ETV Bharat / technology

কঠোৰ কেন্দ্ৰীয় চৰকাৰ; বন্ধ কৰিলে 350 কৈও অধিক অনলাইন গেমিং প্লেটফৰ্ম

বিত্ত মন্ত্ৰণালয়ে চেলিব্ৰিটি, ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েঞ্চাৰ আৰু ব্যৱহাৰকাৰীসকলক অনিয়ন্ত্ৰিত অনলাইন গেমিং প্লেটফৰ্মৰ সৈতে জড়িত হোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

more-than-35o-offshore-gaming-platforms-blocked-126-crore-rs-frozen-finance-ministry
কঠোৰ কেন্দ্ৰীয় চৰকাৰ; বন্ধ কৰিলে 350 কৈও অধিক অনলাইন গেমিং প্লেটফৰ্ম (ETV Bharat via copilot)
author img

By ETV Bharat Tech Team

Published : March 24, 2025 at 10:46 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শনিবাৰ অৰ্থাৎ 22 মাৰ্চৰে পৰা দেশত আৰম্ভ হৈছে আই পি এল চিজন ৷ অষ্টাদশসংখ্যক আই পি এল আৰম্ভ হোৱাৰ পূর্বে কেন্দ্রীয় চৰকাৰে 300 ৰো অধিক অবৈধ বিদেশী অনলাইন মানি গেমিং প্লেটফৰ্ম ব্লক কৰিছে বুলি শনিবাৰে চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে । এই পৰ্যন্ত চৰকাৰে 357 টা অবৈধ ৱেবছাইট আৰু ইউ আৰ এল ব্লক কৰিছে ।

এই ৱেবছাইটসমূহ বহিঃৰাজ্যৰ পৰা চলোৱা অনলাইন গেমিং এপ্লিকেচনৰ সৈতে লিংক কৰা হৈছে । চৰকাৰে এনেধৰণৰ প্ৰায় 700 টা ৱেবছাইটৰ ওপৰত নিৰীক্ষণ কৰি আছে । কেৱল সেয়াই নহয়, চৰকাৰে কোটি কোটি টকা জব্দ কৰিছে ।

সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে এই বিদেশী অনলাইন গেমিং কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিছুমান ভাৰতীয় কোম্পানীৰ লগতে কিছুমান বিদেশী কোম্পানীও এই অনলাইন গেমিং ব্যৱসায়ৰ লগত জড়িত । এই কোম্পানীসমূহ জি এছ টিৰ অধীনত পঞ্জীয়ন কৰা হোৱা নাই বুলি পৰ্যবেক্ষণ কৰা হৈছে বুলি বিত্ত মন্ত্ৰণালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে ।

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ ডি জি জি আইৰ সহযোগত 2000 চনৰ আই টি আইনৰ 69 নং ধাৰাত 357 টা ৱেবছাইট আৰু ইউ আৰ এল ব্লক কৰা হৈছে বুলি বিত্ত মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ।

কোটি কোটি টকা জব্দ

প্ৰায় 700 বিদেশী কোম্পানী অনলাইন গেমিং, বেটিং আৰু জুৱা ব্যৱসায়ৰ সৈতে জড়িত । এই সকলোবোৰৰ ওপৰত ডিজিজিআইয়ে নজৰ ৰাখিছে । জি এছ টি আইন অনুসৰি ‘অনলাইন মানি গেমিং’ক ‘সামগ্ৰী’ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ওপৰত 28% কৰ আৰোপ কৰা হয় । এই ব্যৱসায়ত কাম কৰা কোম্পানীসমূহে জি এছ টিৰ অধীনত পঞ্জীয়ন কৰাটো বাধ্যতামূলক ।

শেহতীয়াকৈ ডিজিজিআইয়ে কিছুমান অবৈধ গেমিং প্লেটফৰ্মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল । এই কাৰ্যত ডি জি জি আইয়ে গেম খেলা খেলুৱৈৰ পৰা ধন লাভ কৰিবলৈ ব্যৱহাৰ কৰা বেংক একাউণ্টসমূহ ব্লক কৰিছিল । ডিজিজিআইয়ে আই4চি আৰু ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (এনপিচিআই)ৰ সহযোগত 2000 ৰো অধিক বেংক একাউণ্ট ফ্ৰীজ কৰি 4 কোটি টকা জব্দ কৰে । আন এক কাৰ্যত কিছুমান ৱেবছাইটৰ ইউপিআই আইডিৰ সৈতে লিংক কৰা 392 টা বেংক একাউণ্ট ফ্ৰীজ কৰা হয় । এই একাউণ্টত মুঠ 122.05 কোটি টকা জমা হৈছিল, যিটো চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰাখিছে ।

তিনিজনক গ্ৰেপ্তাৰ

ভাৰতৰ বাহিৰত বহি অনলাইন গেমিং প্লেটফৰ্ম চলাই থকা একাংশ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধেও ডিজিজিআইয়ে ব্যৱস্থা গ্ৰহণ কৰিছে । মন্ত্ৰণালয়ে জনোৱা মতে, এই প্লেটফৰ্মসমূহৰ সৈতে জড়িত 166 টা ভুৱা একাউণ্ট এতিয়ালৈকে ডিজিজিআইয়ে ব্লক কৰিছে । এই গোচৰৰ সৈতে জড়িত তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ।

চৰকাৰৰ সাৱধানবাণী

লক্ষ্য কৰা হৈছে যে ইউটিউব, হোৱাটছএপ আৰু ইনষ্টাগ্ৰামত অনলাইন গেমিংৰ প্ৰচাৰ চলি আছে । সেয়েহে মন্ত্ৰণালয়ে মানুহক সাৱধান হ’বলৈ আৰু বহিঃৰাজ্যৰ অনলাইন গেমিং প্লেটফৰ্মৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক