ETV Bharat / technology

অ’লা সংকল্প 2025: অ’লাই প্ৰকাশ কৰিলে Diamondhead প্ৰ’ট’টাইপ সংস্কৰণ; জানক দাম আৰু বৈশিষ্ট্য

সংকল্প 2025 অনুষ্ঠানৰ সময়ত Diamondhead ইলেক্ট্ৰিক মটৰ চাইকেলৰ প্ৰ’ট’টাইপ সংস্কৰণ উন্মোচন কৰিছে অ’লা ইলেক্ট্ৰিকে । কেতিয়া বজাৰলৈ আহিব । জানক বিতং তথ্য ---

ola-sankalp-2025-event-ola-unveils-diamondhead-prototype-to-be-launched-in-2027
অ’লাই প্ৰকাশ কৰিলে Diamondhead প্ৰ’ট’টাইপ সংস্কৰণ (X/Ola Electric)
author img

By ETV Bharat Tech Team

Published : August 18, 2025 at 1:57 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: সংকল্প 2025 অনুষ্ঠানত অ’লাই প্ৰকাশ কৰিছে অ’লা ইলেক্ট্ৰিকে নিজৰ আপডেট কৰা Diamondhead ইলেক্ট্ৰিক মটৰ চাইকেলৰ বিষয়ে । এইখন হ’ব অ’লাৰ এতিয়ালৈকে নিৰ্মাণ হোৱা আটাইতকৈ উন্নত বাইক আৰু ইয়াক ইলেক্ট্ৰিক স্প’ৰ্টছ ট্যুৰাৰ হিচাপে ডিজাইন কৰা হৈছে । এতিয়াৰ বাবে ই কেৱল এটা প্ৰ’ট’টাইপ, কিন্তু শীৰ্ষ কাৰ্যবাহী বিষয়া ভবিষ আগৰৱালে কয় যে ইয়াক 2027 চনত ভাৰতত 5 লাখ টকা মূল্য (এক্স-শ্ব’ৰুম)ত মুকলি কৰা হ’ব ।

ডিজাইন, বৈশিষ্ট্য

Diamondhead ৰ ডিজাইন আকৰ্ষণীয় হোৱাৰ লগতে এডভাঞ্সড । ইয়াৰ সৈতে হীৰা আকৃতিৰ সন্মুখ, এটা শ্লীম অনুভূমিক এল ই ডি লাইট ষ্ট্ৰিপ, এটা অনন্য হেডলেম্প আৰু পিছফালৰ অংশ তীক্ষ্ণ । কোম্পানীয়ে প্ৰদৰ্শন কৰা বাইকখনৰ বডি পেনেল মসৃণ আৰু পৰিষ্কাৰ ৷ ইয়াৰ আধুনিক ৰূপে ইয়াক অন্যান্য ইলেক্ট্ৰিক বাইকৰ পৰা পৃথক কৰি তুলিছে ।

Diamondhead ক শক্তি প্ৰদান কৰা হৈছে অ’লাৰ ভাৰত চেল 4680 বেটাৰী । বাইকখন উৎপাদন আৰম্ভ হোৱাৰ সময়লৈকে অ’লাই ইয়াক অধিক শক্তি, দীৰ্ঘ দূৰত্ব আৰু উন্নত প্ৰদৰ্শনৰ বাবে উন্নীত কৰিব । বজাৰত আহিলে ই আন প্ৰিমিয়াম ইলেক্ট্ৰিক বাইক যেনে আল্ট্ৰাভায়োলেট F77 ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

ইয়াৰ উপৰিও Ola’s MoveOS 6 প্লেটফৰ্মৰ বাবেই এই বাইকখন স্মাৰ্ট ফিচাৰেৰে ভৰপূৰ হ’ব । ৰাইডাৰসকলে এডাপ্টিভ ক্ৰুজ কণ্ট্ৰল, এডিএএছ, ব্লাইণ্ড স্পট এলাৰ্ট আৰু অন্যান্য সুৰক্ষা আৰু সুবিধাজনক বৈশিষ্ট্যই ৰাইডিঙক অধিক আৰামদায়ক আৰু সংযুক্ত কৰি তুলিব বুলি আশা কৰিব পাৰে ।

আগৰৱালে কয় যে অ’লাই নিজৰ সময় লৈছে গতিকে 2027 চনৰ ভিতৰত Diamondhead অধিক নিখুঁত হৈ উঠিব । এই নতুন বাইকে ভাৰতত উচ্চ কাৰ্যক্ষম ইলেক্ট্ৰিক মটৰ চাইকেলৰ ভৱিষ্যতৰ বাবে অ’লাৰ দৃষ্টিভংগীৰ স্পষ্ট ইংগিত দিয়ে ।

2 ছেকেণ্ডত ছুপাৰ স্পীড

অ’লা ইলেক্ট্ৰিকে কয় যে কোম্পানীটোৱে Diamondhead নিৰ্মাণত স্পেচ গ্ৰেড এলুমিনিয়াম, কাৰ্বন ফাইবাৰ আৰু মেগনেছিয়ামৰ দৰে লঘু সামগ্ৰী ব্যৱহাৰ কৰে । গতিকে গধুৰ ডিজাইন থকাৰ পিছতো বাইকখনৰ ওজন লঘু ৰাখিব পাৰি আৰু পাৰফৰমেন্স ভাল হ’ব । কোম্পানীটোৱে দাবী কৰিছে যে এই মটৰ চাইকেলে মাত্ৰ 2 ছেকেণ্ডতে ঘণ্টাত 0 ৰ পৰা 100 কিলোমিটাৰ গতিবেগ বৃদ্ধি কৰিব পাৰে ।

মটৰ চাইকেলত কিছুদিনৰ পৰা এক্টিভ এৰ’ডাইনেমিক্স আৰু এডাপ্টিভ ছাচপেনচনৰ দৰে বৈশিষ্ট্য আছে যদিও ডাইমণ্ডহেডত এক্টিভ এৰগ’নমিক্স আছে । এই বৈশিষ্ট্যৰ লক্ষ্য হৈছে ৰাইডাৰক বাইকৰ কাৰ্যসমূহৰ ওপৰত উন্নত নিয়ন্ত্ৰণ বজাই ৰখাত সহায় কৰা, ৰাইডিং কৰাৰ সময়ত হেণ্ডেলবাৰ বা ফুটপেগসমূহ সামঞ্জস্য কৰি । অৰ্থাৎ এই বৈশিষ্ট্যই ৰাইডিং পজিচন অনুসৰি হেণ্ডেলবাৰ আৰু ফুটপেগ ঘূৰাই দিয়ে ।

লগতে পঢ়ক