ইনষ্টাগ্ৰামৰ পিছত এতিয়া ফেচবুক আৰু মেচেঞ্জাৰতো উপলব্ধ টিন একাউণ্টছ
অনলাইন স্পৰ্শকাতৰ বিষয়বস্তুৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত শিশুৰ সুৰক্ষা নিশ্চিত কৰি মেটাই যুৱ ব্যৱহাৰকাৰীৰ বাবে নিজৰ সুৰক্ষা বৈশিষ্ট্য সম্প্ৰসাৰণ কৰিছে ।

Published : April 9, 2025 at 5:04 PM IST
হায়দৰাবাদ: ইনষ্টাগ্ৰামৰ পিছত এতিয়া মেটাই নিজৰ আন দুটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু মেচেঞ্জাৰত টিন একাউণ্টছ বৈশিষ্ট্য উপলব্ধ কৰিছে । ইয়াৰ দ্বাৰা যুৱ ব্যৱহাৰকাৰীসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু লগতে স্পৰ্শকাতৰ বিষয়বস্তুৰ পৰাও তেওঁলোকক সুৰক্ষিত কৰিব পাৰিব । ছ’চিয়েল মিডিয়াৰ পৰা হ’ব পৰা ক্ষতিৰ পৰা যুৱ ব্যৱহাৰকাৰীসকলক ৰক্ষা কৰিবলৈ মেটাই পৰ্যাপ্ত কাম নকৰাৰ অভিযোগ উত্থাপন কৰি কোম্পানীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
মেটাৰ এই সিদ্ধান্ত কিয়?
মেটাই প্ৰথমবাৰৰ বাবে যোৱা বছৰ ইনষ্টাগ্ৰামত টিন একাউণ্টছ ফিচাৰ প্ৰৱৰ্তন কৰিছিল । ইয়াৰ ফলত অভিভাৱকসকলে নিজৰ সন্তানৰ ছ’চিয়েল মিডিয়া হেণ্ডেল 16 বছৰ সম্পূৰ্ণ নোহোৱালৈকে নিয়ন্ত্ৰণ কৰিব পাৰিব । কিন্তু যিহেতু এনে টিন একাউণ্ট ফেচবুক আৰু মেচেঞ্জাৰত উপলব্ধ নহয়, সেয়েহে মেটাই শিশুৰ সুৰক্ষাৰ অভিযোগৰ সন্মুখীন হৈছে । এই প্লেটফৰ্মটোৱে যুৱ ব্যৱহাৰকাৰীৰ বাবে বিপদৰ সৃষ্টি কৰা বুলি অভিযোগ কৰি মেটাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ পিছতে এই সিদ্ধান্ত লৈছে কোম্পানীটোৱে ৷
অশ্লীল ফটো স্বয়ংক্ৰিয়ভাৱে ম্লান হৈ পৰিব
মেটাই কয় যে 16 বছৰৰ তলৰ ব্যৱহাৰকাৰীয়ে এপটো ব্যৱহাৰ কৰাৰ পূৰ্বে অভিভাৱকৰ সন্মতি ল’ব লাগিব । ইয়াৰ উপৰিও কোম্পানীটোৱে এনে এটা বৈশিষ্ট্যও প্ৰৱৰ্তন কৰিছে যিয়ে এজন যুৱ ব্যৱহাৰকাৰীৰ সংস্পৰ্শলৈ অহা যিকোনো যৌন সম্পৰ্কীয় ফটো স্বয়ংক্ৰিয়ভাৱে নাইকিয়া কৰি পেলাব । ই ফেচবুক আৰু মেচেঞ্জাৰত যুৱ ব্যৱহাৰকাৰী একাউণ্টৰ বাবে অনুপযুক্ত বিষয়বস্তু আৰু অবাঞ্চিত বাৰ্তা সীমিত কৰিবলৈ একেধৰণৰ, স্বয়ংক্ৰিয় সুৰক্ষা প্ৰদান কৰিব । ইয়াৰ উপৰিও কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব ।
কেতিয়া আৰু ক’ত এই বৈশিষ্ট্য উপলব্ধ হ’ব?
মেটাই কয় যে প্ৰথম অৱস্থাত আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু কানাডাৰ কিশোৰ-কিশোৰীসকলৰ বাবে ফেচবুক আৰু মেচেঞ্জাৰ টিন একাউণ্ট উপলব্ধ কৰা হ’ব । ইয়াৰ পিছত কোম্পানীটোৱে জনোৱা মতে, অহা দুমাহৰ ভিতৰত এই আপডেটসমূহ মুকলি কৰিবলৈ আৰম্ভ কৰিব ।
কিশোৰ-কিশোৰীৰ একাউণ্ট কি?
- 16 বছৰ বয়স নোহোৱালৈকে অভিভাৱকসকলে নিজৰ সন্তানৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ।
- কিশোৰ একাউণ্টত স্পৰ্শকাতৰ বিষয়বস্তু নিয়ন্ত্ৰণত থাকে । গতিকে আপোনাৰ ফিডৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব ।
- তেওঁলোকে কেৱল তেওঁলোকে অনুসৰণ কৰা বা ইতিমধ্যে সংযোগ কৰা লোকৰ পৰাহে বাৰ্তা লাভ কৰিব পাৰে ।
- দিনটোত 60 মিনিটতকৈ অধিক সময় এপটো ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে লাভ কৰিব এটা জাননী ।
- ইয়াৰ উপৰিও নিশা 10 বজাৰ পৰা পুৱা 7 বজালৈ শ্লীপ মোড প্ৰযোজ্য হ’ব । সেই সময়ছোৱাত কোনো ধৰণৰ জাননী লাভ কৰা নহ’ব ।
মন কৰিবলগীয়া যে যোৱা বছৰ ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত উপলব্ধ কিশোৰ-কিশোৰী একাউণ্টক আকোৱালি লৈছে যদিও এতিয়াও প্ৰায় 97 শতাংশ কিশোৰ-কিশোৰীৰ ইনষ্টা একাউণ্ট সক্ৰিয় হৈ আছে । আমেৰিকাৰ 94 শতাংশ অভিভাৱকে কিশোৰ-কিশোৰীৰ একাউণ্ট সমৰ্থন কৰে ।
লগতে পঢ়ক

