ETV Bharat / technology

ডিজিটেল ৱাৰ আৰম্ভ ! 16 টাকৈ পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰতে - CENTRE BLOCKS PAK YOUTUBE CHANNELS

অব্যাহত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা ৷ সাম্প্ৰদায়িক আৰু ভুৱা তথ্যৰ প্ৰচাৰ কৰাৰ অভিযোগত ভাৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰে 16 টাকৈ ইউটিউব চেনেলৰ বিৰুদ্ধে৷ BBC লৈও সৰ্তকতাবাণী৷

modi-govt-bans-16-pakistani-youtube-channels-amid-rising-tensions
ভাৰতৰ বিৰুদ্ধে প্ৰৰোচনা ! নিষেধাজ্ঞা জাৰি কৰা হ’ল 16 টাকৈ ইউটিউব চেনেলৰ বিৰুদ্ধে (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : April 28, 2025 at 11:16 AM IST

4 Min Read

হায়দৰাবাদ: পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত অধিক তীব্ৰতৰ হৈ পৰিছে সংঘাত । ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ পাচত এইবাৰ ডিজিটেলীও আক্ৰমণ আৰম্ভ কৰিছে, যাৰ পৰিণাম স্বৰূপে ভাৰত চৰকাৰে বন্ধ কৰি দিছে 16 টাকৈ পাকিস্তানী ইউটিউব চেনেল ৷

দেশখনৰ আগশাৰীৰ সংবাদপত্ৰ ডন নিউজৰ লগতে ছামা টিভি, এ আৰ ৱাই নিউজ, ব’ল নিউজ, জিঅ’ নিউজ আৰু জি এন এন ইউটিউবচেনেলকেইটা ভাৰতীয় সেনা আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ বিৰুদ্ধে উত্তেজক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, ভুল তথ্য আৰু বিভ্ৰান্তিকৰ আখ্যান প্ৰচাৰ কৰাৰ বাবে সোমবাৰে নিষেধাজ্ঞা আৰোপ কৰিছে বুলি ভাৰত চৰকাৰে জনায় ।

যদি কোনো লোকে এই ইউটিউব চেনেলবোৰ চাবলৈ বিচাৰে অথবা লিংক খুলিবলৈ বিচাৰে তেন্তে তেওঁলোকে এইদৰে দেখিবলৈ পাব, "ৰাষ্ট্ৰীয় নিৰাপত্তা বা ৰাজহুৱা শৃংখলাৰ সৈতে জড়িত চৰকাৰী আদেশৰ বাবে এই বিষয়বস্তু বৰ্তমান এই দেশত উপলব্ধ নহয় । এই নিৰ্দেশ সন্দৰ্ভত অধিক বিৱৰণৰ বাবে, অনুগ্ৰহ কৰি Google ৰ প্ৰতিবেদন চাওক (transparencyreport.google.com) .

modi-govt-bans-16-pakistani-youtube-channels-amid-rising-tensions
ভাৰতৰ বিৰুদ্ধে প্ৰৰোচনা ! নিষেধাজ্ঞা জাৰি কৰা হ’ল 16 টাকৈ ইউটিউব চেনেলৰ বিৰুদ্ধে (চৰকাৰী সূত্ৰ)

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে নিৰাপত্তা সংস্থাৰ তথ্যৰ ভিত্তিত দ্ৰুতগতিত কাম কৰিছিল । কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জনায় যে এনে অনলাইন প্লেটফৰ্মে পৰিস্থিতি অধিক অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিছে আৰু ইচ্ছাকৃতভাৱে ভুল তথ্য প্ৰচাৰৰ জৰিয়তে বেমেজালি সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

বিদেশী শক্তিয়ে চলোৱা অপপ্ৰচাৰ ৰোধ কৰি দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষাৰ প্ৰতি ভাৰত চৰকাৰ সদায়ে দায়ৱদ্ধ বুলি কেন্দ্ৰীয় চৰকাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ সামৰিক প্ৰস্তুতি আৰু কূটনৈতিক প্ৰচেষ্টাৰ সমান্তৰালভাৱে অনলাইন ক্ষেত্ৰখনকো লক্ষ্য কৰি লোৱাটো ভাৰতৰ সঁহাৰি কৌশলৰ এটা মূল উপাদান হৈ পৰিছে ৷ কাৰণ ইয়াৰ জৰিয়তে সহজে ঘৃণা আৰু অশান্তি বিয়পোৱা সম্ভৱ ৷ এনে কোনো অসৎ প্ৰচেষ্টা সহ্য কৰা নহ’ব বুলি ইউটিউবৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি ভাৰত চৰকাৰে এক শক্তিশালী সংকেত প্ৰেৰণ কৰিছে ।

BBC ক সকীয়নি

চৰকাৰে বিবিচিকো ভুৱা বাতৰি প্ৰচাৰ কৰা সন্দৰ্ভত সকীয়নি প্ৰদান কৰিছে ৷ এটা শিৰোনামৰ বাবে সকীয়াই দিছে, য’ত লিখা আছিল, “পৰ্যটকৰ ওপৰত কাশ্মীৰৰ মাৰাত্মক আক্ৰমণৰ পিছত পাকিস্তানে ভাৰতীয়ৰ ভিছা বন্ধ কৰি দিলে ।" কেবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই বাতৰিটো সন্দৰ্ভত আঙুলিয়াই দিছিল ৷ কাৰণ বাতৰিটোৰ জৰিয়তে “ভাৰতে পৰ্যটকক হত্যা কৰিলে” ধৰণৰ অৰ্থ প্ৰকাশ হৈছিল । বিদেশ মন্ত্ৰণালয়ৰ XP বিভাগে সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত BBC ৰ প্ৰতিবেদন সন্দৰ্ভত জেকী মাৰ্টিন (ভাৰতীয় মুৰব্বী, বিবিচি)ৰ ওচৰত ভাৰতৰ তীব্ৰ আৱেগ প্ৰকাশ কৰিছে । বিবিচিলৈ আনুষ্ঠানিক পত্ৰ লিখি মন্ত্ৰণালয়ে উল্লেখ কৰিছে যে সন্ত্ৰাসবাদীক উগ্ৰপন্থী বুলি অভিহিত কৰা হৈছে । ইয়াৰ লগতে BBC সংবাদৰ ওপৰত মন্ত্ৰণালয়ে চোকা নজৰ ৰাখিব বুলিও জনায় ৷

কি হৈছিল 22 এপ্ৰিলৰ দিনা

দক্ষিণ কাশ্মীৰ জিলাৰ পহলগামৰ বৈছাৰণ অঞ্চলত 22 এপ্ৰিলৰ দুপৰীয়া প্ৰায় 2.30 বজাত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ চলায় আৰু পৰ্যটকৰ ওপৰত গুলীচালনা কৰে । সন্ত্ৰাসবাদীৰ গুলীচালনাত 26 জন লোক নিহত হয়, ইয়াৰে বেছিভাগেই পৰ্যটক । প্ৰতিবেদন অনুসৰি এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, নিহত 26 জন লোকৰ ভিতৰত আছে দুজন বিদেশী আৰু দুজন স্থানীয় নাগৰিক ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.