ETV Bharat / technology

নতুন স্মাৰ্টফোন মুকলিৰ বাবে প্ৰস্তুতি আৰম্ভ ৱানপ্লাছৰ

ৱানপ্লাছে নতুন স্মাৰ্টফোন মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে, যাৰ নাম ৱানপ্লাছ 13 টি হ’ব পাৰে বুলি চৰ্চা চলিছে ।

oneplus-13t-may-launch-in-april-2025-expected-specifications-and-details
নতুন স্মাৰ্টফোন মুকলিৰ বাবে প্ৰস্তুতি আৰম্ভ ৱানপ্লাছৰ (OnePlus)
author img

By ETV Bharat Tech Team

Published : March 26, 2025 at 5:16 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ৱানপ্লাছে চলিত বৰ্ষৰ আৰম্ভণিতে এটা শক্তিশালী চিপছেট স্নেপড্ৰেগন 8 এলিট ছ’চিৰ সৈতে ৱানপ্লাছ 13 মুকলি কৰিছিল । এতিয়া কোম্পানীটোৱে ৱানপ্লাছ 13 লাইনআপৰ নতুন স্মাৰ্টফোন OnePlus 13T মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । যদিও OnePlus এ এতিয়াও ইয়াৰ বিষয়ে কোনো নিশ্চিত তথ্য দিয়া নাই, কিন্তু চীনৰ এজন টিপষ্টাৰে ফাদিল কৰা ৰিপৰ্টত আগন্তুক ফোনটোৰ কিছু বিশেষ তথ্য প্ৰকাশ পাইছে । এই ফোনটোৰ বিষয়ে জানো আহক---

চীনৰ জনপ্ৰিয় টিপষ্টাৰ ডিজিটেল চেট ষ্টেচনে ৱেইব’ত ৱানপ্লাছ ফোন এটাৰ সবিশেষ শ্বেয়াৰ কৰিছে, যাৰ বিষয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য দিয়া হোৱা নাই । এই প্ৰতিবেদন অনুসৰি ৱানপ্লাছৰ এই আগন্তুক ফোনটোত 6.3 ইঞ্চিৰ স্ক্ৰীণ আৰু 6200 এমএএইচৰ বেটাৰী থাকিব পাৰে । যদিও টিপষ্টাৰৰ পোষ্টত ফোনটোৰ নাম উল্লেখ কৰা হোৱা নাই, কিন্তু সেই পোষ্টটোত দিয়া মন্তব্য আৰু কিছু পুৰণি ৰিপ’ৰ্টলৈ চাই এনে লাগে যেন কোম্পানীটোৱে চলিত বৰ্ষৰ এপ্ৰিল মাহত মুকলি কৰিব পৰা OnePlus 13T মুকলি কৰিবলৈ সাজু হৈছে ।

OnePlus 13T ৰ সম্ভাৱ্য স্পেচিফিকেশন

কোম্পানীটোৱে একাংশ বজাৰত ৱানপ্লাছ 13 টি ৱানপ্লাছ 13 মিনি হিচাপে মুকলি কৰিব পাৰে । পুৰণি লিক হোৱা বাতৰি অনুসৰি ৱানপ্লাছ 13 ৰ দৰেই এই ফোনত প্ৰচেছৰৰ বাবে স্নেপড্ৰেগন 8 এলিট চিপছেট ব্যৱহাৰ কৰিব পাৰি । কোম্পানীয়ে এই ফোনটোৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ দিব পাৰে, যাৰ প্ৰথম কেমেৰা 50 এমপি হ’ব পাৰে । ইয়াৰ উপৰিও OnePlus 13T ত 80W তাঁৰযুক্ত চাৰ্জিং সমৰ্থন দিব পাৰি ।

যদি আমি OnePlus 13 ৰ স্পেচিফিকেশন চাওঁ তেন্তে ইয়াত 6.82 ইঞ্চি স্ক্ৰীণ, 6000mAh বেটাৰী আৰু 100W তাঁৰযুক্ত চাৰ্জিং আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থন আছে। এই ফোনটোৰ মূল্য 69,999 টকাৰ পৰা আৰম্ভ হয়, য’ত 12 জিবি ৰেম আৰু 256 জিবি ষ্ট’ৰেজ আছে ।

লগতে পঢ়ক