হায়দৰাবাদ: দেশী ফোন ব্ৰেণ্ড লাভাই ভাৰতত মুকলি কৰিছে নতুন বল্ড ছিৰিজৰ স্মাৰ্টফোন । এই ছিৰিজত কোম্পানীটোৱে মুকলি কৰিছে লাভা বল্ড এন 1 আৰু লাভা বল্ড এন 1 প্ৰ’ । দুয়োটা ফোন আমাজন ইণ্ডিয়াত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব বুলি লাভাই জনাইছে ।
ফোনটোৰ ডিজাইন আইফোনৰ সৈতে যথেষ্ট মিল আছে । দুয়োটা ফোনতে ইউনিছক চিপছেট আৰু 5000mAh বেটাৰী আছে । লাভা বল্ড এন1ত আছে ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ । আনহাতে লাভা বল্ড এন 1 প্ৰ’ত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আছে । দুয়োটা ফোনৰ দাম আৰু স্পেচিফিকেশনৰ বিষয়ে জানো আহক---
লাভা বল্ড এন1 মূল্য আৰু উপলব্ধতা
উল্লেখ্য যে আমাজন ইণ্ডিয়াই দুয়োটা ফোনৰ বাবে এটা নিৰ্দিষ্ট লেণ্ডিং পেজ তৈয়াৰ কৰিছে । লাভা বল্ড এন 1 ৰ আৰম্ভণি মূল্য 5999 টকা । 4 জুনৰ পৰা ভাৰতত ইয়াৰ বিক্ৰী আৰম্ভ হ’ব ।ইয়াক আমাজনৰ ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰিব ।
Introducing Bold N1 Pro: Available on @amazonIN at a special launch price of ₹6,699*
— Lava Mobiles (@LavaMobile) May 29, 2025
Get Notified: https://t.co/KOEpVuOwF1
*Inclusive of offers#BoldN1Pro #BeFearless #LavaMobiles #ProudlyIndian pic.twitter.com/sJjvd32tQX
ভাৰতত লাভা বল্ড N1 Pro মূল্য আৰু উপলব্ধতা
ভাৰতত লাভা বল্ড এন 1 প্ৰ’ৰ মূল্য 6699 টকাৰ পৰা আৰম্ভ । 2025 চনৰ 2 জুনৰ পৰা ইয়াক আমাজন ইণ্ডিয়াত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব । উল্লেখ্য যে, এই মূল্যসমূহ লঞ্চ অফাৰৰ সৈতে আৰু সীমিত ষ্টকৰ বাবে প্ৰযোজ্য হ’ব ।
বৈশিষ্ট্য | লাভা ব’ল্ড এন 1 | লাভা বল্ড N1 Pro |
মূল্য | 5,999 টকা | 6,699 টকা |
ৰেম | 4 GB | 4 GB |
ষ্ট’ৰেজ | 64 GB | 128 GB |
ৰঙৰ বিকল্প | ৰেডিয়েণ্ট ব্লেক, স্পাৰ্কলিং আইভৰি | টাইটানিয়াম গোল্ড, ষ্টেলথ ব্লেক |
উপলব্ধতা | 4 জুন | 2 জুন |
ক’ৰ পৰা ক্ৰয় কৰিব | আমাজন (এক্সক্লুচিভ) | আমাজন (এক্সক্লুচিভ) |
লাভা বল্ড N1 স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ
Introducing Bold N1: Available on @amazonIN at a price of ₹5,999!
— Lava Mobiles (@LavaMobile) May 29, 2025
Get Notified: https://t.co/PcX8QbT1XM #BoldN1 #BeFearless #LavaMobiles #ProudlyIndian pic.twitter.com/0QinqMj8Q2
লাভা বল্ড এন1 ত আছে 6.75 ইঞ্চিৰ এইচডি+ এলচিডি স্ক্ৰীণ । ইয়াত অক্টা-কোৰ ইউনিছক চিপছেট আছে । ৰেম আৰু ষ্ট’ৰেজৰ কথা ক’বলৈ গ’লে ইয়াত 4জিবি এলপিডিডিআৰ4এক্স ৰেমৰ সৈতে 64 জিবি ষ্ট’ৰেজ আছে । 4GB ভাৰ্চুৱেল ইণ্টাৰনেল মেমৰিৰ সহায়ত ৰেম সম্প্ৰসাৰিত কৰিব পৰা যাব ।
ফটোগ্ৰাফীৰ কথা ক’বলৈ গ’লে ইয়াৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ আছে । ইয়াৰ প্ৰাইমেৰী কেমেৰা হৈছে AI 13MP । ফোনটোৰ সন্মুখত ছেলফি আৰু ভিডিঅ’ কলৰ বাবে 5MP ফ্ৰন্ট কেমেৰা আছে । ইয়াত 10W USB-C চাৰ্জিঙৰ সৈতে 5000mAh বেটাৰী আছে । এই ফোনটোৱে এণ্ড্ৰইড 14 ত কাম কৰে ।
লাভা বল্ড N1 Pro স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ
লাভা বল্ড এন 1 প্ৰ’ত আছে 6.67 ইঞ্চিৰ এইচডি+ এলচিডি ডিছপ্লে আৰু ইয়াৰ ৰিফ্ৰেছ ৰেট আছে 120 হাৰ্টজ । এই ফোনটোৱে octa-core Unisoc T606 প্ৰচেছৰত কাম কৰে । ফোনটোত 4GB ৰেমৰ সৈতে 128GB ষ্ট’ৰেজৰ বিকল্প আছে । ইণ্টাৰনেল মেমৰিৰ সহায়ত ৰেমও ভাৰ্চুৱেলি ৪GB অতিৰিক্ত বৃদ্ধি কৰিব পাৰি ।
ইয়াৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ দিয়া হৈছে । ইয়াৰ প্ৰাইমেৰী কেমেৰা 50MP AI ৰ । ইয়াৰ সৈতে এটা 5MP ফ্ৰন্ট কেমেৰা দিয়া হৈছে । ফোনটোত 18W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5,000mAh বেটাৰী আছে । সুৰক্ষাৰ বাবে চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু ফেচ আনলকৰ দৰে বৈশিষ্ট্য প্ৰদান কৰা হৈছে । এই ফোনটোৱে এণ্ড্ৰইড 14 ত কাম কৰে ।
লগতে পঢ়ক