গুণ্টুৰ: শেহতীয়া প্ৰযুক্তিৰে সমৃদ্ধ চহৰ-নগৰত এয়াৰ টেক্সি উপলব্ধ কৰাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰচেষ্টা চলোৱা হৈছে । অৱশ্যে চীনৰ দৰে আগশাৰীৰ দেশসমূহে সাম্প্ৰতিক সময়ত এই দৌৰত আগবাঢ়ি আছে ৷
গতিকে তেনে আগশাৰীৰ দেশসমূহৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ চেষ্টা অব্য়াহত ৰাখিছে অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ এজন যুৱকে ৷ ‘মেগনাম উইংছ’ নামৰ কোম্পানীটো স্থাপন কৰি পৰীক্ষা-নিৰীক্ষাৰ কাম কৰি আছে যুৱকজনে । এই প্ৰকল্পৰ বিশেষত্ব হ’ল- মটৰটোৰ বাহিৰে বাকী সকলোবোৰ সঁজুলি অন্ধ্ৰ প্ৰদেশত নিৰ্মিত ।
২০১৯ চনৰ পৰা চলিছে এই পৰীক্ষা-নিৰীক্ষা: গুণ্টুৰৰ চাভা অভিৰামে আমেৰিকাত ৰ’ব’টিক্স ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে । ‘‘আমাৰ দেশত এটা প্ৰতিষ্ঠান স্থাপনৰ উদ্দেশ্যেৰে আমি ইয়ালৈ আহিছো । যান-জঁটৰ সৈতে যুঁজি থকা চহৰসমূহত এয়াৰ টেক্সি উপলব্ধ কৰাটো উপযোগী হ’ব বুলি ভালদৰে অধ্যয়ন কৰা হৈছিল ৷’’ চাভা অভিৰামে কয় ।

তেওঁ দেশ-বিদেশৰ এয়াৰ টেক্সিৰ ক্ষেত্ৰত চলি থকা গৱেষণাৰ পৰ্যালোচনা কৰে । পিছলৈ ২০১৯ চনত গুণ্টুৰৰ নিকটৱৰ্তী নালাচেৰুভুত মেগনাম উইংছ স্থাপন কৰি এখন সৰু এয়াৰ টেক্সি নিৰ্মাণ কৰে ।
পাইলট অবিহনে মাটিৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰাকৈ ডিজাইন কৰা বাহনখন সফলতাৰে নিৰ্মাণ কৰা হয় । যিহেতু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পাইলট অবিহনে এই বাহনসমূহৰ চলনত অনুমতি নিদিয়ে, সেয়ে পাইলটৰ বাবে দুখন আৰু তিনিখন আসনযুক্ত এয়াৰ টেক্সি নিৰ্মাণ কৰা হৈছে । থলুৱা সা-সৰঞ্জামেৰে সকলো প্ৰকল্প ৰূপায়ণ কৰা হৈছে । দুজনীয়া এয়াৰ টেক্সিখনৰ নাম V2 ৰখা হৈছে ।

প্ৰাৰম্ভিক পৰীক্ষা সফল হোৱাৰ পিছত দ্বিতীয় সংস্কৰণ মুকলি কৰা হয় । পৰৱৰ্তী কেইমাহমানৰ ভিতৰতে পৰীক্ষা কৰা হ’ব তিনিখন আসনযুক্ত এক্স-৪ মডেলৰ ৷
কেবৰ খৰচতে এয়াৰ টেক্সিৰে কৰিব পাৰিব ভ্ৰমণ: V2 ভেৰিয়েণ্টৰ সৰ্বোচ্চ ৰেঞ্জ ৪০ কিলোমিটাৰ আৰু ১০০০ ফুট উচ্চতাত ঘণ্টাত ১০০ কিলোমিটাৰ সৰ্বোচ্চ গতিবেগৰে সমৃদ্ধ । আনহাতে এক্স-৪ এয়াৰ টেক্সিখনে ২০ হাজাৰ ফুট উচ্চতাত ৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ লগতে ৩০০ কিলোমিটাৰ বেগত যাব পাৰে । ইয়াৰ দ্বাৰা দীৰ্ঘ দূৰত্বৰ যাত্ৰাত সহায়ক হ’ব । V2 মডেলৰ মূল্য হৈছে প্ৰায় ২ কোটি টকা ।

আনহাতে, এক্স-৪ ৰ মূল্য হৈছে ৮ কোটি টকা ৷ যুৱকজনে কয় যে, তেওঁৰ লক্ষ্য হৈছে এখন কেবৰ খৰচত এয়াৰ টেক্সি যাত্ৰা উপলব্ধ কৰোৱা । তেওঁ বুজাই দিলে যে, তেওঁলোকৰ বাহনবোৰ বেটাৰীৰ সহায়ত চলি থাকে আৰু বায়ুপথত কম দূৰত্বৰ বাবে যাৱতীয় খৰচ বেছি নহয় ।
খচৰা প্ৰস্তুতৰ পৰ্যায়ত এয়াৰ টেক্সি নীতি: ভাৰতৰ বেংগালুৰু, চেন্নাইৰ দৰে চহৰতো এয়াৰ টেক্সিৰ পৰীক্ষা-নিৰীক্ষা চলি আছে । এয়াৰ টেক্সি নীতি এতিয়াও খচৰা প্ৰস্তুতৰ পৰ্যায়ত আছে । আনুষ্ঠানিকতা প্ৰকাশ পোৱাৰ পিছত আৰম্ভ হ’ব অনুমোদন প্ৰক্ৰিয়া । ইয়াৰ পিছত এই বাহনসমূহ সকলোৰে বাবে উপলব্ধ হ’ব । তেওঁ কয় যে, এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ তিনি বছৰ সময় লাগিব । মেগনাম উইংছে কেৱল এয়াৰ টেক্সিৰে যাতায়াতত সেৱা আগবঢ়োৱাই নহয়, কোনোবাই কিনিব বিচাৰিলে বিক্ৰীও কৰিব ।
লগতে পঢ়ক: মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰে এতিয়াৰ পৰা ব্যয়বহুল হ’ব যাতায়ত - MUMBAI AIRPORT FARE HIKE