ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস 2025: লক্ষ্য, ইতিহাস আৰু তাৎপৰ্য জানো আহক
আজি সমগ্ৰ ভাৰত জুৰি পালন কৰা হ’ব ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ৷ দেশখনৰ বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰত এই দিনটোৰ গুৰুত্ব, তাৎপৰ্য, জানো আহক ---

Published : May 11, 2025 at 8:31 AM IST
হায়দৰাবাদ: আজি 11 মে’ - ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ৷ দেশখনৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক সন্মান জনোৱাৰ অৰ্থে তথা নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্য প্ৰতি বছৰে আমাৰ দেশত এই দিনটো পালন কৰা হয় ৷ আমাৰ দেশখনৰ বৈজ্ঞানিক আৰু প্ৰতিৰক্ষা ক্ষেত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুতৰ ভূমিকা গ্ৰহণ কৰা বিজ্ঞানী, অভিযন্তা, গৱেষক আৰু প্ৰযুক্তিবিদসকলক এই দিনটোৰ জৰিয়তে স্মৰণ কৰা হয় ৷
ভাৰতীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ ইতিহাসৰ সৈতে জড়িত এটা বিশেষ সময়ৰ স্বীকৃতি স্বৰূপে আজিৰ দিনটো পালন কৰা হয় ৷ 1998 চনৰ আজিৰ দিনটোতেই সফলতাৰে পৰীক্ষণ সম্পন্ন হৈছিল পোখৰান নিউক্লিয়াৰৰ, যাক ‘অপাৰেশ্যন শক্তি’ নামেৰেও জনা যায় ৷ এয়াই আছিল নিউক্লিয়াৰ শক্তিৰ ক্ষেত্ৰত ভাৰতৰ বিকাশৰ যাত্ৰা ৷
থোৰতে আপাৰেশ্যন শক্তি
- সময়: 11 আৰু 13 মে’, 1998
- স্থান:পোখৰান টেষ্ট ৰেঞ্জ, ৰাজস্থান, ভাৰত
- পৰিচালনা: ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO)
- নেতৃত্ব: সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চলা এই পৰীক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বিজ্ঞানী ড৹ এ পি জে আব্দুল কালাম আৰু ড৹ আৰ চিদাম্বৰমে ৷
- পৰীক্ষাৰ সংখ্যা: 5 (বিভাজন আৰু তাপ নিউক্লিয়াৰ যন্ত্ৰ দুয়োটাতে)
- লক্ষ্য: ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ ক্ষমতাক বৈধতা প্ৰদান কৰা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিগত উন্নতি প্ৰদৰ্শন কৰা
উল্লেখ কৰা প্ৰয়োজন যে এই সম্পূৰ্ণ পৰীক্ষা গোপনীয়তাৰে সম্পন্ন কৰা হৈছিল আৰু এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পাচত সমগ্ৰ বিশ্ব সম্প্ৰদায় হতবাক হৈ পৰিছিল ৷
দিনটোৰ ঐতিহাসিক তাৎপৰ্য
1998 চনৰ 11 মে’ৰ দিনা দেশখনৰ বৈজ্ঞানিক ক্েত্ৰত হোৱা ঐতিহাসিক পৰিৱৰ্তনৰ স্বীকৃতি হিচাপে এই দিনটো পালন কৰা হৈছে ৷ এই দিনটোৰ সৈতে সংযুক্ত হৈ আছে -
- পোখৰানৰ সফল নিউক্লীয়াৰ পৰীক্ষণ
- নিজাববীয়া এয়াৰ ক্ৰাফট, হানছা-3 মেডান বিমান
- কম দূৰত্বৰপৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ - ত্ৰিশূল
26 বৰ্ষত বিশ্ব প্ৰযুক্তি দিৱস; থীম
তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত সফলতাৰে সম্পন্ন হৈছিল এই নিউক্লীয়াৰ পৰীক্ষণ আৰু এই সফলতাক উদযাপন কৰিবলৈকে পৰৱৰ্তী সময়ত বাজপেয়ীয়ে এই দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে ঘোষণা কৰে ৷ 1999 চনত 11 মে’ৰ দিনটো বিশ্ব প্ৰযুক্তি দিৱস হিচাপে ঘোষণা কৰা হয় ৷ তেতিয়াৰ পৰাই প্ৰযুক্তি বিকাশ ব’ৰ্ড (TDB)- কেন্দ্ৰটোৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ভিতৰুৱা এটা বিধিগত সংস্থাই এই দিনটো পালন কৰি আহিছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে ৷ দিনটোৰ সৈতে সংগতি ৰাখি ছেমিনাৰ, প্ৰদৰ্শনী, বিজ্ঞানভিত্তিক বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় বিভিন্ন শৈক্ষিক তথা অন্যান্য প্ৰতিষ্ঠানত ৷
প্ৰতি বছৰে এটা বিশেষ উদ্দেশ্য আগত ৰাখি পালন কৰা হয় এই দিনটো ৷ যাৰ অৰ্থ হ’ল উদ্ভাৱনৰ জৰিয়তে এটা বহনক্ষম ভৱিষ্যৎ শক্তিশালী কৰা ৷
প্ৰতি বছৰে ব’ৰ্ডে এই দিনটোৰ সৈতে সংগতি ৰাখি বিজ্ঞান ক্ষেত্ৰখনলৈ অৱদান যোগোৱা ব্যক্তিসকলক স্বীকৃতি স্বৰূপে বঁটা-বাহন প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৷
বঁটাসমূহ
- বিজ্ঞান ৰত্ন (VR): বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা সৰ্বাধিক তিনিগৰাকী ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হয় ৷ জীৱনযোৰা সাধনা আৰু অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷
- বিজ্ঞান শ্ৰী (VS): বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় সৰ্বাধিক 25 গৰাকী ব্যক্তিলৈ ৷
- যুৱ বিজ্ঞান: শান্তি স্বৰূপ ভাটনগৰ (VY-SSB) বঁটা সৰ্বাধিক 25 গৰাকী যুৱ বিজ্ঞানীলৈ আগবঢ়োৱা হয় ৷ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ স্বীকৃতি আৰু উৎসাহ বৃদ্ধি কৰিবৰ বাবে এই বঁটা আগবঢ়োৱা হয় ৷
- বিজ্ঞান দল (VT) বঁটা: বিজ্ঞান আৰু প্ৰযুক্তিৰ নিৰ্দিষ্ট ক্ষেত্ৰত এটা দলত কাম কৰি ব্যতিক্ৰমী অৱদান আগবঢ়োৱা তিনিজন বা তাতকৈ অধিক বিজ্ঞানী/গৱেষক/উদ্ভাৱকৰে গঠিত দল এটাক সৰ্বাধিক তিনিটা বঁটা প্ৰদান কৰা হয় ৷
বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰত ভাৰতৰ শেহতীয়া সফলতা
- ডিজিটেল আন্তঃগাঁথনিৰ বিকাশ, UPI পেমেণ্টছ, ই-গভাৰেঞ্স
- মিছাইল, এয়াৰক্ৰাফট আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজাববীয়া বিকাশ
- ইছৰোৰ গগনযান, মংগলযান আৰু চন্দ্ৰযানৰ দৰে মহাকাশ অভিযান
- ভেকচিন আৰু জৈৱ-প্ৰযুক্তি ব্যৱস্থাৰ নিজাববীয়া বিকাশ
- নবীকৰণযোগ্য শক্তি, বৈদ্যুতিক গতিশীলতা ক্ষেত্ৰত বিকাশ
- বহনক্ষম কৃষি ব্যৱস্থা ক্ষেত্ৰত বিকাশ
লগতে পঢ়ক

