LAVA YUVA 2 5G বনাম MOTO G35 5G: কোনটো উন্নত ?
LAVA Mobiles-এ মুকলি কৰিছে নতুন Lava Yuva 2 5G । এই প্ৰতিবেদনযোগে আমি ইয়াক Moto G35 5G ৰ সৈতে তুলনা কৰিম ।

Published : December 29, 2024 at 12:07 PM IST
হায়দৰাবাদ: শুকুৰবাৰে LAVA Mobiles এ ভাৰতীয় বজাৰত মুকলি কৰিছে নতুন Lava Yuva 2 5G । এই স্মাৰ্টফোনটোৰ আৰম্ভণি মূল্য 9,499 টকা আৰু ইয়াত AI ফিচাৰৰ সৈতে 50MP ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে । 10 হাজাৰ টকাৰ ভিতৰত এইটো এটা উন্নত স্মাৰ্টফোন বিকল্প । কিন্তু ইয়াৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ বজাৰত বহুতো বিকল্প উপলব্ধ । ইয়াত আমি এই স্মাৰ্টফোনটোক Moto G35 5G ৰ সৈতে তুলনা কৰিম ।
LAVA Yuva 2 5G বনাম Moto G35 5G: ডিছপ্লে স্পেচিফিকেশন
| মোবাইল | 5G | Moto G35 5G |
| ডিছপ্লে’ চাইজ | 6.67 ইঞ্চি | 6.72 ইঞ্চি |
| টেকন’লজি | IPS | LTPS-LCD |
| স্ক্ৰীণ ৰিজ’লিউচন | 760x1612 পিক্সেলছ HD+ | 2400x1080 পিক্সেলছ, ফুল HD+ |
| ৰিফ্ৰেজ ৰেট | 90Hz | 120Hz |
| ডিছপ্লে’ প্ৰটেকশ্যন | - | গ’ৰিলা গ্লাছ 3 |
| টাচ্চ স্ক্ৰীণ | কেপাচিটিভ টাচ্চ | কেপাচিটিভ টাচ্চস্ক্ৰীণ |
LAVA Yuva 2 5G vs Moto G35 5G: Processor
| মোবাইল | 5G | Moto G35 5G |
| চিপছেট | 6nm | UNISOC T760 (6 nm) |
| CPU | অক্টা-কোৰ প্ৰচেছ’ৰ | অক্টা-কোৰ প্ৰচেছ’ৰ (1x2.2 GHz Cortex-A76 & 3x Cortex-A76 & 4x Cortex-A55) |
| GPU | Mali-G57 MC4 @650Hz |
LAVA Yuva 2 5G vs Moto G35 5G: Storage
| ম’বাইল | 5G | Moto G35 5G |
| ইণ্টাৰনেল ষ্ট’ৰেজ | 128GB | 128GB/256GB |
| ৰেম | 4GB+4GB | 4/8GB RAM |
| এক্সটাৰনেল ষ্ট’ৰেজ | 512 GB | 1TB পৰ্যন্ত |
| কাৰ্ড শ্লট | মাইক্ৰ’এছডি | মাইক্ৰ’এছডি |
LAVA Yuva 2 5G vs Moto G35 5G: কেমেৰা
| ম’বাইল | 5G | Moto G35 5G |
| প্ৰাইমেৰী কেমেৰা | 50MP+2MP AI LED ফ্লেছৰ সৈতে ডুৱেল কেমেৰা | 50MP (f/1.8, wide) + 8MP (f/2.2, ultrawide) Rear Single LED flash |
| ফ্ৰণ্ট কেমেৰা | 8MP কেমেৰা | 16MP (f/2.5, wide) কেমেৰা |
| ভিডিঅ’ ৰেকৰ্ডিং | হয় | UHD@30fps, FHD@30fps |
| কেমেৰা বৈশিষ্ট্য | প্ৰ’ মোড, পেনোৰামা, ফিল্টাৰ, টাইম লেপছ, শ্ল’ মোশ্যন, নাইট মোড, ইণ্টিলিজেণ্ট স্কেনিং, প’ৰট্ৰেইট মোড, এআই মোড, বাৰ্চট মোড, বিউটী মোড, HDR মোড | প’ৰট্ৰেইট, নাইট ভিজন, প্ৰ’, 360 ডিগ্ৰী পেন’ৰামা, জেচচাৰ কেপচাৰ, গুগল লেনচ ইণ্টিগ্ৰেচন |
LAVA Yuva 2 5G vs Moto G35 5G: বেটাৰী
| মোবাইল | 5G | Moto G35 5G |
| প্ৰকাৰ | 5000mAh | খুলিব নোৱাৰা Li-Ion 5000 mAh battery |
| চাৰ্জিং | 18W | 18W TurboPower ক্ষীপ্ৰ চাৰ্জিং |
| ষ্টেন বাই | 510 ঘণ্টা | - |
| টক টাইম | 30 ঘণ্টা | - |
LAVA Yuva 2 5G vs Moto G35 5G: অন্যান্য বৈশিষ্ট্য
| ম’বাইল | 5G | Moto G35 5G |
| অপাৰেটিং চিষ্টেম | android 14 | android 14 |
| ছিম | Dual SIM (5G + 5G), নেন’+নেন’ | Dual SIM (PSIM + eSIM) |
| কালাৰ | Marble Black, Marble White | Leaf Green, Guava Red, Midnight Black |
| চেন্সৰ | এক্সিলেৰ'মিটাৰ, প্ৰক্সিমিটি চেন্সৰ, মেগনেটোমিটাৰ, এম্বিয়েণ্ট লাইট | চাইড ফিংগাৰপ্ৰিণ্ট ৰিডাৰ, প্ৰক্সিমিটি, এক্সিলেৰ'মিটাৰ, এম্বিয়েণ্ট লাইট, জাইৰস্কোপ, এছ এ আৰ চেন্সৰ, চেন্সৰ হাব, ই-কম্পাছ |
| অন্যান্য বৈশিষ্ট্য | চাইড ফিংগাৰপ্ৰিণ্ট চেন্সৰ, ফেচ আনলক, বেটাৰী চেভাৰ মোড | ফেচ আনলক পানী প্ৰতিৰোধী (IP52) |
LAVA Yuva 2 5G বনাম Moto G35 5G: মূল্য
দুয়োটা স্মাৰ্টফোনৰ মূল্যৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে LAVA Yuva 2 5G 9,499 টকাত বিক্ৰী কৰাৰ বিপৰীতে Moto G35 5G ৰ মূল্য 9,999 টকা । এই দুয়োটা স্মাৰ্টফোন কোম্পানীসমূহৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব ।

