ETV Bharat / technology

7000 টকাৰ ভিতৰতে লাভ কৰক Lava ৰ 5000 mAH বেটাৰীযুক্ত স্মাৰ্টফোন

আজি ভাৰতত মুকলি হ’ল দেশী ফোন ব্ৰেণ্ড লাভাৰ Lava Bold N1 Series ৷ দাম তথা বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---

lava-bold-n1-series-with-up-to-50mp-camera-5000mah-battery-launched-in-india
7000 টকাৰ ভিতৰতে লাভ কৰক Lava ৰ 5000 mAH বেটাৰীযুক্ত স্মাৰ্টফোন (LAVA)
author img

By ETV Bharat Tech Team

Published : May 29, 2025 at 2:19 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দেশী ফোন ব্ৰেণ্ড লাভাই ভাৰতত মুকলি কৰিছে নতুন বল্ড ছিৰিজৰ স্মাৰ্টফোন । এই ছিৰিজত কোম্পানীটোৱে মুকলি কৰিছে লাভা বল্ড এন 1 আৰু লাভা বল্ড এন 1 প্ৰ’ । দুয়োটা ফোন আমাজন ইণ্ডিয়াত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব বুলি লাভাই জনাইছে ।

ফোনটোৰ ডিজাইন আইফোনৰ সৈতে যথেষ্ট মিল আছে । দুয়োটা ফোনতে ইউনিছক চিপছেট আৰু 5000mAh বেটাৰী আছে । লাভা বল্ড এন1ত আছে ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ । আনহাতে লাভা বল্ড এন 1 প্ৰ’ত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আছে । দুয়োটা ফোনৰ দাম আৰু স্পেচিফিকেশনৰ বিষয়ে জানো আহক---

লাভা বল্ড এন1 মূল্য আৰু উপলব্ধতা

উল্লেখ্য যে আমাজন ইণ্ডিয়াই দুয়োটা ফোনৰ বাবে এটা নিৰ্দিষ্ট লেণ্ডিং পেজ তৈয়াৰ কৰিছে । লাভা বল্ড এন 1 ৰ আৰম্ভণি মূল্য 5999 টকা । 4 জুনৰ পৰা ভাৰতত ইয়াৰ বিক্ৰী আৰম্ভ হ’ব ।ইয়াক আমাজনৰ ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰিব ।

ভাৰতত লাভা বল্ড N1 Pro মূল্য আৰু উপলব্ধতা

ভাৰতত লাভা বল্ড এন 1 প্ৰ’ৰ মূল্য 6699 টকাৰ পৰা আৰম্ভ । 2025 চনৰ 2 জুনৰ পৰা ইয়াক আমাজন ইণ্ডিয়াত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব । উল্লেখ্য যে, এই মূল্যসমূহ লঞ্চ অফাৰৰ সৈতে আৰু সীমিত ষ্টকৰ বাবে প্ৰযোজ্য হ’ব ।

বৈশিষ্ট্যলাভা ব’ল্ড এন 1লাভা বল্ড N1 Pro
মূল্য5,999 টকা6,699 টকা
ৰেম4 GB4 GB
ষ্ট’ৰেজ64 GB128 GB
ৰঙৰ বিকল্পৰেডিয়েণ্ট ব্লেক, স্পাৰ্কলিং আইভৰিটাইটানিয়াম গোল্ড, ষ্টেলথ ব্লেক
উপলব্ধতা4 জুন2 জুন
ক’ৰ পৰা ক্ৰয় কৰিবআমাজন (এক্সক্লুচিভ)আমাজন (এক্সক্লুচিভ)

লাভা বল্ড N1 স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ

লাভা বল্ড এন1 ত আছে 6.75 ইঞ্চিৰ এইচডি+ এলচিডি স্ক্ৰীণ । ইয়াত অক্টা-কোৰ ইউনিছক চিপছেট আছে । ৰেম আৰু ষ্ট’ৰেজৰ কথা ক’বলৈ গ’লে ইয়াত 4জিবি এলপিডিডিআৰ4এক্স ৰেমৰ সৈতে 64 জিবি ষ্ট’ৰেজ আছে । 4GB ভাৰ্চুৱেল ইণ্টাৰনেল মেমৰিৰ সহায়ত ৰেম সম্প্ৰসাৰিত কৰিব পৰা যাব ।

ফটোগ্ৰাফীৰ কথা ক’বলৈ গ’লে ইয়াৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ আছে । ইয়াৰ প্ৰাইমেৰী কেমেৰা হৈছে AI 13MP । ফোনটোৰ সন্মুখত ছেলফি আৰু ভিডিঅ’ কলৰ বাবে 5MP ফ্ৰন্ট কেমেৰা আছে । ইয়াত 10W USB-C চাৰ্জিঙৰ সৈতে 5000mAh বেটাৰী আছে । এই ফোনটোৱে এণ্ড্ৰইড 14 ত কাম কৰে ।

লাভা বল্ড N1 Pro স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ

লাভা বল্ড এন 1 প্ৰ’ত আছে 6.67 ইঞ্চিৰ এইচডি+ এলচিডি ডিছপ্লে আৰু ইয়াৰ ৰিফ্ৰেছ ৰেট আছে 120 হাৰ্টজ । এই ফোনটোৱে octa-core Unisoc T606 প্ৰচেছৰত কাম কৰে । ফোনটোত 4GB ৰেমৰ সৈতে 128GB ষ্ট’ৰেজৰ বিকল্প আছে । ইণ্টাৰনেল মেমৰিৰ সহায়ত ৰেমও ভাৰ্চুৱেলি ৪GB অতিৰিক্ত বৃদ্ধি কৰিব পাৰি ।

ইয়াৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ দিয়া হৈছে । ইয়াৰ প্ৰাইমেৰী কেমেৰা 50MP AI ৰ । ইয়াৰ সৈতে এটা 5MP ফ্ৰন্ট কেমেৰা দিয়া হৈছে । ফোনটোত 18W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5,000mAh বেটাৰী আছে । সুৰক্ষাৰ বাবে চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু ফেচ আনলকৰ দৰে বৈশিষ্ট্য প্ৰদান কৰা হৈছে । এই ফোনটোৱে এণ্ড্ৰইড 14 ত কাম কৰে ।

লগতে পঢ়ক