হায়দৰাবাদ: OpenAI এ জনপ্ৰিয় AI chatbot - ChatGPT ক এটা ‘AI ছুপাৰ সহায়ক’ (AI super assistant) হিচাপে পুৰ্ননিৰ্মাণ কৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিছে ৷ OpenAI এ কৃত্ৰিম বুদ্ধিমত্তা ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বৃহৎ পৰিকল্পনা কৰিছে । যোৱা সপ্তাহত চেটজিপিটিৰ নিৰ্মাতাগৰাকীয়ে নতুন গেজেটৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল যিয়ে চেটজিপিটিৰ উপস্থিতি 24/7 এআই সহায়কৰ দৰে বৃদ্ধি কৰিব । OpenAI ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেনে প্ৰকল্পটোৰ বাবে এপলৰ প্ৰাক্তন ডিজাইন মুৰব্বী জনী আইভক দায়িত্ব অৰ্পণৰ ইংগিত দিছিল ৷ ইয়ে প্ৰকল্পটোৰ প্ৰতি OpenAIৰ দায়বদ্ধতাৰ ইংগিত পোৱা গৈছিল । এতিয়া, এক আভ্যন্তৰীণ নথিপত্ৰযোগে অৱগত হ’ব পৰা যায় যে OpenAI এ ChatGPT ক কিবা অধিক বিকশিত কৰাৰ বাবে পদক্ষেপ হাতত লৈছে ।
গুগল এণ্টিট্ৰাষ্ট গোচৰত আমেৰিকাৰ ন্যায় বিভাগৰ সৈতে হোৱা এক আভ্যন্তৰীণ নথিপত্ৰত চেটজিপিটিৰ বাবে অ’পেনএআইৰ পৰিকল্পনা প্ৰকাশ পাইছে, যিয়ে সহায়কজনৰ বাবে এক ডাঙৰ আৰু উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিছে । নথিখনে 2025 চনৰ প্ৰথমাৰ্ধৰ ৰোডমেপ মুকলি কৰিছে আৰু OpenAIৰ পৰিকল্পনা উপস্থাপন কৰিছে যিয়ে আপোনাৰ পছন্দসমূহ বুজি পোৱাই নহয় ইণ্টাৰনেটৰ সৈতেও সংযোগ কৰিব বুলি পৰিলক্ষিত হৈছে ।
দ্য ভাৰ্জে বিশদভাৱে প্ৰকাশ কৰা এই নথিপত্ৰখনত কোৱা হৈছে, “আজি, চেটজিপিটি আমাৰ জীৱনত বৰ্তমানৰ বিভিন্ন ফৰ্ম ফেক্টৰৰ জৰিয়তে আছে — আমাৰ ৱেবছাইট, ফোন আৰু ডেস্কটপ এপ । ঘৰত থকা সময়ত ই প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰে, সংগীত শুনোৱাৰ লগতে ৰেচিপিৰো পৰামৰ্শ আগবঢ়ায় । আনহাতে, ক’ৰবালৈ যাওঁতে ই আপোনাক ঠাইবোৰলৈ যোৱাত সহায় কৰে ৷ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টখন বিচাৰি উলিওৱাৰ পৰা বন্ধু-বান্ধৱী অথবা আপোনাৰ বাবে কোনো এক স্থানত ৰৈ থকা ব্যক্তিজনক লগ কৰাৰ ক্ষেত্ৰতো ই সহায় কৰে । ইয়াৰ লগতে কৰ্মস্থলীত ই আপোনাক প্ৰয়োজনীয় তথ্যৰ টোকা লোৱাত সহায় কৰে ।"
বহুত কিবা কৰিব পাৰে OpenAI Super Assistant এ
OpenAI-এ নথিপত্ৰখনত কয়, “অহা বছৰৰ প্ৰথমাৰ্ধত আমি ChatGPTক এটা ছুপাৰ-এচিষ্টেণ্টলৈ বিকশিত কৰিবলৈ আৰম্ভ কৰিম ৷ যিয়ে আপোনাক চিনি পায়, আপুনি কিহৰ প্ৰতি গুৰুত্ব দিয়ে সেই কথা বুজি পায় আৰু কম্পিউটাৰ থকা এজন স্মাৰ্ট, বিশ্বাসযোগ্য, আৱেগিকভাৱে বুদ্ধিমান ব্যক্তিয়ে কৰিব পৰা যিকোনো কামত সহায় কৰে ৷”
অ’পেনএআইয়ে ইয়াৰ ছুপাৰ এচিষ্টেণ্টৰ পৰিকল্পিত কামৰ বিষয়ে কয়, “ইয়াৰ অৰ্থ হৈছে জীৱনটো অধিক সহজ কৰি তোলা - প্ৰশ্নৰ উত্তৰ দিয়া, জিমত যোগদান, ছুটীৰ পৰিকল্পনা, উপহাৰ, ইমেইল পঠোৱাকে ধৰি বিভিন্ন ।"
হাৰ্ডৱেৰ প্ৰকল্পৰ বাবে জনী আইভ অনব'ৰ্ডৰ সৈতে, OpenAI এ AI কম্পেনিয়ন গেজেটক ইয়াৰ ছুপাৰ সহায়কৰ সৈতে সংযোগ কৰাব পাৰে আৰু সম্ভাৱনাময়ভাৱে স্মাৰ্টফোনটোক অধিক জীৱন্ত কৰি তুলিব পাৰে ।
লগতে পঢ়ক