হায়দৰাবাদ: চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ জেৰমিয়া ফাউলাৰে প্ৰকাশ কৰিছে এক বৃহৎ তথ্য ফাদিলৰ বিষয়ে । ফাউলাৰে নিজৰ শেহতীয়া প্ৰতিবেদনৰ জৰিয়তে তথ্য ফাদিল হোৱাৰ কথা প্ৰকাশ কৰি বিশ্বৰ 18.4 কোটিৰো অধিক পাছৱৰ্ড বিপদত পৰিব পাৰে বুলি কৈছে । ফাউলাৰে প্ৰত্যক্ষ কৰিছে যে অনলাইনত এটা অসুৰক্ষিত ডাটাবেছ উপলব্ধ । এই ডাটাবেছত বহু এপৰ লগতে বহু ৱেবছাইটৰ বাবে লাখ লাখ ইমেইল, পাছৱৰ্ড আৰু অনুমোদন URL আছিল । এই ৱেবছাইটসমূহৰ তালিকাত এপল, গুগল, ফেচবুক, মাইক্ৰ’ছফ্ট, ইনষ্টাগ্ৰাম, স্নেপচ্যাট আদিৰ নাম সন্নিবিষ্ট কৰা হৈছে ।
এই অসুৰক্ষিত ডাটাবেছত লাখ লাখ পাছৱৰ্ড আছিল, যিবোৰ সলনি কৰা সম্ভৱ আৰু ব্যৱহাৰকাৰীসকলৰ যথেষ্ট ক্ষতি হ'ব পাৰে । অৱশ্যে এই তথ্যকোষত পাছৱৰ্ডৰ বাহিৰেও আন বহুতো স্পৰ্শকাতৰ তথ্যও উপস্থিত আছিল, য’ত বেংক একাউণ্টৰ সবিশেষ, বিত্তীয় একাউণ্টৰ লগ-ইনৰ সবিশেষ, স্বাস্থ্য মঞ্চৰ লগ-ইনৰ সবিশেষ আৰু চৰকাৰী পৰ্টেলৰ লগ-ইনৰ সবিশেষ আছিল ।
এনে স্পৰ্শকাতৰ তথ্য সুৰক্ষিত ৰাখিবলৈ সাধাৰণতে ডাটাবেছত এনক্ৰিপচশ্যন (এবিধ ক’ড) ব্যৱহাৰ কৰা হয় যাতে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য বা পাছৱৰ্ড ভুল ব্যক্তিৰ হাতত নপৰে । কিন্তু জেৰমিয়া ফাউলাৰৰ প্ৰতিবেদন অনুসৰি এই ডাটাবেছটো আছিল এটা সাধাৰণ ডাটাবেছ, ইয়াত এনক্ৰিপশ্যন অবিহনে টেক্সট ফাইল আছিল, যিবোৰ যিকোনো ব্যক্তিয়ে সহজেই পঢ়িব পাৰে ।
তথ্য ফাদিলৰ কাৰণ
ফাউলাৰৰ বিশ্লেষণ অনুসৰি এই তথ্য হয়তো ইনফ’ষ্টীলিং মেলৱেৰৰ জৰিয়তে চুৰি কৰা হৈছে । Infostealing malware হৈছে তথ্য চুৰি কৰা এটা চফট্ ৱেৰৰ নাম । Luma Stealer ৰ দৰে Infostealing মেলৱেৰ চাইবাৰ অপৰাধীয়ে ব্যৱহাৰ কৰে । এই মেলৱেৰে ৱেবছাইট আৰু চিষ্টেমৰ পৰা ব্যৱহাৰকাৰীৰ ব্যক্তিগত আৰু বিশেষ তথ্য যেনে ইউজাৰনেম, পাছৱৰ্ড, ক্ৰেডিট কাৰ্ড নম্বৰ চুৰি কৰি তাৰ পিছত ডাৰ্ক ৱেবত বিক্ৰী কৰে । ডাৰ্ক ৱেব হৈছে ইণ্টাৰনেট জগতৰ সেই অংশ যিটো গুগল চাৰ্চৰ দৰে সাধাৰণ চাৰ্চ ইঞ্জিনৰ জৰিয়তে দেখা নাযায় ।
চাইবাৰ অপৰাধৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
- মানুহে নিজৰ প্ৰতিটো একাউণ্টৰ বাবে বেলেগ বেলেগ আৰু অতি শক্তিশালী পাছৱৰ্ড ৰাখিব লাগে ।
- সকলো পাছৱৰ্ড সঘনাই এক নিৰ্দিষ্ট ব্যৱধানত সলনি কৰিব লাগে ।
- বহু-কাৰক প্ৰমাণীকৰণ (MFA) ব্যৱহাৰ কৰিব লাগে ।
- আপুনি ইকুইফেক্স, এক্সপিৰিয়ান আৰু ট্ৰেন্সইউনিয়নৰ জৰিয়তে আপোনাৰ ক্ৰেডিট ঠিক কৰিব লাগে ।
- বেংকিং আৰু ক্ৰেডিট একাউণ্টৰ জৰিয়তে বাস্তৱ সময়ৰ সতৰ্কবাণী স্থাপন কৰিব লাগে।
লগতে পঢ়ক