ETV Bharat / technology

কাইলৈ ভাৰতীয় বজাৰত মুকলি হ’ব প্ৰিমিয়াম বিলাসী ছেডান Toyota Camry

টয়োটা কিৰ্লস্কাৰ মটৰে ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে নিজৰ প্ৰিমিয়াম বিলাসী চেডান Toyota Camry । 11 ডিচেম্বৰত ই বজাৰত মুকলি হ’ব ।

new-generation-toyota-camry-set-to-be-launched-in-india-on-11-th-december-features
কাইলৈ ভাৰতীয় বজাৰত মুকলি হ’ব প্ৰিমিয়াম বিলাসী ছেডান Toyota Camry (Toyota Kirloskar Motor)
author img

By ETV Bharat Tech Team

Published : December 10, 2024 at 4:10 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: গাড়ী নিৰ্মাতা কোম্পানী টয়োটা কিৰ্লস্কাৰ মটৰে ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে বিশ্বৰ বজাৰত অতি জনপ্ৰিয় প্ৰিমিয়াম বিলাসী ছেডান Toyota Camry । উল্লেখ্য যে, এইখন এই ছেডানৰ নৱম প্ৰজন্ম । এই প্ৰজন্মৰ Toyota Camry বিগত বছৰৰ শেষৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে উপলব্ধ ।

নতুন Toyota Camry ৰ বাহিৰৰ অংশ

ইয়াৰ বাহিৰৰ অংশৰ কথা ক’বলৈ গ’লে নতুন Toyota Camry য়ে আকৰ্ষণীয় পৰিৱৰ্তন লাভ কৰিছে, য’ত আছে সংশোধিত সন্মুখৰ ফেচিয়া, অনুভূমিক স্লেটৰ সৈতে বহল আৰু আক্ৰমণাত্মক গ্ৰীল, চি আকৃতিৰ এল ই ডি ডি আৰ এল, মাল্টি-স্প’ক এলয় হুইলৰ নতুন ছেট, দুৱাৰৰ পেনেলত চোকা ক্ৰীজ, পুনৰ ডিজাইন কৰা এল ই ডি টেইলএম্প আৰু হেডলেম্পৰ লগতে এটা বৃহৎ পেনোৰামিক ছানৰুফ ।

নতুন Toyota Camry ৰ ভিতৰৰ অংশ

তথ্য অনুসৰি নতুন Toyota Camry কোম্পানীটোৰ টিএনজিএ-কে প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে । ইয়াৰ ইণ্টেৰিয়ৰৰ কথা ক’বলৈ গ’লে ইয়াত ডুৱেল-টোন থিম, থ্ৰী-স্প’ক মাল্টিফাংচন ষ্টিয়াৰিং হুইল, 10 ইঞ্চি হেড-আপ ডিছপ্লে, টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেমৰ বাবে 12.3 ইঞ্চি স্ক্ৰীণ আৰু সম্পূৰ্ণ ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনছ’ল, 360 ডিগ্ৰী কেমেৰা, মাল্টি- জ'ন জলবায়ু নিয়ন্ত্ৰণ আৰু এডিএএছ ছুইট ।

নতুন Toyota Camry ৰ পাৱাৰট্ৰেইন

আগন্তুক পৰৱৰ্তী প্ৰজন্মৰ টয়োটা কেম্ৰীত 2.5 লিটাৰৰ পেট্ৰ’ল ইঞ্জিনৰ সৈতে হাইব্ৰিড মটৰ চেটআপ দিয়া হ’ব। ইলেক্ট্ৰিক মটৰৰ সৈতে এই ইঞ্জিন ছেটআপ দুটা পাৱাৰ-ষ্টেটত টিউন কৰা হ’ব । ইয়াৰে প্ৰথমখন হ’ব FWD, যিয়ে 222bhp শক্তি প্ৰদান কৰিব, আনহাতে দ্বিতীয়খন হ’ব AWD, যিয়ে 229bhp শক্তি প্ৰদান কৰিব । এইবোৰ ই-চিভিটি ট্ৰেন্সমিছনৰ সৈতে সংযুক্ত হ’ব ।

লগতে পঢ়ক: 6.79 লাখ টকাত বজাৰত মুকলি Maruti Dzire compact sedan

মুকলিৰ পূৰ্বেই জানক Maruti Suzuki Dzire compact sedan মাইলেজ