ETV Bharat / technology

কেতিয়া মুকলি হ’ব বিশ্বৰ আটাইতকৈ পাতল ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো ?

আগন্তুক ফোল্ডেবল ফোনটোৰ লঞ্চ ডেট ঘোষণা কৰিছে অ’প্প’ই । এই ফোনটো ভাৰতত কেতিয়া মুকলি হ’ব জানো আহক---

oppo-find-n5-launch-date-confirmed-on-feb-20-with-slim-design-and-snapdragon-8-elite-details-in-assamese
কেতিয়া মুকলি হ’ব বিশ্বৰ আটাইতকৈ পাতল ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো ? (Oppo)
author img

By ETV Bharat Tech Team

Published : February 10, 2025 at 5:11 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অহা সপ্তাহত বিশ্ব বজাৰত মুকলি কৰা হ’ব Oppo Find N5 । কোম্পানীয়ে এই ফোল্ডেবল স্মাৰ্টফোনৰ লঞ্চৰ তাৰিখ নিশ্চিত কৰিছে । এই ফোনটো চীনৰ লগতে বিশ্বৰ অন্যান্য বজাৰতো মুকলি কৰা হ’ব । এই ফোনটোক 3D প্ৰিণ্টেড টাইটানিয়াম এলয় হিঞ্জ দিব পাৰে, যাৰ সৈতে ট্ৰিপল কেমেৰা ছেটআপ দিয়াৰ আশা কৰা হৈছে । কোম্পানীয়ে এই ফোনটোৰ ডিজাইন আৰু ৰংও নিশ্চিত কৰিছে । এই ফোনটোৰ বিষয়ে বিতংভাৱে জানো আহক---

Oppo Find N5 মুকলিৰ তাৰিখ নিশ্চিত কৰা হৈছে

20 ফেব্ৰুৱাৰীত ছিংগাপুৰত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা হ’ব Oppo Find N5 । ভাৰতীয় সময় অনুসৰি সন্ধিয়া 4.30 বজাৰ পৰা আৰম্ভ হ'ব এই অনুষ্ঠান । অৰ্থাৎ এই ভাঁজ কৰিব পৰা ফোনটো চীনৰ লগতে বিশ্ব বজাৰতো মুকলি কৰা হ’ব । চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱেইব’ত পোষ্ট কৰা এটা টিজাৰৰ জৰিয়তে এই ফোনটোৰ ৰঙৰ বিকল্পৰ বিষয়ে প্ৰকাশ পাইছিল যদিও এতিয়া কোম্পানীটোৱে নিজেই ফোনটোৰ ৰং নিশ্চিত কৰিছে ।

কোম্পানীটোৱে এই ফোনটো কচমিক ব্লেক, মিষ্টি হোৱাইট আৰু টুইলাইট পাৰ্পল ৰঙত লঞ্চ কৰিব । কিন্তু ইউটিউবত মুকলি কৰা এই স্মাৰ্টফোনটোৰ গ্ল’বেল লঞ্চ ইভেণ্টৰ টিজাৰ ভিডিঅ’ত বেঙুনীয়া ৰঙৰ ভিন্নতা দেখা পোৱা নাই । অৰ্থাৎ কোম্পানীটোৱে সম্ভৱতঃ কেৱল চীনতহে বেঙুনীয়া ৰঙৰ ভিন্নতা আৰু বাকী দুটা ৰঙৰ ভিন্নতা বিশ্ব বজাৰত মুকলি কৰিব পাৰে ।

নিশ্চিত আৰু লিক কৰা স্পেচিফিকেশনসমূহ

কোম্পানীটোৱে এই ফোনটোৰ বিষয়ে আনুষ্ঠানিকভাৱে বিশেষ তথ্য এতিয়াও দিয়া নাই যদিও Oppo Find N5 ৰ About Phone পেজৰ ফাদিল স্ক্ৰীণশ্বটৰ জৰিয়তে এই ফোনটোৰ কিছুমান বিশেষ কথাৰ তথ্য লাভ কৰা হৈছে । অৱশ্যে আমি এই তথ্য নিশ্চিত নকৰো । এই লিক হোৱা স্ক্ৰীণশ্বট অনুসৰি এই ফোনটোৰ ইণ্টাৰনেল ডিছপ্লে 8.12 ইঞ্চি হ’ব পাৰে । ফোনটোৰ বাহ্যিক ডিছপ্লে সম্পৰ্কে কোনো তথ্য দিয়া হোৱা নাই । এই ফোনত প্ৰচেছৰৰ বাবে ব্যৱহাৰ কৰা হ’ব 7 কোৰ স্নেপড্ৰেগন 8 এলিট চিপছেট । কোম্পানীটোৱে এই কথা নিশ্চিত কৰি কয় যে এই চিপছেটৰ সৈতে অহা ই হ’ব বিশ্বৰ প্ৰথমটো ভাঁজ কৰিব পৰা স্মাৰ্টফোন ।

ফোনটোৱে 16GB ৰেমৰ লগতে 12GB ভাৰ্চুৱেল ৰেম সমৰ্থনও লাভ কৰিব পাৰে, যিটো 512GB ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতেও আহিব পাৰে । এই ফোনত 5600mAh বেটাৰী থাকিব বুলি আশা কৰা হৈছে, যিটো 80W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে আহিব । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি ColorOS 15 ত চলিব ।

এই ফোনটোৰ কেমেৰা ছেটআপৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে ফোনটোৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ দিব পাৰে, যাৰ মূল কেমেৰা 50MP, দ্বিতীয়টো কেমেৰা 8MP আৰু তৃতীয় কেমেৰাটোও 50MP পেৰিস্কোপ টেলিফ’টো লেন্সৰ সৈতে আহিব পাৰে । এই ফোনত ছেলফিৰ বাবে দুটা 8MP কেমেৰা থাকিব পাৰে, ইয়াৰে এটা ভিতৰত আৰু এটা বাহিৰৰ ফোল্ডেবল স্ক্ৰীণত থাকিব ।

এই ফোনটোৰ বিশেষত্ব

এই ফোনটোৰ বিষয়ে অ’প্প’ই বহু আগতেই জনাইছিল যে এই ফোনটো হ’ব বিশ্বৰ আটাইতকৈ পাতল ভাঁজ কৰিব পৰা স্মাৰ্টফোন । কোম্পানীটোৱে এটা টিজাৰো মুকলি কৰিছিল য’ত দেখা গৈছিল যে ফোনটোৰ ডাঠতা পেঞ্চিলতকৈও পাতল ।

ইয়াৰ উপৰিও অ’প’ আৰু ৱানপ্লাছৰ প্ৰতিষ্ঠাপকসকলে তেওঁলোকৰ এটা পোষ্টৰ জৰিয়তে জনাইছিল যে অ’প্প’ৰ এই ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো IP67, IP68 আৰু IP69 পানী আৰু ধূলি প্ৰতিৰোধৰ সৈতে আহিব, যাৰ বাবে ফোনটো পানীৰ পৰা অতি সুৰক্ষিত হ’ব ।

ভাৰতত কেতিয়া মুকলি কৰা হ’ব

ভাৰতত এই ফোনটো মুকলি কৰাৰ কথা ক’বলৈ গ’লে কোম্পানীয়ে ভাৰতত OnePlus Open 2 নামেৰে এই ফোনটো লঞ্চ কৰিব । শেহতীয়া মিডিয়া ৰিপ’ৰ্ট অনুসৰি, OnePlus Open 2 ভাৰতত 2025 চনৰ দ্বিতীয়াৰ্ধ অৰ্থাৎ 2025 চনৰ জুন মাহৰ পিছত Oppo Find N5 ৰ ৰিব্ৰেণ্ডেড সংস্কৰণ হিচাপে লঞ্চ কৰিব পাৰিব । কিন্তু এই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।

লগতে পঢ়ক