ETV Bharat / technology

ইলেক্ট্ৰিক স্কুটাৰ সন্দৰ্ভত ওলা ইলেক্ট্ৰিকৰ গুৰুত্বপূৰ্ণ ঘোষণা

ওলা ইলেক্ট্ৰিক কোম্পানীয়ে ইলেক্ট্ৰিক স্কুটাৰ মুকলি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । দুচকীয়া আৰু তিনিচকীয়া ছেগমেণ্টত অধিক সংখ্যক বাহন মুকলি কৰাৰ সিদ্ধান্ত লৈছে ।

Good news for Ola lovers; 20 new types of scooters from Ola Electric
ইলেক্ট্ৰিক স্কুটাৰ সন্দৰ্ভত ওলা ইলেক্ট্ৰিকৰ গুৰুত্বপূৰ্ণ ঘোষণা (Ola Electric)
author img

By ETV Bharat Tech Team

Published : November 11, 2024 at 4:36 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতৰ সৰ্ববৃহৎ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী অলা ইলেক্ট্ৰিকে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে । ইলেক্ট্ৰিক স্কুটাৰৰ সৈতে জড়িত সেৱাক লৈ গ্ৰাহকৰ তীব্ৰ সমালোচনাৰ মাজতে অহা দুবছৰত দুচকীয়া আৰু তিনিচকীয়া শাখাত বৃহৎ সংখ্যক নতুন ইলেক্ট্ৰিক বাহন মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে কোম্পানীটোৱে ।

উল্লেখ কৰা প্ৰয়োজন যে বেটাৰীৰ সমস্যা আৰু এই কোম্পানীটোৰ স্কুটাৰ হঠাৎ বন্ধ হোৱাৰ দৰে সমস্যাৰ বাবে ওলা শ্ব’ৰুমৰ সন্মুখত শাৰী পাতি থকা বহু গ্ৰাহকৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । ইয়াৰ পাচতে কোম্পানীটোৱে এফালে নতুন সেৱা কেন্দ্ৰৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে অধিক নতুন সামগ্ৰী অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

কোম্পানীটোৱে অহা দুবছৰত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰখনত 20 টা নতুন সামগ্ৰী মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে । এতিয়াৰে পৰা প্ৰতি ত্ৰিমাসিকত এখন নতুন বৈদ্যুতিক বাহন মুকলি কৰাৰ কথা ঘোষণা কৰিছে ।

শেহতীয়াকৈ ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাই কোম্পানীটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন তুলিছিল । ইয়াৰ ফলত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কোম্পানীটোৰ চিইঅ’ ভৱেশ আগৰৱাল আৰু কুনাল কামৰাৰ মাজত বাকযুদ্ধৰ সৃষ্টি হৈছিল । ইয়াৰ বাবেই ওলা ইলেক্ট্ৰিকৰ শ্বেয়াৰো হ্ৰাস পায় । এই বিবাদৰ পিছত কোম্পানীটোৱে লোকচান ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰে । অ’লাই নিজৰ শ্ব’ৰুমৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে নতুন ইভি প্ৰডাক্টৰ বিষয়েও এই ঘোষণা কৰে ।

কুনাল কামৰা-ভৱেশ আগৰৱালা বিতৰ্ক

কমেডিয়ান কুনালে X ত পোষ্ট দিছিল যে ওলা ইলেক্ট্ৰিকত পৰ্যাপ্ত চাৰ্ভিচ চেণ্টাৰ নাই আৰু গ্ৰাহক ইয়াৰ পৰা বিৰক্ত । এই সন্দৰ্ভত কোম্পানীটোৰ চিইঅ’ ভৱেশ আগৰৱালে প্ৰতিক্ৰিয়া আগবঢ়াই কয়, "আপুনি আপোনাৰ কমেডী কেৰিয়াৰ শেষ হোৱাৰ পিছতহে এনে পেইড পোষ্ট কৰিছে ।" ভৱেশে পুনৰ কয় যে যদি কুনালে ওলা চাৰ্ভিচ চেণ্টাৰত কাম কৰে তেন্তে কমেডী শ্ব’তকৈও অধিক ধন লাভ কৰিব । ইয়াৰ উত্তৰত কুনাল কামৰাই কয়, "অসন্তুষ্ট গ্ৰাহকক সম্পূৰ্ণ ধন ঘূৰাই দিব পাৰিবনে ?"

লগতে পঢ়ক: জনপ্ৰিয় কমেডিয়ান কুনাল কামৰাৰ বিৰুদ্ধে গৰজি উঠিল অ’লাৰ শীৰ্ষ কাৰ্যবাহী বিষয়া

অলাৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ; গ্ৰাহকৰ ধন বেংক একাউণ্টত প্ৰদানৰ নিৰ্দেশ

CCPA ৰ নিৰ্দেশৰ পাচতে গ্ৰাহকৰ সমস্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ Ola Electric ৰ