উন্নত বেটাৰী আৰু বহু আকৰ্ষণীয় বৈশিষ্ট্যৰ সৈতে ভাৰতত মুকলি হ’ল lava play ultra 5g
Lava Play Ultra 5G ত 6.67 ইঞ্চিৰ AMOLED ডিছপ্লে আছে আৰু ইয়াত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে ।

Published : August 21, 2025 at 9:56 AM IST
হায়দৰাবাদ: বুধবাৰে ভাৰতত মুকলি কৰা হয় Lava Play Ultra 5G । লাভা ইণ্টাৰনেশ্যনেলৰ শেহতীয়া 5G স্মাৰ্টফোনটো মিডিয়াটেক ডাইমেনচিটি 7300 চিপছেটত চলি আছে, যিটো 8GB পৰ্যন্ত ৰেমৰ সৈতে সংযোগ কৰা হৈছে । ইয়াক দুটা ৰঙৰ বিকল্পত মুকলি কৰা হৈছে আৰু ইয়াত 6.67 ইঞ্চিৰ AMOLED ডিছপ্লে আছে । লাভা প্লে আল্ট্ৰা 5G ত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে, যাৰ মূল কেমেৰাটো 64 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা । হেণ্ডছেটটোত 33W চাৰ্জিং সমৰ্থনৰ সৈতে 5,000mAh বেটাৰী পেক কৰা হৈছে ।
ভাৰতত Lava Play Ultra 5G ৰ মূল্য, ৰং আৰু উপলব্ধতা
Play Ultra 5G - Level Up Your Play 🔥
— Lava Mobiles (@LavaMobile) August 20, 2025
Priced at -
6GB+128GB - ₹13,999*
8GB+128GB - ₹15,499*
✅ 2.5GHz MediaTek Dimensity 7300 Processor (4nm) – 7,00,000+ AnTuTu Score
✅ 16.94cm (6.67" ) fhd+ flat amoled display with 120hz refresh rate & much more.
*inclusive of bank offers pic.twitter.com/5HBXZmnKZo
ভাৰতত Lava Play Ultra 5G ৰ মূল্য আৰম্ভ 6 জিবি ৰেম + 128 GB ষ্ট’ৰেজ কনফিগাৰেচনৰ বাবে 14,999 টকা, আনহাতে 8 GB + 128 GB ভেৰিয়েণ্টৰ মূল্য 16,499 টকা । ইয়াক আৰ্কটিক ফ্ৰষ্ট আৰু আৰ্কটিক স্লেট ৰঙৰ বিকল্পত উপলব্ধ । 25 আগষ্টৰ পৰা আমাজনৰ জৰিয়তে বিক্ৰীৰ বাবে মুকলি হ’ব এই হেণ্ডছেটটো ।
মুকলি প্ৰমোচনৰ অংশ হিচাপে ক্ৰেতাই Lava Play Ultra 5G ৰ 6 GB আৰু 8 GB ভেৰিয়েণ্ট ক্ৰয় কৰিব পাৰিব ক্ৰমে 13,999 টকা আৰু 15,499 টকাত আইচিআইচিআই, এছবিআই আৰু এইচডিএফচি কাৰ্ডত 1000 টকা ৰেহাইৰ সৈতে ।

Lava Play Ultra 5G স্পেচিফিকেশন, বৈশিষ্ট্য
ডুৱেল ছিম Lava Play Ultra 5G এণ্ড্ৰইড 15 ত চলিব আৰু কোম্পানীয়ে হেণ্ডছেটটোৰ বাবে দুটা প্ৰজন্মৰ এণ্ড্ৰইড আপডেট আৰু তিনি বছৰৰ বাবে নিৰাপত্তা আপডেটৰ প্ৰতিশ্ৰুতি দিছে । ইয়াত 120Hz ৰিফ্ৰেছ ৰেট আৰু 1,000 নিটৰ শীৰ্ষ উজ্জ্বলতাৰ সৈতে 6.67 ইঞ্চি ফুল-এইচডি+ AMOLED ডিছপ্লে আছে । এই ডিছপ্লেই DCI-P3 ৰঙৰ গেমৰ 100 শতাংশ কভাৰেজ প্ৰদান কৰিব বুলি দাবী কৰা হৈছে । ই 4nm MediaTek Dimensity 7300 চিপছেটত চলে, লগতে 8GB LPDDR4x RAM আৰু 128GB UFS 3.1 সংৰক্ষণ ।
— Lava Mobiles (@LavaMobile) August 20, 2025
পিছফালে Lava Play Ultra 5G ত আছে ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট, য’ত আছে চ’নী আইএমএক্স682 চেন্সৰৰ সৈতে 64 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 5 মেগাপিক্সেলৰ মেক্ৰ’ কেমেৰা । ইয়াৰ উপৰিও ইয়াত আছে 13 মেগাপিক্সেলৰ ছেলফি কেমেৰা । হেণ্ডছেটটোৱে নাইট মোড, এইচডিআৰ, প’ৰ্ট্ৰেইট, বিউটি, পেনোৰামা, স্লো মোচন, টাইম লেপছ, ফিল্টাৰ, প্ৰ’ মোড, এ আৰ ষ্টীকাৰ আৰু মেক্ৰ’ ফটোগ্ৰাফী আদিৰ দৰে ফটোগ্ৰাফী মোড সমৰ্থন কৰে ।

Lava Play Ultra 5G ৰ ধূলি আৰু স্প্লেচ ৰেজিষ্টেন্সৰ বাবে IP64 ৰেটিং আছে । হেণ্ডছেটত সংযোগ বিকল্পসমূহৰ ভিতৰত আছে ব্লুটুথ 5.2, অ’টিজি, ৱাই-ফাই 6 আৰু ইউএছবি টাইপ-চি । ইয়াত ষ্টেৰিঅ’ স্পীকাৰ অন্তৰ্ভুক্ত কৰা হৈছে ।

Lava Play Ultra 5G 5000 mAh বেটাৰীৰ লগতে 33 W ফাষ্ট চাৰ্জিং সমৰ্থিত, যিয়ে 83 মিনিটত হেণ্ডছেটটো সম্পূৰ্ণৰূপে চাৰ্জ কৰিব পাৰে বুলি দাবী কৰিছে কোম্পানীটোৱে । ইয়াৰ উপৰিও এই বেটাৰীয়ে এটা চাৰ্জত 45 ঘণ্টালৈকে টক টাইম আৰু 510 ঘণ্টালৈকে ষ্টেণ্ডবাই টাইম দিব পাৰে বুলি লাভাই জনাইছে ।
লগতে পঢ়ক

