আজি চাকৰি হেৰুৱাব সমগ্ৰ বিশ্বৰ কেবাহাজাৰ কৰ্মচাৰীয়ে !
আজিৰে পৰা কৰ্মসংস্থাপনহীন হৈ পৰিব বিশ্বৰ কেবাহাজাৰ কৰ্মচাৰী ৷ AI ডেভেলপমেণ্টৰ বাবে মেটাই পুৰণি কৰ্মচাৰী চাটাই কৰি নতুন কৰ্মচাৰী নিয়োগ কৰিব ।

Published : February 10, 2025 at 1:50 PM IST
হায়দৰাবাদ: পুনৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব সংস্থাপন ৷ উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইবছৰমানৰ পৰা বহু কোম্পানীয়ে শ শ কৰ্মচাৰীক চাটাই কৰা পৰিলক্ষিত হৈছে । এতিয়া সেই তালিকাত অন্তৰ্ভুক্ত হ’বলৈ গৈ আছে বিশ্বৰ অন্যতম জনপ্ৰিয় কোম্পানী মেটাৰ নাম ।
আজিৰে পৰা ফেচবুক আৰু ইনষ্টাগ্ৰাম পৰিচালনা কৰা কোম্পানী মেটাত বৃহৎ পৰিসৰত চাটাই হ’ব । অৰ্থাৎ ফেচবুকৰ গৰাকী মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানী মেটাত কৰ্মৰত হাজাৰ হাজাৰ লোক চাকৰিৰ পৰা বৰ্খাস্ত হ’ব । অনুন্নত কৰ্ম দক্ষতাৰ বাবে এয়া কৰা হৈছে বুলি মেটাই কয় । অৰ্থাৎ যিসকল কৰ্মচাৰীৰ কৰ্মদক্ষতা নাই তেওঁলোকে চাকৰি হেৰুৱাব লাগিব ।
3000 জনৰ তালিকা প্ৰস্তুত কৰা হৈছে
যোৱাবাৰ বৰ্খাস্ত কৰা দিনটোত মেটাই নিজৰ কাৰ্যালয় বন্ধ কৰি ৰাখিছিল যদিও এইবাৰ মেটাই এই দিনটোত কাৰ্যালয় খোলা ৰখাৰ সিদ্ধান্ত লৈছে । এই Layoff বিশ্ব পৰ্যায়ত হ’ব যদিও স্থানীয় নিয়মৰ বাবে জাৰ্মানী, ফ্ৰান্স, ইটালী আৰু নেদাৰলেণ্ডৰ কৰ্মচাৰীসকলৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে । 11 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীৰ ভিতৰত ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ এক ডজনৰো অধিক দেশলৈ চাটাইৰ জাননী প্ৰেৰণ কৰা হ’ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কোম্পানীটোৱে প্ৰায় 3000 লোকৰ তালিকা প্ৰস্তুত কৰিছে যিসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব । দৰাচলতে কোম্পানীটোৱে যোৱা মাহত কৈছিল যে তেওঁলোকে 5% কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে, যিটো ইয়াৰ মুঠ কৰ্মচাৰীৰ প্ৰায় 3000 ।
মেটাৰ জ্যেষ্ঠ বিষয়া জেনেল গেলে প্ৰকাশ কৰা এটা পোষ্ট অনুসৰি সোমবাৰৰ পৰা স্থানীয় সময় অনুসৰি পুৱা 5 বজাৰ পৰা বেছিভাগ দেশৰ কৰ্মচাৰীলৈ জাননী প্ৰেৰণ কৰা হ’ব । অৱশ্যে মেটাই কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সময়তে মেচিন লাৰ্নিং ইঞ্জিনিয়াৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকা পূৰণৰ বাবে নতুন কৰ্মচাৰী নিযুক্তি দিয়াতো গুৰুত্ব আৰোপ কৰিছে ।
AI ডেভেল’পমেণ্টৰ বাবে নতুনকৈ নিযুক্তি দিয়া হ’ব
মেটা মনিটাইজেচনৰ উপ-সভাপতি পেং ফেনৰ পৰা পোৱা এক বিবৃতি অনুসৰি 11 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া দ্ৰুতগতিত কৰা হ’ব । এই নতুন নিযুক্তিৰ উদ্দেশ্য হৈছে 2025 চনত মেটা AI ক পূৰ্বতকৈ অধিক আকৰ্ষণীয়কৈ মুকলি কৰা । হয়তো, এই কাৰণেই এফালে Meta ই বৰ্খাস্ত কৰাৰ লগতে আনফালে AI ডেভেলপমেণ্টৰ বাবে নিযুক্তি দিছে ।
2025 বৰ্ষ আৰম্ভ হোৱাৰ দুমাহো পাৰ হোৱা নাই যদিও বিশ্বৰ বহু বৃহৎ কোম্পানীয়ে শ শ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে । মেটাৰ পূৰ্বে গুগল, মাইক্ৰ’ছফ্ট, আমাজনৰ দৰে ডাঙৰ টেক কোম্পানীয়েও ইতিমধ্যে বহু লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে । আমাজনে নিজৰ ফেশ্বন আৰু ফিটনেছ শাখাৰ পৰা প্ৰায় 200 কৰ্মচাৰীক বৰ্খাস্ত কৰিছে ।
লগতে পঢ়ক

