ETV Bharat / technology

8 এপ্ৰিলত বজাৰলৈ লাভা বল্ড 5জি - LAVA BOLD 5G LAUNCH IN INDIA

অহা 8 এপ্ৰিলত ভাৰতীয় বজাৰত মুকলি হ’ব লাভা বল্ড 5জি । ইয়াত আছে 64 মেগাপিক্সেল কেমেৰা, থ্ৰীডি কাৰ্ভড এমোলেড ডিছপ্লে ।

lava-bold-5g-new-smartphone-to-launch-in-the-indian-market-next-week
8 এপ্ৰিলত বজাৰলৈ লাভা বল্ড 5জি (Lava)
author img

By ETV Bharat Tech Team

Published : April 3, 2025 at 5:10 PM IST

2 Min Read

হায়দৰাবাদ: লাভাই নতুন স্মাৰ্টফোন বল্ড 5জি মুকলিৰ বাবে কাম কৰি আছে । আগন্তুক লাভা বল্ড 5জি ফোনটোৰ লেণ্ডিং পেজ ই-কমাৰ্চ চাইট আমাজনত লাইভ হৈছে । এই তালিকাত ফোনটোৰ ডিজাইন, স্পেচিফিকেশন আৰু মূল্যৰ বিষয়ে জানিব পৰা গৈছে । অহা সপ্তাহত ভাৰতীয় বজাৰত মুক্তি পাবলগীয়া লাভা বল্ড 5 জিৰ বিষয়ে বিতংভাৱে জানো আহক...

লাভা বল্ড 5G ৰ মূল্য

বিশেষ লঞ্চ অফাৰৰ অধীনত 10,999 টকাত লাভ কৰিব লাভা বল্ড 5জি, য’ত কিছু অফাৰো আছে । অহা 8 এপ্ৰিলৰ পৰা এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব । গ্ৰাহকে চেফায়াৰ ব্লু ৰঙৰ এই ফোনটো ক্ৰয় কৰিব পাৰিব । এই ফোনটো 4GB+128GB আৰু 6GB+128GB দুটা ভেৰিয়েন্টত উপলব্ধ হ’ব ।

লাভা বল্ড 5জি স্পেচিফিকেশন

আমাজনৰ মাইক্ৰ’ছাইটৰ মতে, লাভা বল্ড 5জিত বক্ৰ প্ৰান্তৰ সৈতে 6.67 ইঞ্চিৰ AMOLED ডিছপ্লে থাকিব, য’ত FHD+ ৰিজ’লিউচন আৰু 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট থাকিব । ফোনটোত মিডিয়াটেক ডাইমেনচিটি 6300 চিপছেটৰ সৈতে সংযুক্ত হ’ব 4জিবি/6জিবি ৰেম, যিটো ভাৰ্চুৱেল ৰেমৰ জৰিয়তে 8জিবিলৈকে সম্প্ৰসাৰিত কৰিব পৰা যাব । ইয়াৰ উপৰিও ইয়াত থাকিব 64GB/128GB ইনবিল্ট ষ্ট’ৰেজ, যিটো microSD কাৰ্ডৰ জৰিয়তে সম্প্ৰসাৰিত কৰিব পাৰিব । ফোনটোত 5,000mAh বেটাৰী থাকিব, যিয়ে 33W ফাষ্ট চাৰ্জিং সমৰ্থিত ।

64 মেগাপিক্সেল মূল কেমেৰা

কেমেৰা ছেটআপৰ কথা ক’বলৈ গ’লে বল্ড 5জিৰ পিছফালে 64 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু এল ই ডি ফ্লেছৰ সৈতে ছেকেণ্ডাৰী কেমেৰা থাকিব । ছেলফি আৰু ভিডিঅ’ কলৰ বাবে 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা থাকিব । এই ফোনটো এণ্ড্ৰইড 14ত চলিব, তাৰ পিছত এণ্ড্ৰইড 15 অ’ এছ উন্নীতকৰণ আৰু 2 বছৰৰ বাবে ছিকিউৰিটি আপডেট কৰা হ’ব । IP64 ৰেটিং বডি থকা এই ফোনটোত নিৰাপত্তাৰ বাবে ইন-স্ক্ৰীণ ফিংগাৰপ্ৰিণ্ট চেন্সৰ থাকিব ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.