ETV Bharat / technology

70 সংখ্যক জন্মদিনত পৃথিৱীলৈ উভতি আহিল নাছাৰ জ্যেষ্ঠ মহাকাশচাৰী - DON PETTIT RETURNED TO EARTH

দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা 6.20 বজাত কাজাখস্তানৰ এক জনশূণ্য এলেকাত অৱতৰণ কৰে ছ’য়ুজ কেপচুলে ।

nasa-astronaut-don-pettit-crewmates-complete-space-station-expedition
70 সংখ্যক জন্মদিনত পৃথিৱীলৈ উভতি আহিল নাছাৰ জ্যেষ্ঠ মহাকাশচাৰী (NASA)
author img

By ETV Bharat Tech Team

Published : April 21, 2025 at 11:32 AM IST

4 Min Read

হায়দৰাবাদ: সচৰাচৰ দেখাতকৈ ব্যতিক্ৰম এই জন্মদিন উদযাপন ৷ কাৰণ কেক, উপহাৰৰে উদযাপন নহয় নিজৰ 70 সংখ্যক জন্মদিনত পৃথিৱীলৈ উভতি আহিল নাছাৰ আটাইতকৈ জ্যেষ্ঠ মহাকাশচাৰী ডন পেটিট ৷ এই বিশেষ যাত্ৰাত তেওঁৰ সৈতে আছিল আন দুজন ৰুছ মহাকাশচাৰী ৷ নাছাত সবাতোকৈ অধিক দিন সেৱা আগবঢ়োৱা মহাকাশচাৰী ডন পেটিটে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত সাত মাহৰ অভিযান সমাপ্ত কৰি মহাকাশযানত উঠি পৃথিৱী অভিমুখে অহাৰ সময়তে ভৰি দিলে জীৱনৰ সত্তৰটো বৰ্ষত ।

বয়স্ক মহাকাশচাৰী পেটিটৰ জন্মদিনৰ দিনাই দেওবাৰে কাজাখাস্তানত অৱতৰণ কৰে আমেৰিকান আৰু দুজন ৰাছিয়ান মহাকাশচাৰীক লৈ যোৱা ছ’য়ুজ কেপচুলটোৱে । ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোছমছে কয়, "আজি মস্কোৰ সময় অনুসৰি 0420 বজাত (0120 জিএমটি) আলেক্সেই অভচিনিন, ইভান ভেগনাৰ আৰু ড’নাল্ড (ডন) পেটিটৰ সৈতে ছ’য়ুজ এমএছ-26 লেণ্ডিং ক্ৰাফ্ট কাজাখাস্তানৰ ঝেজকাজগান চহৰৰ সমীপত অৱতৰণ কৰে ।

মহাকাশত 220 দিন

মহাকাশত 220 দিন কটায় পেটিট, অভচিনিন আৰু ভেগনাৰে পৃথিৱীখনক 3520 বাৰ প্ৰদক্ষিণ কৰি নিজৰ অভিযানৰ সময়ছোৱাত 93.3 মিলিয়ন মাইল যাত্ৰা সম্পূৰ্ণ কৰে । 29 বছৰীয়া কেৰিয়াৰত কক্ষপথত 18 মাহতকৈ অধিক সময় ল’গ কৰা পেটিটৰ বাবে এইটো আছিল চতুৰ্থটো মহাকাশ বিমান । পুৱা 6.20 বজাত (0120 জিএমটি) কাজাখাস্তানৰ ঝেজকাজগানৰ দক্ষিণ-পূবৰ এটা দুৰ্গম অঞ্চলত আনডকিং কৰাৰ পিছত তিনি ঘণ্টাতকৈ অধিক সময় পাচত তেওঁলোক মহাকাশ কেন্দ্ৰৰ পৰা তললৈ নামি আহে ।

লেণ্ডিঙৰ সময় নাছাৰ ছবিত দেখা গৈছিল যে সৰু কেপচুলটোৱে সূৰ্যোদয়ৰ সময়ত পৃথিৱীলৈ পেৰাচুটেৰে নামি আহিছিল । মহাকাশচাৰীসকলে মহাকাশযানৰ পৰা ইনফ্লেটেবল মেডিকেল টেণ্টলৈ লৈ যোৱাৰ সময়ত মহাকাশচাৰীসকলে বুঢ়া আঙুলি অৰ্থাৎ সকলো ঠিকে আছে বুলি ইংগিত দিছিল ।

নাছাৰ প্ৰবীণ মহাকাশচাৰী ডন পেটিটে আই এছ এছৰ পৰা যাত্ৰা কৰাৰ পূৰ্বে নিজৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “মা বসুন্ধৰা, মই ঘৰলৈ আহি আছো।”

2024 চনৰ 11 ছেপ্টেম্বৰত ডন পেটিটক মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল । তেওঁ 71 আৰু 72 অভিযানৰ সময়ত বিমান অভিযন্তা হিচাপে কাম কৰিছিল । এই অভিযানৰ সময়ত নাছাৰ মহাকাশচাৰীগৰাকীয়ে মহাকাশত ধাতুৰ থ্ৰীডি প্ৰিন্টিং, পানী ছেনিটাইজেচন প্ৰযুক্তি, বিভিন্ন পানীৰ পৰিস্থিতিত উদ্ভিদৰ বৃদ্ধি আৰু মাইক্ৰ’গ্ৰেভিটিত জুইৰ আচৰণৰ মূল পৰীক্ষাসমূহ চলাইছিল ।

অৱতৰণ স্থানত উপস্থিত নাছাৰ বিষয়াসকলে পেটিটৰ অৱস্থা সুষ্ঠ আৰু নিয়মীয়া চিকিৎসা পৰীক্ষাৰ অধীনত থকা বুলি জনায় ।

ৰস্কোচমছ ছ’য়ুজ এম এছ-26 মহাকাশযানখনে প্ৰবীণ মহাকাশচাৰীগৰাকীৰ চতুৰ্থ মহাকাশ অভিযান হিচাপে চিহ্নিত কৰি কক্ষপথত কটোৱা মুঠ সময় 590 দিনলৈ বৃদ্ধি কৰে । ইয়াৰ ফলত তেওঁ নাছাৰ অন্যতম অভিজ্ঞ মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে । উল্লেখযোগ্য যে তেওঁৰ ক্ৰু মেম্বাৰ অভচিনিন আৰু ভেগনাৰে মহাকাশত ক্ৰমে 595 আৰু 416 দিনৰ অভিজ্ঞতা লাভ কৰিছে ।

ডন পেটিটৰ বিষয়ে চমুকৈ

ডন পেটিট আমেৰিকাৰ অৰেগনৰ ছিলভাৰটনৰ বাসিন্দা । ৰাসায়নিক অভিযান্ত্ৰিক বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা পেটিটে নিউ মেক্সিকোৰ লছ আলামোছ নেশ্যনেল লেব’ৰেটৰীত কৰ্মচাৰী বিজ্ঞানী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । 1996 চনত নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হোৱা পেটিটে 2003 চনত অভিযান 6 ৰ সময়ত নাছাৰ বিজ্ঞান বিষয়া হিচাপে প্ৰথম মহাকাশ অভিযান কৰিছিল । 2008 চনত এই প্ৰবীণ মহাকাশচাৰীগৰাকীয়ে এছটিএছ-126 অভিযানৰ অংশ আছিল, যিয়ে ৰবটিক আৰ্ম চলাইছিল আৰু প্ৰথমখন বাণিজ্যিক মালবাহী মহাকাশযান স্পেচএক্স ড্ৰেগন ডি1ৰ ছবি তুলিছিল । 2012 চনত তেওঁ 30 আৰু 31 অভিযানত উৰণ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আই এছ এছ) এবছৰতকৈ অধিক সময় আছিল ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.