ETV Bharat / technology

আগন্তক জুলাইত বজাৰলৈ Nothing Phone (3); নাথিঙৰ আনুষ্ঠানিক ঘোষণা

চলিত বৰ্ষতেই মুকলি কৰা হ’ব নাথিং ফোন (3) ৷ প্ৰত্যাশিত দাম, বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---

nothing-phone-3-confirmed-to-launch-in-july-everything-to-know
আগন্তক জুলাইত বজাৰলৈ Nothing Phone (3); নাথিঙৰ আনুষ্ঠানিক ঘোষণা (Nothing)
author img

By ETV Bharat Tech Team

Published : May 21, 2025 at 1:27 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অৱশেষত নাথিঙে নিশ্চিত কৰিলে নাথিং ফোন (3)ৰ বিশ্বব্যাপী মুকলিৰ সময় । X (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত কোম্পানীটোৱে ঘোষণা কৰে যে আগন্তুক স্মাৰ্টফোনটো চলিত বৰ্ষৰ জুলাই মাহত মুকলি কৰা হ’ব ৷ অৰ্থাৎ 2025 চনৰ গ্ৰীষ্মকালৰ পূৰ্বে মুকলি কৰা হ’ব বুলি স্পষ্ট হৈ পৰিছে ।

বিশ্বজুৰি আৰু ভাৰতত মুকলি কৰা হ’ব নথিং ফোন (3)। উল্লেখযোগ্য যে Phone (3) ৰ সঠিক লঞ্চ ডেট আৰু স্পেচিফিকেশন এতিয়াও প্ৰকাশ কৰা হোৱা নাই । কোম্পানীটোৱে মুকলিৰ প্ৰাকক্ষণত ক্ৰমান্বয়ে সবিশেষ প্ৰকাশ কৰাৰ সাধাৰণ কৌশল অনুসৰণ কৰাৰ সম্ভাৱনা আছে । উল্লেখ কৰা প্ৰয়োজন যে নাথিঙৰ শীৰ্ষ কাৰ্যবাহী বিষয়া কাৰ্ল পেইয়ে কিছুদিন পূৰ্বে হেণ্ডছেটৰ মুকলি সন্দৰ্ভত ইংগিত দিছিল আৰু দ্য এণ্ড্ৰইড শ্ব’ৰ সময়ত মূল্য সন্দৰ্ভতো ইংগিতো দিছিল ।

নাথিং ফোন (3): প্ৰত্যাশিত স্পেচিফিকেশন

যদিও হেণ্ডছেটটোৰ স্পেচিফিকেশনৰ সৈতে জড়িত অফিচিয়েল ডিটেইলছ এতিয়াও ৰহস্যৰ বিষয়, পেইয়ে নিশ্চিত কৰিছে যে ফোনটো হাই-এণ্ড মেটেৰিয়েল, বৰ্ধিত পাৰফৰমেন্স, আৰু চফট্ ৱেৰ উন্নতিৰ সৈতে আহিব যাৰ লক্ষ্য হৈছে এক নিৰৱচ্ছিন্ন মোবাইল অভিজ্ঞতা প্ৰদান কৰা। Phone (3) Qualcomm ৰ ফ্লেগশ্বিপ চিপছেটৰ দ্বাৰা চালিত হোৱাৰ সম্ভাৱনা আছে যদিও সঠিক প্ৰচেছৰ এতিয়াও নিশ্চিত কৰা হোৱা নাই ।

স্মাৰ্টপ্ৰিক্সৰ প্ৰতিবেদন অনুসৰি, নথিং ফোন (3)ত ট্ৰিপল কেমেৰা ছেটআপ থাকিব, য’ত থাকিব এটা বৃহৎ প্ৰাইমেৰী চেন্সৰ আৰু পেৰিস্কোপ-শৈলীৰ টেলিফ’টো লেন্স । যদি এই কথা সঁচা হয়, তেন্তে Nothing এ মোবাইল ফটোগ্ৰাফীত প্ৰতিষ্ঠিত মোবাইলবোৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নোৱাৰিব । তদুপৰি নাথিং ফোন (3) ত 5000mAh বেটাৰী পেক কৰিব পৰা যাব ।

নাথিং ফোন (3): প্ৰত্যাশিত মূল্য

আগন্তুক স্মাৰ্টফোনৰ বাবে নাথিঙে নিজৰ মূল্যৰ স্থান সলনি কৰি ইয়াক প্ৰথম সঠিক ফ্লেগশ্বিপ ডিভাইচ হিচাপে টেগ কৰিছে । নতুন ডিভাইচটোৰ মূল্যৰ সম্ভাৱ্য বাম্প হোৱাৰ সম্ভাৱনা আছে, যাৰ ইংগিত দিছে চিইঅ’ কাৰ্ল পেইয়েও এণ্ড্ৰইডৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ত । ইয়াৰ মূল্য হ’ব প্ৰায় 800 পাউণ্ড (প্ৰায় 92 হাজাৰ টকা)।

লগতে পঢ়ক