 ছিৰিজত কি কি আছে ।
প্ৰত্যাশিত বৈশিষ্ট্যবোৰ
ডিজাইন আৰু ডিছপ্লে
Everyone's invited 📨
— OPPO (@oppo) June 26, 2025
Join the #OPPOReno14Series party with our incredible IoT.#OPPOWatchX2Mini #OPPOPadSE #OPPOEncoBuds3 pic.twitter.com/7lvHxTooiJ
অপ্প’ ৰেনো 14 ছিৰিজে পূৰ্বৰ দৰেই একে ধৰণৰ ডিজাইন প্ৰফাইল বজাই ৰাখিছে, অৱশ্যে নতুন মেট-ফিনিছ ৰিয়াৰ পেনেলৰ সৈতে । দুয়োটা মডেলতে ট্ৰিপল কেমেৰা ছেটআপ থাকিব আৰু পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে IP68/IP69 ৰেটিং প্ৰদান কৰিব পাৰে । ডিছপ্লেৰ বাবে Oppo Reno 14 Pro ত 120Hz ৰিফ্ৰেছ ৰেট আৰু 1.5K ৰিজ’লিউচনৰ সৈতে 6.83 ইঞ্চি AMOLED ডিছপ্লেৰ বৈশিষ্ট্য দিয়া হৈছে । আনহাতে, ৰেনো 14 ত 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু 1080 পি ৰিজ’লিউচনৰ সৈতে 6.59 ইঞ্চিৰ ডিছপ্লে থাকিব পাৰে ।
কেমেৰা
ৰেনো 14 প্ৰ’ত ট্ৰিপল কেমেৰা ছেটআপৰ সৈতে আহিব বুলি আশা কৰা হৈছে য’ত থাকিব পাৰে অমনিভিজন অ’ভি50ই চেন্সৰৰ সৈতে 50 এমপি মূল কেমেৰা, 50 এমপি আল্ট্ৰাৱাইড কেমেৰা আৰু ইয়াত ছেমছাং JN5 চেন্সৰৰ সৈতে 50MP টেলিফ’টো লেন্স আৰু 3.5x লছলেছ অপটিকেল জুম থকাটো নিশ্চিত কৰা হৈছে । অপ্প’ই লগতে ইংগিত দিছে যে স্মাৰ্টফোনটোৱে 120x ডিজিটেল জুম ক্ষমতা প্ৰদান কৰিব । আনহাতে, ৰেনো 14ত একেধৰণৰ টেলিফ’টো লেন্স থাকিব পাৰে, কিন্তু চ’নী আইএমএক্স882 চেন্সৰৰ সৈতে 50এমপি মূল কেমেৰা, আৰু 8এমপি আল্ট্ৰাৱাইড কেমেৰা । অপ্প’ই এআই চালিত কেমেৰাৰ বৈশিষ্ট্য যেনে এআই ভইচ এনহান্সাৰ, এআই ৰিকম্প’জ, এআই পাৰ্ফেক্ট শ্বট, এআই এডিটৰ 2.0, এআই লাইভফ’টো 2.0, আৰু এআই ষ্টাইল ট্ৰেন্সফাৰ আদিও আনিব বুলি নিশ্চিত কৰিছে ।
পাৰফৰমেন্স আৰু বেটাৰী
Oppo Reno 14 Pro ত 12GB ৰেম আৰু 512GB পৰ্যন্ত ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা MediaTek Dimensity 8450 প্ৰচেছৰৰ দ্বাৰা চালিত হোৱাটো নিশ্চিত কৰা হৈছে । আনহাতে, ৰেনো 14 ত মিডিয়াটেক ডাইমেনচিটি 8350 প্ৰচেছৰ থাকিব বুলি আশা কৰা হৈছে । বেটাৰীৰ জীৱনকালৰ ক্ষেত্ৰত Reno 14 Pro ত 6200mAh বেটাৰী থকাটো নিশ্চিত কৰা হৈছে যিয়ে 80W তাঁৰযুক্ত আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থন কৰিব পাৰে । আনহাতে, ৰেনো 14 ত 80 ৱাট চাৰ্জিং সমৰ্থনৰ সৈতে 6000mAh বেটাৰী থাকিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক

