ETV Bharat / technology

50 এমপি কেমেৰাৰ লগতে বহু আকৰ্ষণীয় বৈশিষ্ট্যৰে ভাৰতত মুকলি হ’ল মটৰ’লা এজ 60 ফিউজন - MOTOROLA EDGE 60 FUSION LAUNCHED

আজি ভাৰতত মুকলি হ’ল মটৰ’লা এজ 60 ফিউজন । এই স্মাৰ্টফোনটোত 50এমপি কেমেৰাকে ধৰি বহু আকৰ্ষণীয় বৈশিষ্ট্য আছে ।

motorola-edge-60-fusion-launched-in-india-know-price-specs-and-details
50 এমপি কেমেৰাৰ লগতে বহু আকৰ্ষণীয় বৈশিষ্ট্যৰে ভাৰতত মুকলি হ’ল মটৰ’লা এজ 60 ফিউজন (Motorola)
author img

By ETV Bharat Tech Team

Published : April 2, 2025 at 12:09 PM IST

Updated : April 2, 2025 at 12:18 PM IST

3 Min Read

হায়দৰাবাদ: চীনৰ স্মাৰ্টফোন কোম্পানী মটৰ’লাই আজি ভাৰতত মুকলি কৰিলে এটা নতুন স্মাৰ্টফোন । এই ফোনটোৰ নাম হৈছে Motorola Edge 60 Fusion আৰু ইয়াক ভাৰতত 2 এপ্ৰিলৰ দুপৰীয়া 12 বজাত মুকলি কৰা হয় । উল্লেখযোগ্য কথাটো হ’ল এই ফোনটো ফ্লিপকাৰ্টত উপলব্ধ । মুকলিৰ পূৰ্বেই কোম্পানীয়ে এই ফোনটোৰ বিশেষ বৈশিষ্ট্য আৰু স্পেচিফিকেশন প্ৰকাশ কৰিছে ।

মটৰ’লা এজ 60 ফিউজন প্ৰচেছৰ

মটৰ’লাৰ এই ফোনটো 2025 চনৰ Edge ছিৰিজৰ প্ৰথমটো স্মাৰ্টফোন । ইয়াত থাকিব মিডিয়াটেক ডাইমেনচিটি 7400 প্ৰচেছৰ আৰু 12 জিবি পৰ্যন্ত ৰেম । ইয়াৰ লগতে আপুনি 256 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ পাব, যিটো মাইক্ৰ’এছডি কাৰ্ডৰ সহায়ত 1 টিবিলৈকে সম্প্ৰসাৰিত কৰিব পাৰি । এই ফোনটোৱে এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি Hello UI ত কাম কৰিব ।

মটৰ'লা এজ 60 ফিউজন বৈশিষ্ট্য

ফোনটোত থাকিব কেইবাটাও Artificial Intelligence (AI) ভিত্তিক বৈশিষ্ট্য যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰিব । ইয়াৰ ভিতৰত থাকিব অধিসূচনাৰ সাৰাংশ আৰু টেক্সট ট্ৰান্সক্ৰিপচনৰ বাবে ‘কেচ মি আপ’ৰ দৰে বৈশিষ্ট্য । ইয়াৰ উপৰিও গুগল ফটোত গুগলৰ ‘Circle to Search’ আৰু ‘AI Magic Eraser’ৰ দৰে বৈশিষ্ট্যও উপলব্ধ হ’ব ।

মটৰ'লা এজ 60 ফিউজন ডিছপ্লে

মটৰ’লা এজ 60 ফিউজনত 6.7 ইঞ্চিৰ কাৰ্ভড ডিছপ্লেৰ সৈতে Pantone ভেলিডেচন, 1.5K ৰিজ’লিউচন আৰু গৰিলা গ্লাছ 7i সুৰক্ষা থাকিব । ইয়াৰ শীৰ্ষ উজ্জ্বলতা 4500 নিট পৰ্যন্ত হ’ব । কেমেৰাৰ কথা ক’বলৈ গ’লে ইয়াত থাকিব 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা (ছ’নি এল ৱাই টি 700চি) আৰু 13 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড লেন্স, যিটো মেক্ৰ’ শ্বটৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব । ছেলফিৰ বাবে ইয়াত 32 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পোৱা যাব, যিয়ে 4কে ভিডিঅ’ ৰেকৰ্ডিং সমৰ্থন কৰে ।

মটৰ’লা এজ 60 ফিউজনৰ মূল্য

8GB + 256GB ৰ মূল্য 22,999 টকা ৷ আনহাতে, 12 GB + 256GB ৰ মূল্য 24,999 টকা ৷ বেংক অফাৰৰ সৈতে আৰম্ভণি মূল্য 20,999 টকা ৷ ইয়াৰ লগতে এক্সিছ বেংক আৰু IDFC ফাৰ্ষ্ট বেংক আৰু ফ্লিপকাৰ্ট এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্ৰমে 2000, 2000 আৰু 3050 টকাৰ অফাৰ লাভ কৰিব ক্ৰেতাই ৷

মটৰ’লা এজ 60 ফিউজন বেটাৰী

এই ফোনত থাকিব 5500mAh বেটাৰী, যিয়ে 68W ফাষ্ট চাৰ্জিং সমৰ্থিত । উল্লেখযোগ্য যে, এই ফোনটো IP68/69 ৰেটিংৰ সৈতে আহিব, যাৰ ফলত ইয়াক ধূলি আৰু পানী প্ৰতিৰোধী কৰি তুলিব ।

লগতে পঢ়ক

Last Updated : April 2, 2025 at 12:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.