হায়দৰাবাদ: ভাৰতত 54,999 টকা আৰম্ভণি মূল্যত মুকলি কৰা হৈছে OnePlus 13s ৷ যাৰ ফলত Qualcomm Snapdragon 8 Elite চিপছেটৰ সৈতে অন্যতম সুলভ মূল্যৰ প্ৰিমিয়াম ফোন হিচাপে ই স্থান লাভ কৰিছে । তিনিটা ৰঙত উপলব্ধ হ’ব এই ফোনটো আৰু ইয়াত এলাৰ্ট স্লাইডাৰ সলনি কৰিবলৈ প্লাছ কি থাকিব ।
ৱানপ্লাছ 13 ৰ কিছুমান মূল বৈশিষ্ট্যৰ ভিতৰত আছে কমপেক্ট 6.3 ইঞ্চিৰ অ’এলইডি ডিছপ্লে, জেনেৰেটিভ এআই বৈশিষ্ট্যৰ এটা গোট, 3NM স্নেপড্ৰেগন 8 এলিট চিপছেট, 50 MP মেইন ৰিয়াৰ কেমেৰা আৰু 5850 এমএএইচ বেটাৰী, যাৰ ফলত ই এপল আইফোন 16 আৰু ছেমছাং গেলেক্সি S25 ৰ দৰে বেটাৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । OnePlus 13s ৰ বেচ মডেলত 12GB ৰেম আৰু 256GB ষ্ট’ৰেজ আছে । ৱানপ্লাছে গুগল জেমিনিক ডিফল্ট স্মাৰ্ট ভইচ এচিষ্টেণ্ট হিচাপেও সংযুক্ত কৰিছে, 3 মাহৰ গুগল এআই প্ৰ’ ছাবস্ক্ৰিপচন আৰু 2 TB অতিৰিক্ত ক্লাউড ষ্ট’ৰেজৰ সৈতে ।
Stronger. Smarter. Smaller. The #OnePlus13s is here.
— OnePlus India (@OnePlus_IN) June 5, 2025
Pre-order now: https://t.co/wPkrNOw1NF pic.twitter.com/3u1tE9DT7E

OnePlus 13s ৰ দুটা ভিন্ন মূল্যত উপলব্ধ
ভেৰিয়েণ্ট | মূল্য |
12GB ৰেম+256 GB | 54,999 টকা |
12 GB ৰেম + 512 GB | 59,999 টকা |
কোম্পানীয়ে 12 GB ৰেম আৰু 256 GB ষ্ট’ৰেজৰ সৈতে বেচ মডেলটোৰ দাম নিৰ্ধাৰণ কৰা হৈছে 54,999 টকা । আনহাতে, 12 GB ৰেম আৰু 512 GB ষ্ট’ৰেজৰ সৈতে টপ এণ্ড মডেলৰ দাম 59,999টকা । ফোনটো গ্ৰীণ চিল্ক, ব্লেক ভেলভেট আৰু পিংক চেটিন ৰঙৰ ৰূপত উপলব্ধ হ’ব (কেৱল 256 GB ভেৰিয়েণ্টৰ বাবে পিংক চেটিন) আৰু ৱানপ্লাছে 12 জুনৰ পৰা বিক্ৰীৰ বাবে মুকলি কৰিব, 5 জুনৰ পৰা প্ৰি-অৰ্ডাৰ আৰম্ভ হ’ব ।
লঞ্চ অফাৰৰ অংশ হিচাপে এছ বি আই বেংক কাৰ্ড থকা গ্ৰাহকে 5 হাজাৰ টকাৰ ৰেহাই লাভ কৰিব, যাৰ ফলত 256 GB ভেৰিয়েণ্টৰ মূল্য 49,999 টকা আৰু 512 GB ভেৰিয়েণ্টৰ মূল্য 54,999 টকালৈ হ্ৰাস পাব ।

OnePlus 13s ৰ বৈশিষ্ট্য
ৱানপ্লাছ 13 S ৰ কেমেৰা চিষ্টেম এই ছেগমেণ্টৰ কেজুৱেল ফটোগ্ৰাফীৰ বাবে অন্যতম বহুমুখী চিষ্টেম । পিছফালৰ মূল কেমেৰাটোত 50 MP চেন্সৰ আছে, যিটো 2x মেগনিফিকেশনৰ সৈতে আন এটা 50 MP ছেকেণ্ডাৰী টেলিফটো কেমেৰাৰ সৈতে সংযোগ কৰা হৈছে । ছেলফি আৰু ভিডিঅ’ কলৰ বাবে ফ্ৰন্ট কেমেৰাটো 32 MP চেন্সৰৰ ওপৰত নিৰ্ভৰশীল ।
Power meets proportion on the all-new #OnePlus13s. Catch the keynote action, and more here: https://t.co/ZRTPPHX5Yt
— OnePlus India (@OnePlus_IN) June 5, 2025
লগতে পঢ়ক