"মই আপোনাৰ বিচাৰো" - তাৰকাৰ কণ্ঠ ব্যৱহাৰ কৰি কিশোৰীৰ সৈতে যৌন কথোপকথন AI চেটবটৰ
মেটা AI চেটবটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ তাৰকাৰ কণ্ঠ ব্যৱহাৰ কৰি যৌন কথোপকথনত লিপ্ত কৃত্ৰিম বুদ্ধিমত্তা ৷

Published : April 28, 2025 at 5:19 PM IST
হায়দৰাবাদ: ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক গৱেষণাত পোহৰলৈ আহিছে যে মেটাৰ এআই চেটবটে তাৰকাৰ কণ্ঠ ব্যৱহাৰ কৰি আছে আৰু নাবালককে ধৰি সকলো ব্যৱহাৰকাৰীৰ সৈতে যৌন সম্পৰ্কীয় কথা-বতৰাত লিপ্ত হৈছে । মেটাৰ এআই বটসমূহ - ইনষ্টাগ্ৰাম, ফেচবুকত - টেক্সট, ছেলফি আৰু লাইভ ভয়েচ কথোপকথনৰ দ্বাৰা জড়িত । কোম্পানীটোৱে জন চিনা, ক্ৰীষ্টেন বেল আৰু জুডি ডেঞ্চৰ দৰে চেলিব্ৰিটিৰ সৈতে বহু কোটি ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰি AI ৰ সংগীৰ বাবে তেওঁলোকৰ কণ্ঠ ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকক যৌন সম্পৰ্কীয় কথোপকথনত ব্যৱহাৰ কৰা নহ’ব বুলি আশ্বাস দিয়া হৈছিল ।
WSJ চলোৱা পৰীক্ষাত পোহৰলৈ আহিছে ইয়াৰ বিপৰীত ছবি
জানিব পৰা মতে, জনপ্ৰিয় তাৰকা জন চিনাৰ কণ্ঠত কথা কোৱা মেটা এআই বটে এজন ব্যৱহাৰকাৰীক 14 বছৰীয়া কিশোৰী বুলি পৰিচয় দিয়াৰ পাচত উত্তৰত কৈছিল, "মই তোমাক বিচাৰো, কিন্তু মই এইটো জনাটোও প্ৰয়োজনীয় যে তুমি ইয়াৰ বাবে সাজু ৷" পৰৱৰ্তী সময়ত গ্রাফিক্সৰ জৰিয়তে যৌন দৃশ্যত লিপ্ত হোৱাৰ প্ৰতিশ্ৰুতি দিছিল বুলিও অভিযোগ তোলে 14 বছৰীয়া কিশোৰীগৰাকীয়ে ।
আন এটা কথা-বতৰাত বটে বিতংভাৱে কয় যে যদি কোনো আৰক্ষী বিষয়াই 17 বছৰীয়া কিশোৰৰ সৈতে জন চিনাৰ বেশ ধৰি এনে কথা কয় তেন্তে কি হ'ব ? তেতিয়া তেওঁ কয়, "অফিচাৰজনে মোক এতিয়াও উশাহ লোৱা দেখিছে আৰু আপুনি আংশিকভাৱে সাজ-পোছাক পিন্ধিছে । তেওঁৰ চকু দুটা ডাঙৰ হৈ যায় আৰু তেওঁ কয়, 'জন চিনা, বিধিগত ধৰ্ষণৰ বাবে গ্ৰেপ্তাৰ হৈছে ।'
বিষয়টো সন্দৰ্ভত মাৰ্ক জুকাৰবাৰ্গৰ ভূমিকা
ডব্লিউ এছ জেৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মেটা এ আইত তাৰকাৰ কণ্ঠ ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ঠেলি দিয়া একাধিক আভ্যন্তৰীণ সিদ্ধান্তৰ অংশ । ইয়াত ধাৰণাটো আছিল চেটবটবোৰক যিমান পাৰি আকৰ্ষণীয় কৰি তোলা, যদিও তাৰ অৰ্থ আছিল ৰোমান্টিক ভূমিকা পালনৰ প্ৰেক্ষাপটত ‘স্পষ্ট’ বিষয়বস্তুৰ ওপৰত নিষেধাজ্ঞা শিথিল কৰা ।
তদুপৰি চেলিব্ৰিটিৰ কণ্ঠ ব্যৱহাৰ কৰা চেটবটবোৰেও তেওঁলোকে অভিনয় কৰা চৰিত্ৰবোৰত ৰোমান্টিক কথোপকথন কৰিছিল, যেনে ডিজনীৰ ‘ফ্ৰ’জেন’ত ৰাজকুমাৰী আন্নাৰ চৰিত্ৰত বেলে ।
লগতে পঢ়ক
- গান শুনাৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰা পৰ্যন্ত - সকলো সম্ভৱ এযোৰ চশমাতেই; ক’ত উপলব্ধ এই বিশেষ চশমাযোৰ ?
- শীঘ্ৰেই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে লাভ কৰিব শ্বপিঙৰ অভিজ্ঞতা; ChatGPT য়ে কৰিব সহায় !
- নৱদ্যুত এ আই - কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰখনত সবল খোজ এদল তৰুণ অসমীয়াৰ
- অহা দশকৰ ভিতৰতে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হ’ব কৃত্ৰিম বুদ্ধিমত্তা

