ETV Bharat / technology

সুখবৰ! এতিয়াৰে পৰা প্ৰতিখন বাইকতে গ্ৰাহকে লাভ কৰিব দুটাকৈ ISI মাৰ্কযুক্ত হেলমেট

দেশত বৃদ্ধি হৈছে পথ দুৰ্ঘটনা ৷ এইদিশলৈ লক্ষ্য ৰাখি দুচকীয়া বাহনৰ সৈতে দুটাকৈ ISI প্ৰমাণিত হেলমেট অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

nitin-gadkari-proposes-mandatory-two-isi-certified-helmets-with-every-two-wheeler
সুখবৰ! এতিয়াৰে পৰা প্ৰতিখন বাইকতে গ্ৰাহকে লাভ কৰিব ISI মাৰ্কযুক্ত হেলমেট (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : April 2, 2025 at 1:30 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শেহতীয়া এক তথ্যত পোহৰলৈ আহিছে যে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত সংঘটিতত হয় সৰ্বাধিক পথ দুৰ্ঘটনা ৷ সমগ্ৰ দেশৰ পথ সুৰক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে ভাৰতত বিক্ৰী হোৱা প্ৰতিখন দুচকীয়া বাহনৰ সৈতে দুটাকৈ ISI প্ৰমাণিত হেলমেট অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে কয় যে ভাৰতৰ পথ সুৰক্ষাৰ উদ্বেগজনক পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত ৷ কাৰণ এই দেশত প্ৰতি বছৰে প্ৰায় 4 লাখ 80 হাজাৰ দুৰ্ঘটনা আৰু 1 লাখ 88 হাজাৰ লোকৰ মৃত্যু ঘটে ।

গাডকাৰীয়ে উপস্থিত দৰ্শকক উদ্দেশি কয় যে প্ৰতি বছৰে 69 হাজাৰৰো অধিক দুৰ্ঘটনা দুচকীয়া বাহনৰ সৈতে জড়িত ।

এই প্ৰস্তাৱৰ সমৰ্থনত ভাৰতীয় দুচকীয়া হেলমেট নিৰ্মাতা সংস্থাৰ সভাপতি ৰাজীৱ কাপুৰে কয় যে এয়া কেৱল এটা নিয়ম নহয়, ই এক প্ৰয়োজনীয়তা । সমগ্ৰ দেশতে গুণগত মানৰ আই এছ আই প্ৰমাণিত হেলমেট উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ সংস্থাটোৱে উৎপাদন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

টি এইচ এম এয়ে এই প্ৰস্তাৱক আদৰণি জনাইছে, কিয়নো THMA য়ে দীৰ্ঘদিন ধৰি বাধ্যতামূলক হেলমেট ব্যৱহাৰৰ পোষকতা কৰি আহিছে । বিশেষকৈ 66% পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ বয়স 18 ৰ পৰা 45 বছৰৰ ভিতৰৰ হোৱাৰ বাবে এই ব্যৱস্থাই মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস কৰিব পাৰে বুলি সংস্থাটোৱে কয় ।

দশক দশক ধৰি ভাৰতে পথ সুৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে, দুচকীয়া বাহনে ব্যক্তিগত পৰিবহণৰ আটাইতকৈ জনপ্ৰিয় ব্যৱস্থা হিচাপে বিবেচিত হৈ আহিছে, কাৰণ এই ব্যৱস্থাটো কম ব্যয়বহুল আৰু যানজঁট থকা চহৰ অঞ্চলত সহজে পৰিচালনা কৰিব পাৰি । ৰাজ্যিক পৰ্যায়ত হেলমেট আইন কাৰ্যকৰী কৰাৰ বাবে পূৰ্বতে প্ৰচেষ্টা চলোৱাৰ পিছতো সমগ্ৰ দেশতে এই নিয়ম মানি চলাৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখা গৈছে ।

পথ সুৰক্ষাৰ বিশেষজ্ঞসকলে হেলমেট ব্যৱহাৰ - দুচকীয়া বাহনৰ দুৰ্ঘটনাৰ ফলত হোৱা মূৰৰ আঘাত আৰু মৃত্যু হ্ৰাস কৰাৰ অন্যতম ফলপ্ৰসূ কৌশল হিচাপে ধাৰাবাহিকভাৱে চিনাক্ত কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে হেলমেটৰ সঠিক ব্যৱহাৰে মৃত্যুৰ সম্ভাৱনা 40% পৰ্যন্ত আৰু গুৰুতৰভাৱে আঘাত পোৱাৰ সম্ভাৱনা প্ৰায় 70% হ্ৰাস কৰিব পাৰে ।

লগতে পঢ়ক

বৈদ্যুতিক মটৰ চাইকেল ক্ৰয়ৰ পৰিকল্পনা পুহি ৰাখিছে নেকি - তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

সাৱধান ! 1 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব পাৰে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ড্ৰাইভিং লাইচেন্সখন

বিশ্বৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় ভাৰতত: কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু