থিৰাং হ’ল Oppo Find X9 ছিৰিজ মুকলিৰ দিন; কি কি আকৰ্ষণীয় বৈশিষ্ট্য থাকিব এই ছিৰিজত
16 অক্টোবৰত অপ্প’ই মুকলি কৰিবলৈ ওলাইছে Find X9 ছিৰিজ, য’ত থাকিব শক্তিশালী কেমেৰা, নতুন ডাইমেনচিটি 9500 চিপ আৰু আকৰ্ষণীয় ডিজাইন ।

Published : October 4, 2025 at 4:08 PM IST
হায়দৰাবাদ: অপ্প’ই নিজৰ ফ্লেগশ্বিপ স্মাৰ্টফোন লাইনআপত নতুন ছিৰিজ সংযোজন কৰিছে Oppo Find X9 ছিৰিজ । এই ছিৰিজত দুটা ফোন থাকিব: Oppo Find X9 আৰু X9 Pro । Oppo এ নিশ্চিত কৰিছে যে দুয়োটা ফোন 16 অক্টোবৰত চীনত মুকলি কৰা হ’ব । আহিবলগীয়া এই ফোন ছিৰিজটোৰ বিষয়ে জানো আহক ---
এই অপ্প’ ফোন ছিৰিজটো মুকলিৰ পূৰ্বে যথেষ্ট চৰ্চা লাভ কৰিছে, কিয়নো এতিয়া ইয়াক ভাৰতৰ বিআইএছ ৱেবছাইট আৰু থাইলেণ্ডৰ এনবিটিচি তালিকাত দেখা গৈছে । অৰ্থাৎ 16 অক্টোবৰত চীনত অপ্প’ই এই ফোন ছিৰিজ মুকলি কৰাৰ সময়ত ভাৰতত অতি সোনকালে দুয়োটা ফোন মুকলি কৰা হ’ব ।
জানিব পৰা মতে, Find X9 ৰ মডেল নম্বৰ CPH2797 আৰু Find X9 Pro ৰ CPH2791 । কিছুদিনৰ আগতে BIS ৰ ডাটাবেছতো একেটা মডেল নম্বৰ দেখা গৈছিল । সেই সময়ত ইয়াক ষ্টেণ্ডাৰ্ড ফাইণ্ড X9 বুলি বিশ্বাস কৰা হৈছিল যদিও নতুনকৈ প্ৰকাশ পোৱা বিৱৰণে ইংগিত দিয়ে যে ই আচলতে ফাইণ্ড X9 Pro আছিল । এতিয়া যেতিয়া দুয়োটা মডেলে ভাৰতত চাৰ্টিফিকেচন লাভ কৰিছে, তাৰ অৰ্থ হ’ল কোম্পানীটোৱে ভাৰতত এই নতুন ফোন ছিৰিজ মুকলি কৰিবলৈ সাজু হৈছে ।
Oppo X9 ছিৰিজৰ প্ৰত্যাশিত বৈশিষ্ট্য
The OPPO Find X9 Series is launching globally! 🚀
— Pete Lau (@PeteLau) September 22, 2025
Powered by the @MediaTek Dimensity 9500 and complemented by our self-developed Trinity Engine, our next flagship delivers groundbreaking performance and efficiency. Can't wait to share more soon 😉 pic.twitter.com/CQnyRRZIED
এই ফোন ছিৰিজৰ ডিজাইনৰ কথা ক’বলৈ গ’লে অপ্প’ই এইবাৰ নতুন কিবা এটা মুকলি কৰিবলৈ ওলাইছে । ইতিমধ্যে কোম্পানীটোৱে টিজাৰ মুকলি কৰিছে, য’ত ফোনসমূহৰ ৰং আৰু কিছু স্পেচিফিকেশন প্ৰকাশ পাইছে । অপ্প’ই ফাইণ্ড X9 ছিৰিজ তিনিটা ৰঙৰ বিকল্পত মুকলি কৰিব - ভেলভেট টাইটানিয়াম, ফ্ৰষ্ট হোৱাইট আৰু মিষ্ট ব্লেক । ইফালে, ফাইণ্ড X9 Pro কেৱল ভেলভেট টাইটানিয়াম আৰু ফ্ৰষ্ট হোৱাইট ৰঙতহে মুকলি কৰা হ’ব । এই দুয়োটা ফোনতে প্ৰচেছৰৰ বাবে মিডিয়াটেক ডাইমেনচিটি 9500 চিপছেট থাকিব । এই ফোনসমূহত Android 16 ভিত্তিক ColorOS 16 চলিব, যিটো হ’ব শেহতীয়া অপাৰেটিং চিষ্টেম ।
এই আগন্তুক অপ্প’ ফোন ছিৰিজৰ আটাইতকৈ বৃহৎ হাইলাইট হ’ব পাৰে ইয়াৰ কেমেৰা ছেটআপ । কোম্পানীটোৱে পিছফালে 200MP পেৰিস্কোপ টেলিফ’টো লেন্স, f/2.1 এপাৰচাৰ আৰু 70mm ফ’কেল লেংথৰ সৈতে আগবঢ়াব বুলি আশা কৰা হৈছে ।
এই ফোনটোৰ ষ্টেণ্ডাৰ্ড মডেলত 1.5K ৰিজ’লিউচনৰ সৈতে 6.59 ইঞ্চিৰ অ’এলইডি ডিছপ্লে, আল্ট্ৰা-নেৰ’ বেজেল আৰু “আৰ-এংগল” কাৰ্ভ ডিজাইন থাকিব । ইয়াত 50 MP চ’নী LYT808 প্ৰাইমেৰী চেন্সৰ, 50 MP ছেমছাং JN5 আল্ট্ৰা-ৱাইড লেন্স, চ’নী LYT600 পেৰিস্কোপ চেন্সৰ আৰু পিছফালে 2 MP মাল্টি স্পেকট্ৰল লেন্স থাকিব পাৰে, আনহাতে ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 32 MP ফ্ৰন্ট কেমেৰাৰ ব্যৱস্থা থাকিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক

