হায়দৰাবাদ: ভাৰতত আনুষ্ঠানিকভাৱে অপ্প’ই মুকলি কৰিছে নতুন স্মাৰ্টফোন - অপ্প’ K13 5G । কোম্পানীটোৱে দাবী কৰিছে যে এই ফোনটো K ছিৰিজৰ আটাইতকৈ শক্তিশালী স্মাৰ্টফোন ৷ স্নেপড্ৰেগন 6 জেন 4 প্ৰচেছৰ, বৃহৎ 7000 mAh বেটাৰী আৰু 80W ফাষ্ট চাৰ্জিঙৰ সৈতে এই ফোনটোৱে উন্নত গেমিং আৰু পাৰফৰমেন্স প্ৰদান কৰিব বুলি আশা কৰা হৈছে । এই ফাষ্ট চাৰ্জিং প্ৰযুক্তিয়ে 30 মিনিটত শূন্যৰ পৰা 62 শতাংশ আৰু 56 মিনিটত 100 শতাংশলৈকে বেটাৰী ফুল কৰিব বুলি দাবী কৰা হৈছে । এই বেটাৰীয়ে এটা চাৰ্জত 49.4 ঘণ্টা পৰ্যন্ত কলিং টাইম আৰু সৰ্বাধিক 32.7 ঘণ্টা মিউজিক প্লেবেক টাইম প্ৰদান কৰিব বুলি দাবী কৰা হৈছে । ইয়াত এটা AMOLED ডিছপ্লে, LPDDR4x RAM আৰু UFS 3.1 ষ্ট’ৰেজ আছে । ইয়াত গেমিঙৰ বাবে এটা নিৰ্দিষ্ট ৱাই-ফাই এন্টেনা আৰু নেটৱৰ্ক পৰিৱেশন বৃদ্ধিৰ বাবে এটা সংহত AI LinkBoost 2.0 প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে ।
Oppo K13 5G বৈশিষ্ট্যসমূহ
Oppo K13 5G স্মাৰ্টফোনত আছে 6.67 ইঞ্চি AMOLED ডিছপ্লে, য’ত আছে 120Hz ৰিফ্ৰেছ ৰেট, 1200 নিট পিক ব্ৰাইটনেছ আৰু আণ্ডাৰ-স্ক্ৰীণ ফিংগাৰপ্ৰিণ্ট আনলক । ইয়াৰ উপৰিও ইয়াত হাৰ্ডৱেৰ-স্তৰৰ কম নীলা পোহৰৰ সুৰক্ষা, তিতা হাতেৰে স্পৰ্শ কৰিব পৰাৰ লগতে আৰু গ্লভছ মোড বৈশিষ্ট্য আছে । ফোনটোত স্নেপড্ৰেগন 6 জেন 4 প্ৰচেছৰ আছে, 8 জিবি ৰেম আৰু 256 জিবি ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা হৈছে । ফোনটোৰ সৈতে সংযুক্ত হৈ আছে 7000mAh বেটাৰী, যি 80W SuperVOOC ফাষ্ট চাৰ্জিং সমৰ্থিত । ইয়াক ধূলি আৰু পানী প্ৰতিৰোধী IP65 ৰেটিং প্ৰদান কৰা হৈছে ।
Snapdragon 6 Gen 4 + VC Cooling + 7000mAh battery = all at ₹16,999/-#OPPOK13 is the upgrade you’ve been waiting for. Sale starts 25th April.#OPphone #LiveUnstoppable
— OPPO India (@OPPOIndia) April 21, 2025
Know more: https://t.co/O13McKde5V pic.twitter.com/9l71gyJcFk
Oppo K13 5G কেমেৰা
ফোনটোত আছে 50MP প্ৰাইমেৰী শ্বুটাৰ আৰু 2MP ডেপথ চেন্সৰ । ছেলফিৰ বাবে 16 এমপি কেমেৰা আছে । ইয়াত কেইবাটাও AI বৈশিষ্ট্য আছে যেনে AI Enhance Clarity, AI Eraser, AI Unblur আৰু AI Reflection Remover ।
ভাৰতত মূল্য
ভেৰিয়েণ্ট | মূল্য |
8GB+128GB | 17,999 টকা |
8GB+256GB | 19,999 টকা |
2025 চনৰ 25 এপ্ৰিলৰ দুপৰীয়া 12 বজাত Oppo K13 5G ৰ বিক্ৰী আৰম্ভ হ’ব Oppo e-store আৰু Flipkart ত । ইয়াৰ মূল্য 8GB+128GB ভেৰিয়েন্টৰ বাবে 17,999 টকা আৰু 8GB+256GB ৰ 19,999 টকা । লঞ্চ ডে অফাৰৰ অধীনত ক্ৰেতাই 1000 টকাৰ তৎক্ষণাত ৰেহাই বা এক্সচেঞ্জ বোনাছ লাভ কৰিব ৷ যাৰ ফলত ইয়াৰ মূল্য হ্ৰাস হৈ হ’ব 16,999 টকা আৰু 18,999 টকা । 6 মাহ পৰ্যন্ত বিনামূলীয়া ইএমআই উপলব্ধ ।
ৰঙৰ উপলব্ধতা
Charges fast, runs wild and stays cool under pressure. That’s the #OPphone vibe. Power moves only. Bold Performance with Big battery and VC Cooling let's you #LiveUnstoppable with the #OPPOK13 5G. Sale starts 25th April.
— OPPO India (@OPPOIndia) April 21, 2025
Know more: https://t.co/O13McKde5V pic.twitter.com/ALU2iFg5U5
ICY Purple আৰু Prism Black ৰঙত উপলব্ধ এই ফোনটো । নতুনকৈ মুকলি হোৱা অপ্প’ৰ এই ফোনটোৰ ঘনত্ব 8.45 মিমি আৰু ওজন 208 গ্ৰাম ।
পুৰণি ফোনটোতকৈ কি ক্ষেত্ৰত পৃথক?
কোম্পানীটোৱে ভাৰতত Oppo K12x স্মাৰ্টফোনত MediaTek Dimensity 6300 চিপছেট দিয়াৰ বিপৰীতে নতুন মডেলত Snapdragon 6 Gen 4 চিপছেট দিছে । পুৰণি মডেলত 5100mAh বেটাৰী আছিল যদিও এইটোত দিয়া হৈছে 7000mAh বেটাৰী । একেদৰে পুৰণি মডেলটোত 45W ফাষ্ট চাৰ্জিং সমৰ্থিত আছিল যদিও এইটোত কোম্পানীটোৱে দিছে 80W ফাষ্ট চাৰ্জিং ।
লগতে পঢ়ক