বজাৰলৈ আহি আছে লাভাৰ দুটাকৈ স্মাৰ্টফোন - Lava Storm Play 5G আৰু Lava Storm Lite 5G
লাভাই অতি সোনকালে লাভা ষ্টৰ্ম 5G লাইনআপৰ অধীনত দুটা নতুন স্মাৰ্টফোন মুকলি কৰিব ।

Published : June 4, 2025 at 7:48 PM IST
হায়দৰাবাদ: ভাৰতত পুনৰ স্মাৰ্টফোন মুকলি কৰিবলৈ সাজু হৈছে লাভা ম’বাইলে । কোম্পানীটোৱে শীঘ্ৰেই ভাৰতত মুকলি কৰিব লাভা ষ্টৰ্ম প্লে 5G আৰু লাভা ষ্টৰ্ম লাইট 5G হেণ্ডছেট । কোম্পানীটোৱে জনাইছে যে লাভা ষ্টৰ্ম প্লে 5G মিডিয়াটেক ডাইমেনচিটি 7060 চিপছেটেৰে সজ্জিত হ’ব, যিটো ভাৰতৰ এই প্ৰচেছৰৰ প্ৰথমটো স্মাৰ্টফোন হিচাপে পৰিগণিত হ’ব । LPDDR5 ৰেম আৰু UFS 3.1 সংৰক্ষণৰ সৈতে সজ্জিত এই ডিভাইচে গেমিং ব্যৱহাৰকাৰীক লক্ষ্য কৰি উন্নত মাল্টিটাস্কিং পৰিৱেশন আৰু এপ লোডিং গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে । লাভাই কয় যে এই মডেলে 5G সংযোগৰ বাবে সুকীয়া ডিজাইন আৰু সমৰ্থন আগবঢ়াব । লাভা ষ্টৰ্ম লাইট 5G ত 120 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে 6.78 ইঞ্চিৰ এইচডি+ এলচিডি ডিছপ্লে নিশ্চিত কৰা হৈছে । ইয়াত 6GB ৰেম আৰু 128GB বিল্ট-ইন ষ্ট’ৰেজ থাকিব বুলি আশা কৰা হৈছে ।
আগন্তুক সময়ত কোম্পানীয়ে স্মাৰ্টফোনসমূহৰ সঠিক মুকলিৰ দিন আৰু অন্যান্য স্পেচিফিকেশন ঘোষণা কৰাৰ সম্ভাৱনা আছে । মুকলিৰ পিছত লাভা ষ্টৰ্ম প্লে 5G আৰু লাভা ষ্টৰ্ম লাইট 5G দুয়োটা আমাজন আৰু লাভা ইণ্ডিয়া ই-ষ্ট’ৰৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব ।
এই ডিভাইচসমূহৰ ষ্টেণ্ডাৰ্ড সংস্কৰণ লাভা ষ্টৰ্ম 5G 2023 চনৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল । এই স্মাৰ্টফোনটোৰ মূল্য আমাজনত 8জিবি ৰেম + 128জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে 12,499 টকা ৷ যিটো দুটা ৰঙৰ বিকল্পত উপলব্ধ: গেল গ্ৰীণ আৰু থাণ্ডাৰ ব্লেক । ইয়াত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.78 ইঞ্চি FHD+ LCD পেনেল আছে ।
এই হেণ্ডছেটটোত 6nm MediaTek Dimensity 6080 চিপছেট আছে, যিটো 1TB লৈকে সম্প্ৰসাৰিত কৰিব পৰা যায় । ইয়াত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে, য’ত আছে 50MP মেইন শ্বুটাৰ আৰু 8MP আল্ট্ৰা-ৱাইড কেমেৰা । ফোনটোত আছে 16MP ৰ ফ্ৰন্ট ফেচিং কেমেৰা । ইয়াত 33W দ্ৰুত তাঁৰযুক্ত চাৰ্জিং সমৰ্থনৰ সৈতে 5,000mAh বেটাৰী পেক কৰা হৈছে ।
লগতে পঢ়ক

