ETV Bharat / technology

বৰ্খাস্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে মেটাই ভাৰতত আৰম্ভ কৰিছে নিযুক্তি প্ৰক্ৰিয়া

ভাৰতত প্ৰচাৰ-প্ৰসাৰৰ পৰিকল্পনাৰে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিছে মেটাই । বিশেষকৈ অভিযান্ত্ৰিক আৰু এআই ক্ষেত্ৰত নিযোগৰ সুবিধা আগবঢ়াইছে মেটাই ৷

meta-to-expand-in-india-with-a-new-office-in-bengaluru-hire-more-for-engineering-and-ai-roles-in-assamese
বৰ্খাস্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে মেটাই ভাৰতত আৰম্ভ কৰিছে নিযুক্তি প্ৰক্ৰিয়া (File Photo)
author img

By ETV Bharat Tech Team

Published : February 24, 2025 at 3:42 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ফেচবুকৰ মূল কোম্পানী তথা গ্ল’বেল টেক জায়ান্ট মেটাই ভাৰতত নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰাৰ লগে লগে নতুনকৈ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে । বিশেষকৈ অভিযন্তা আৰু AI ৰ পদত প্ৰডাক্ট স্পেচিয়েলিষ্ট পদৰ বাবে পৰিকল্পনা কৰিছে । আনকি মেটাই বেংগালুৰুত নতুন কাৰ্যালয় খুলিবলৈ ওলোৱাৰ সময়তো ইয়াৰ কেৰিয়াৰ ৱেবছাইটত উল্লেখ কৰিছে যে ইয়াত 41 টা পদ মুকলি কৰা হৈছে ।

মেটাৰ লক্ষ্য কি?

শেহতীয়াকৈ মেটাই আৰম্ভ কৰিছে চাকৰিৰ পৰা বৰ্খাস্ত প্ৰক্ৰিয়া ৷ যাৰ ফলত বিশ্বজুৰি কোম্পানীটোৰ 5% কৰ্মশক্তি প্ৰভাৱিত হৈছে । একে সময়তে মেটাই আন আন বৃহৎ টেক কোম্পানী মাইক্ৰ’ছফ্ট, গুগল, আমাজনৰ দৰে ভাৰতত নিজৰ অভিযান্ত্ৰিক আৰু প্ৰডাক্ট টিম শক্তিশালী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াৰ বাবে কোম্পানীটোৱে বিশেষকৈ বেংগালুৰুত এটা কাৰিকৰী দল গঢ়ি তুলিবলৈ এজন অভিযান্ত্ৰিক সঞ্চালক নিয়োগ কৰিব । ইয়াৰ উপৰিও AI আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে মেটাই হাৰ্ডৱেৰ অভিযন্তা নিয়োগ কৰিবলৈ আৰম্ভ কৰিছে । তেওঁলোকে মেটাৰ ডাটা চেণ্টাৰৰ পৰিচালনা আৰু কাষ্টম চিপ ডেভেলপমেণ্টৰ কাম কৰিব, যিটো কোম্পানীটোৰ ক্ৰমবৰ্ধমান এআই ক্ষমতাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

বেংগালুৰুত মেটাৰ নতুন কাৰ্যালয়

2010 চনত ভাৰতত প্ৰতিষ্ঠা কৰা মেটা কোম্পানীয়ে ক্ৰমান্বয়ে দেশৰ প্ৰধান চহৰ - গুৰুগ্ৰাম, নতুন দিল্লী, হায়দৰাবাদ, মুম্বাই আৰু বেংগালুৰুত কাৰ্যালয় মুকলি কৰিছে । কিন্তু এই সকলোবোৰ কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে মূলতঃ বিক্ৰী, বিপণন, পৰিচালনা, নীতি আদি ক্ষেত্ৰত কাম কৰে । কিন্তু বেংগালুৰুৰ নতুন কাৰ্যালয়ত কোম্পানীটোৱে অভিযান্ত্ৰিক আৰু এআইৰ কাম সম্প্ৰসাৰণৰ বাবে কৰ্মচাৰী নিয়োগ কৰিব । ইয়াৰ বাবে কোম্পানীটোৱে 41 টা নতুন পদ সৃষ্টি কৰিছে ।

ভাৰত নতুন অভিযান্ত্ৰিক কেন্দ্ৰ হৈ পৰিব

মেটাই বিশ্বজুৰি 1700 ৰো অধিক নতুন পোষ্টিং ঘোষণা কৰাৰ বিপৰীতে বেংগালুৰুৰ বাবে 41 টা নতুন পদ মুকলি কৰাৰ পৰা দেখা গৈছে যে কোম্পানীটোৱে ভাৰতত অভিযান্ত্ৰিক ক্ষেত্ৰক গুৰুত্ব দিয়াৰ লগতে অগ্ৰগতি লাভ কৰিছে । মেটাই এতিয়ালৈকে ভাৰতক অভিযান্ত্ৰিক হাব হিচাপে ব্যৱহাৰ কৰা নাই, কিন্তু ভাৰতৰ টেক প্ৰতিভাক কেনেদৰে আঁকোৱালি লয় সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক