হায়দৰাবাদ: এছ ইউ ভি নিৰ্মাতা কোম্পানী মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰাই নিজৰ জনপ্ৰিয় এছ ইউ ভি মাহিন্দ্ৰা থাৰ ৰক্সৰ অডিঅ’ চিষ্টেম আপডেট কৰি ডলবি এটমছক টপ-এণ্ড AX7L ট্ৰিম লেভেলত অন্তৰ্ভুক্ত কৰিছে । এই আপডেটৰ লক্ষ্য হৈছে ইন-কেবিন অডিঅ’ অভিজ্ঞতা উন্নত কৰা, আনহাতে AX7L ট্ৰিমৰ সৈতে অহা বাকী ফিচাৰ ছেট অপৰিৱৰ্তিত হৈয়ে আছে ।
উল্লেখ্য যে, মাহিন্দ্ৰা থাৰ ৰক্স ৰেঞ্জৰ মূল্য বৰ্তমান 12.99 লাখ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ আৰু ইয়াৰ সম্পূৰ্ণ লোডযুক্ত AX7L ভেৰিয়েণ্টৰ মূল্য 23.39 লাখ টকা (এক্স শ্ব’ৰুম) লৈ বৃদ্ধি কৰা হৈছে ।
ইতিমধ্যে 9 স্পীকাৰ হাৰমান কাৰ্ডন চাউণ্ড চিষ্টেমেৰে সজ্জিত মহিন্দ্ৰা থাৰ ৰক্স AX7L ট্ৰিমত এতিয়া ডলবি এটমছৰ দ্বাৰা চালিত 4 চেনেল অডিঅ’ চিষ্টেম আছে । মাহিন্দ্ৰাৰ মতে, থাৰ ৰক্স হৈছে বিশ্বজুৰি ডলবি এটমছ ইন্টিগ্ৰেচন থকা প্ৰথমখন এছ ইউ ভি । কোম্পানীটোৱে জনোৱা মতে, আমি ইয়াক ব্ৰেণ্ডটোৰ ইলেক্ট্ৰিক বাহনৰ যুটি - মহিন্দ্ৰা বি ই 6 আৰু এক্স ই ভি 9E - আৰু এক্স ইউ ভি 700 তো ব্যৱহাৰ কৰিছো ।
মাহিন্দ্ৰ থাৰ ৰক্সৰ অন্যান্য বৈশিষ্ট্য
মাহিন্দ্ৰা থাৰ ৰক্সৰ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ইয়াত আছে পেনোৰামিক ছানৰুফ, 10.25 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, বেতাঁৰ চাৰ্জিং, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, ভেণ্টিলেটেড ফ্ৰন্ট চিট আৰু 6-ৱে পাৱাৰড ড্ৰাইভাৰ চিট । হাই-স্পেক ভেৰিয়েন্টত লেভেল-2 এডভান্সড ড্ৰাইভাৰ এচিষ্টেন্স চিষ্টেম (ADAS) আৰু 360 ডিগ্ৰী কেমেৰাৰ দৰে উন্নত সুৰক্ষা বৈশিষ্ট্যও প্ৰদান কৰা হৈছে ।
মহিন্দ্ৰ থাৰ ৰক্সৰ পাৱাৰট্ৰেইন

মহিন্দ্ৰা থাৰ ৰক্স দুটা ইঞ্জিন বিকল্পৰ সৈতে বজাৰত বিক্ৰী কৰা হয় । প্ৰথমটো 2.0 লিটাৰৰ টাৰ্বোচাৰ্জড পেট্ৰ’ল ইঞ্জিন আৰু দ্বিতীয়টো 2.2 লিটাৰ ডিজেল ইঞ্জিন । দুয়োটা ইঞ্জিনতে মেনুৱেল আৰু অটোমেটিক ট্ৰেন্সমিছন বিকল্প প্ৰদান কৰা হৈছে । চাৰিচকীয়া ড্ৰাইভ কেৱল ডিজেল ভেৰিয়েণ্টৰ সৈতেহে উপলব্ধ ।
কোম্পানীটোৰ পৰা পোৱা তথ্য অনুসৰি মাহিন্দ্ৰাই থাৰ ৰক্সৰ উৎপাদন বৃদ্ধি কৰি ইয়াৰ বাবে অপেক্ষাৰ সময়সীমা সফলতাৰে হ্ৰাস কৰিছে । বৰ্তমান এই গাড়ীখনৰ বাবে অপেক্ষাৰ সময় ভেৰিয়েণ্টৰ অনুযায়ী 4-6 মাহ নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক