ETV Bharat / technology

15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Oppo K13x 5G

আজি ভাৰতত মুকলি কৰা হ’ল Oppo K13x 5G । এই স্মাৰ্টফোনটোৰ মূল্য, বৈশিষ্ট্য আদিৰ বিষয়ে জানো আহক ---

oppo-k13x-5g-with-50-megapixel-rear-camera-6000mah-battery-launched-in-india-price-specifications
15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Oppo K13x 5G (Oppo)
author img

By ETV Bharat Tech Team

Published : June 23, 2025 at 1:26 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: সোমবাৰে ভাৰতত মুকলি কৰা হয় Oppo K13x 5G । হেণ্ডছেটটোত 360 ডিগ্ৰী ডেমেজ-প্ৰুফ আৰ্মৰ বডি আৰু এমআইএল-এছটিডি 810-এইচ শ্বক ৰেজিষ্টেন্স চাৰ্টিফিকেচন আছে । ইয়াত সাগৰীয় স্পঞ্জৰ পৰা অনুপ্ৰাণিত বায়’মিমেটিক স্পঞ্জ শ্বক এবছৰ্পচন চিষ্টেম ব্যৱহাৰ কৰা হৈছে বুলি কোৱা হয়, যিয়ে কোম্পানীটোৰ মতে শ্বক ৰেজিষ্টেন্স উন্নত কৰে । IP65 ডাষ্ট আৰু ৱাটাৰ ৰেজিষ্টেন্স ৰেটিং স্মাৰ্টফোনটোৰ সন্মুখত আছে Corning Gorilla Glass 7i । Oppo K13x 5G ত 6,000mAh বেটাৰী, MediaTek Dimensity 6300 চিপছেট আৰু 50 মেগাপিক্সেলৰ ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট পেক কৰা হৈছে ।

ভাৰতত Oppo K13x 5G মূল্য, উপলব্ধতা

oppo-k13x-5g-with-50-megapixel-rear-camera-6000mah-battery-launched-in-india-price-specifications
15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Oppo K13x 5G (Oppo)

ভাৰতত Oppo K13x 5G ৰ মূল্য 4GB + 128GB ৰেম আৰু সংৰক্ষণ কনফিগাৰেচনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে 15,999 টকা আৰু 6GB আৰু 8GB ভেৰিয়েন্টৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে 16,999 টকা আৰু 18,999 টকা । এই হেণ্ডছেটটো মিডনাইট ভায়োলেট আৰু ছানচেট পিচ ৰঙৰ বিকল্পত উপলব্ধ । 27 জুনৰ পৰা ফ্লিপকাৰ্ট আৰু অফিচিয়েল চাইটৰ জৰিয়তে গ্ৰাহকে এই ফোনটো ক্ৰয় কৰিব পাৰিব ।

ভেৰিয়েণ্টমূল্য
4GB + 128GB ষ্টৰেজ15,999 টকা
6GB + 128GB ষ্টৰেজ16,999 টকা
8GB + 128GB ষ্টৰেজ18,999 টকা

Oppo K13x 5G স্পেচিফিকেশন, বৈশিষ্ট্য

Oppo K13x 5G ত 120Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেট, 1,000 নিট পৰ্যন্ত উজ্জ্বলতা, আৰু Corning Gorilla Glass 7i সুৰক্ষাৰ সৈতে 6.67 ইঞ্চি এলচিডি স্ক্ৰীণ আছে । ডিছপ্লেই স্প্লেছ টাচ আৰু গ্লভ টাচ প্ৰযুক্তিও সমৰ্থন কৰে । হেণ্ডছেটটোত 6nm অক্টা-কোৰ মিডিয়াটেক ডাইমেনচিটি 6300 SoC সংযোগ কৰা হৈছে 8GB পৰ্যন্ত LPDDR4X ৰেম আৰু 128GB পৰ্যন্ত UFS 2.2 অনব’ৰ্ড ষ্ট’ৰেজৰ সৈতে । ই এণ্ড্ৰইড 15-ভিত্তিক কলাৰঅ’এছ 15 ৰ সৈতে প্ৰেৰণ কৰা হয় আৰু ই গুগল জেমিনি, এআই ছামাৰী, এআই ৰেকৰ্ডাৰ আৰু এআই ষ্টুডিঅ’ সমৰ্থন কৰে ।

অপটিক্সৰ বাবে Oppo K13x 5G ত আছে ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট, য’ত f/1.8 এপাৰচাৰৰ সৈতে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী চেন্সৰ আৰু f/2.4 এপাৰচাৰৰ সৈতে 2 মেগাপিক্সেল ডেপথ চেন্সৰ আছে । ফোনটোত ছেলফি আৰু ভিডিঅ’ কলৰ বাবে f/2.0 এপাৰচাৰৰ সৈতে 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা চেন্সৰ আছে । ই ডুৱেল-ভিউ ভিডিঅ’ ৰেকৰ্ডিং আৰু এআই-বেকড ইমেজিং বৈশিষ্ট্য যেনে এআই আনব্লাৰ, এআই ৰিফ্লেকচন ৰিমুভাৰ, এআই ৰিইমেজ আৰু বহু কিবা কিবি সমৰ্থন কৰে ।

oppo-k13x-5g-with-50-megapixel-rear-camera-6000mah-battery-launched-in-india-price-specifications
15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Oppo K13x 5G (Oppo)

Oppo K13x 5G ত 45W তাঁৰযুক্ত SuperVOOC চাৰ্জিং সমৰ্থনৰ সৈতে 6,000mAh বেটাৰী সংযোগ কৰা হৈছে । সংযোগৰ বিকল্পসমূহৰ ভিতৰত আছে ডুৱেল ছিম, 5G, ৱাই-ফাই, ব্লুটুথ 5.4, এনএফচি, জিপিএছ, এটা 3.5 মিমি অডিঅ’ জেক আৰু এটা ইউএছবি টাইপ-চি প’ৰ্ট । এই হেণ্ডছেটটোৰ IP65 ধূলি আৰু পানী-প্ৰতিৰোধ ৰেটিং, MIL-STD 810-H মিলিটাৰী-গ্ৰেড স্থায়িত্বৰ প্ৰমাণপত্ৰ আছে আৰু ইয়াত বায়’মিমেটিক স্পঞ্জ শ্বক এবছৰ্পচন চিষ্টেম ব্যৱহাৰ কৰা হৈছে । ইয়াৰ আকাৰ 165.7 x 76.24 x 7.99 মিলিমিটাৰ আৰু ওজন 194 গ্ৰাম ।

লগতে পঢ়ক