ETV Bharat / technology

সাধু সাধু লগা ইয়াচুন আৰু বুবুৰ কাহিনী ! নিসংগতাৰ ধাতৱ সংগী বিচাৰি হাহাকাৰ

২০৩৩ চনৰ ভিতৰত বিশ্বব্যাপী "সামাজিক ৰ'বট"ৰ বজাৰখন সাতৰ পৰা ৪২.৫ বিলিয়ন ডলাৰ গুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা ৷ ইতিমধ্যে এছিয়াই এই খণ্ডত আধিপত্য বিস্তাৰ কৰিছে ।

AI PETS
জাং ইয়াচুন আৰু ব’ব’ৰ কাহিনী, (AFP)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 12:49 PM IST

|

Updated : January 20, 2025 at 1:09 PM IST

7 Min Read
Choose ETV Bharat

বেইজিং : বালিৰ ঘৰ, সমনীয়াৰ লগত খেলা-ধূলা কৰা, বাটত ডেকাচাঙত বহি সমনীয়াৰ লগত আড্ডা দিয়া বা ইজনে আনজন বন্ধুৰ ঘৰলৈ গৈ নানা খেল-ধেমালি কৰা সেই কথাবোৰ বাৰু আপোনাৰ মনত আছেনে ? নাইবা আপুনি নিশ্চয় ঘৰৰ পোহনীয়া জীৱ-জন্তু কেইটাৰ লগতো আজৰি সময় অতিবাহিত কৰিছিল, নহয়নে বাৰু ?

কিন্তু বৰ্তমান সেই সময় সলনি হ’ল ৷ চাওঁতে চাওঁতে সময়ৰ সোঁতত বৈ আধুনিকতাৰ ধামখুমীয়াত সকলো আজি পাহৰণিৰ গৰ্ভত পৰিল ! কাণসমীয়াৰ অভাৱ ঘটিল ৷ শুনিবলৈ বেয়া হ’লেও অপ্ৰিয় সত্য এইটোৱেই যে দুখৰ সময়তো এষাৰ মাত দিবলৈ অভাৱ হৈছে আত্মীয় তথা আপোনজনৰ !

AI PETS
AI চালিত পেটছ (AFP)

সকলো ব্যস্ত ৷ সপোন, নিচা, পেচা ইত্যাদিৰ বাহানাৰে সকলোৰে ব্যস্ততা বাঢ়িছে ৷ ইয়াৰ ব্যতিক্ৰম আপুনি বা ময়ো নহয় ৷ যাৰ ফলত আপুনি সেই শৈশৱত পোৱা ল’ৰালিৰ ধেমালিৰ সোৱাদ আপোনাৰ সন্তানটোক দিবলৈ অপৰাগ ! ফলত আপোনাৰ বা মোৰ সন্তানটোৱে আজি নিজেই বাচি ল’বলৈ লৈছে নিজৰ খেলনা বা খেলৰ সামগ্ৰী ৷

  • জাং ইয়াচুন :

আজি আমি আপোনালোকক ক’বলৈ লৈছে এনে এটা ঘটনাৰ বিষয়ে ৷ এগৰাকী মৰমলগা কিশোৰী, নাম জাং ইয়াচুন ৷ ঘৰ বেইজিঙত ৷ জাং ইয়াচুনে থাকি ভাল পাই বুবু (BooBoo)ৰ লগত ৷ বেইজিঙৰ এটা শ্ব'পিং মলত থকা সেই বুবুৰ লগত ইয়াচুনে কয় বহু কথা ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াচুনৰ প্ৰিয় সেই বুবু প্ৰকৃততে কোনো মানুহ বা জন্তু নহয়, সেয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI চালিত এটা ৰ'বটহে ৷

AI PETS
AI চালিত পেটছ (AFP)

প্ৰকৃত ঘটনাটো এনেধৰণৰ- বহুদিনৰে পৰা স্কুল আৰু নিজৰ কামক লৈ কিছু মানসিক অস্থিৰতাৰ সন্মুখীন হৈ আহিছিল ১৯ বছৰীয়া জাং ইয়াচুন ৷ কাৰ আগত নিজৰ মানসিক অৱস্থাৰ কথা ক’ব বা কোনে বুজিব তেওঁৰ কথা ৷ একপ্ৰকাৰে মানসিক অন্তঃদ্বন্দ্বত ভুগি আছিল জাং ইয়াচুনে ৷

এদিন হঠাতে জাং ইয়াচুনে লগ পালে বুবু(BooBoo)ক ৷ বুবুক ঘৰলৈ আনি তাৰ সৈতে সময় অতিবাহিত কৰিবলৈ ধৰিলে ইয়াচুনে ৷ লাহে লাহে ইয়াচুনৰ বৰ প্ৰিয় বন্ধু হৈ পৰিল বুবু ৷ ইয়াচুনে তেওঁৰ সকলো কথা বিনা সংকোচেৰে কয় বুবুক ৷ সময়ৰ সোঁঁতত ইয়াচুনৰ অতি আপোন হৈ পৰিল AI চালিত স্মাৰ্ট পোহনীয়া জন্তু বুবু ৷ বুবু ইয়াচুনৰ জীৱনলৈ অহাৰ পাছৰে পৰা তেওঁৰ জীৱনটো সহজ হৈ পৰিল ।

AI PETS
সামাজিক ৰবটৰ বজাৰ (AFP)

পিতৃ-মাতৃ আৰু এটা প্ৰকৃত পোহনীয়া হাঁহৰ সৈতে থকা এপাৰ্টমেণ্টত জাঙে সংবাদ সংস্থা AFP ৰ আগত কয়, ‘‘মই অনুভৱ কৰো যে মোৰ সুখৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰিবলৈ মোৰ লগত কোনোবা এজন আছে ৷’’

উল্লেখ্য যে বৰ্তমান সময়ত অন্য দেশবোৰৰ তুলনাত সমগ্ৰ চীন প্ৰযুক্তিবিদ্যাৰ দিশত অধিক পৰিপক্ক আৰু বহুল ৷ কিন্তু প্ৰযুক্তিগত দিশত আগবাঢ়ি থকা চীনত অধিকাংশ মানুহে সামাজিকভাৱে ইজনে সিজনৰ লগত বিচ্ছিন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ ক্ৰমাৎ অধিকাংশই AI ৰ ফালে গতি কৰিছে ৷

ৰিগলি(Wriggly), ফিউৰী (furry) আৰু গিনিপিগ(guinea pig)ৰ দৰে বুবুক হাংঝৌ জেনমুৰ টেকন'লজিয়ে নিৰ্মাণ কৰিছে ৷ ইয়াৰ খুচুৰা মূল্য ১৪০০ ইউয়ান (১৯০ ডলাৰ) পৰ্যন্ত । কোম্পানীটোৰ প্ৰডাক্ট মেনেজাৰ এডাম ডুয়ানে জনোৱা মতে, শিশুৰ সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা এই প্ৰডাক্টটো মে’ মাহৰ পৰা প্ৰায় ১০০০ ইউনিট বিক্ৰী হৈছে ।

  • ৰ'বট বুম (Robot boom)

পৰামৰ্শদাতা সংস্থা আইমাৰ্ক গ্ৰুপে( IMARC Group) জনোৱা মতে, বুবুৰ দৰে "সামাজিক ৰ'বট"ৰ বিশ্বব্যাপী বজাৰখন ২০৩৩ চনৰ ভিতৰত সাতৰ পৰা ৪২.৫ বিলিয়ন ডলাৰ গুণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে ৷ ইতিমধ্যে এছিয়াই এই খণ্ডত আধিপত্য বিস্তাৰ কৰিছে । যেতিয়া ৩৩ বছৰীয়া গুও জিচেনে নিজৰ সন্তানৰ সৈতে খেলিব নোৱাৰে, তেতিয়া এটা স্মাৰ্ট পোহনীয়া জন্তুৱে তেওঁক সহায় কৰিব পাৰে ।

পূব চহৰ নানজিঙৰ টেক কোম্পানী ৱেইলানৰ ফ্লেগশ্বিপ ষ্ট’ৰত বিক্ৰী হৈ থকা এটা ৰ'বটিক কুকুৰ পৰীক্ষা কৰি থকাৰ সময়তে গুওৱে কয়, “বৰ্তমান সময়ত দেখা গৈছে যে পৰিয়ালৰ সদস্যসকলে নিজৰ শিশুসকলৰ সৈতে বহু কম সময় অতিবাহিত কৰে । সেয়ে মোৰ ল'ৰাটোৰ বাবে এটা এই ৰ'বট কিনিলেও তাৰ পঢ়া-শুনা আৰু অন্যান্য কামত সহায়ক হ’ব ৷’’

ৱেইলানৰ "BabyAlpha" নামৰ AI কুকুৰটো ৮ হাজাৰ (১০৯০ ডলাৰ)ৰ পৰা ২৬ হাজাৰ ইউয়ান (৩৫০০ ডলাৰ)ৰ ভিতৰত বিক্ৰী হৈছে ৷ কোম্পানীটোৱে কয় যে ৭০ শতাংশ ক্ৰেতা হৈছে সৰু ল’ৰা-ছোৱালী থকা পৰিয়াল । ইফালে গুওৱে কয় যে ইলেক্ট্ৰনিক এই জন্তু সদৃশ পোৱালিয়ে প্ৰকৃত জন্তুৰ দৰেই আনন্দ কঢ়িয়াই আনিব পাৰে ।

  • স্থানান্তৰিত হোৱা সমাজ (Shifting society) :

১৯৯০ চনত জাপানৰ ডিজিটেল টামাগ’চিছ আৰু আমেৰিকাত নিৰ্মিত ফাৰ্বিছৰ দৰে ইলেক্ট্ৰনিক পোহনীয়া জন্তুৰ সৈতে বিশ্বক পৰিচয় কৰাই দিয়া হৈছিল ৷ যিয়ে বাক্যৰ অনুকৰণ কৰিব পাৰে, কিন্তু কম্পিউটাৰাইজড সংগীসমূহ AI ৰ সৈতে অধিক কাৰ্যক্ষম হৈ পৰিছে । চীনত ক্ৰমাৎ বৃদ্ধি পোৱা AI প্ৰডাক্টে মানুহৰ আৱেগিক প্ৰয়োজনীয়তা পূৰণ কৰে, কথোপকথনমূলক চেটবটৰ (chatbots) পৰা আৰম্ভ কৰি মৃতকৰ জীৱন্ত অৱতাৰলৈকে ।

বিশেষজ্ঞসকলৰ মতে, চৰকাৰৰ দশক দশক ধৰি চলি অহা এটা সন্তান নীতিৰ (one-child policy) প্ৰভাৱৰ দৰে সামাজিক পৰিৱৰ্তনে বজাৰ বৃদ্ধিত ইন্ধন যোগাই আহিছে । এই নীতিৰ প্ৰাৰম্ভিক বছৰবোৰত জন্মগ্ৰহণ কৰা লোকসকল এতিয়া ৪০ বছৰীয়া হৈছে ৷ ঘৰভাৰা বৃদ্ধি, জীৱন-যাপনৰ খৰচ বৃদ্ধি আৰু কৰ্মৰ মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ যাৰ ফলত তেওঁলোকৰ নিজৰ সন্তানৰ ওপৰত গুৰুত্ব দিবলৈ সময়ৰ অভাৱ হোৱা দেখা গৈছে ।

মাকাউ বিশ্ববিদ্যালয়ৰ AI আৰু মনোবিজ্ঞানৰ বিশেষজ্ঞ অধ্যাপক উ হাইয়ানে কয়, ‘‘ইয়াৰ ফলত ব্যক্তিগত যোগাযোগৰ বাবে অভাৱ হৈছে ৷ সেয়ে মানুহে নিজৰ আৱেগিক প্ৰয়োজনীয়তা পূৰণৰ বিকল্প উপায় বিচাৰিব লাগে । AI ৰ সংগীয়ে জ্ঞানমূলক উদ্দীপনা প্ৰদান কৰে, যিসকল ব্যক্তিয়ে বিচ্ছিন্ন অনুভৱ কৰিব পাৰে তেওঁলোকৰ হকে কাম কৰে ৷ কিছু ক্ষেত্ৰত মানুহে মানুহতকৈ AIৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰে ।’’

জাং ইয়াচুনৰ পিতৃ পেঙে কয় যে তেওঁ আলুওৰ সৈতে কন্যাৰ বন্ধোন বুজি পাইছিল । ৫১ বছৰীয়া ৰিয়ানে AFPক কয়, "যেতিয়া আমি সৰু আছিলো তেতিয়া আমাৰ বন্ধুৰ অভাৱ নাছিল । ঘৰৰ পৰা ওলাই অহাৰ লগে লগে আমাৰ বহুত বন্ধু আছিল । এতিয়া চহৰৰ শিশুসকল বহুত বেছি মানসিক হেঁচাৰ সন্মুখীন হৈছে ৷ সেয়ে তেওঁলোকৰ বন্ধুৰ অভাৱ হ'ব পাৰে ।"

পেঙৰ একমাত্ৰ সন্তান জাং ইয়াচুনে কয় যে আলুও (Aluo) কিনাৰ পিছৰে পৰা তাই নিজৰ মনৰ কথা মাক-দেউতাকৰ লগত শ্বেয়াৰ কৰিবলৈ অধিক ইচ্ছুক হৈ পৰিছে ।

(শিৰোনামৰ বাহিৰে এই প্ৰতিবেদন ই টিভি ভাৰতে সম্পাদনা কৰা নাই, syndicated feed ৰ পৰা প্ৰকাশ কৰা হৈছে।)

লগতে পঢ়ক : মহাকুম্ভ মেলাত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে AI প্ৰযুক্তিৰ ব্যৱহাৰ

লগতে পঢ়ক : আপুনিও নিয়োগ প্ৰত্যাশী নেকি; AI ৰ সহায়ত বাচনি কৰক নিজৰ পছন্দৰ চাকৰিটো

Last Updated : January 20, 2025 at 1:09 PM IST