হায়দৰাবাদ: প্ৰিমিয়াম আৰু স্প’ৰ্টছ মটৰ চাইকেল নিৰ্মাতা কোম্পানী কেটিএমৰ নতুন কেটিএম 390 এণ্ডুৰো আৰ কাইলৈ অৰ্থাৎ 11 এপ্ৰিলৰ দিনা ভাৰতৰ বজাৰত মুকলি কৰিবলৈ সাজু হৈছে । ই হৈছে অফ-ৰোড ফ’কাচড মটৰ চাইকেল যিয়ে নতুন কেটিএম 390 এডভেঞ্চাৰৰ বেছিভাগ অংশ শ্বেয়াৰ কৰে ।
KTM 390 এণ্ডুৰো আৰ: পাৱাৰট্ৰেইন
এই মটৰ চাইকেলৰ পাৱাৰট্ৰেইনৰ কথা ক’বলৈ গ’লে ইয়াত আছে 399চিচি, একক চিলিণ্ডাৰ, লিকুইড-কুল্ড ইঞ্জিন যিটো কোম্পানীটোৰ কেটিএম 390 ড্যুক আৰু 390 এডভেঞ্চাৰ মডেলতো ব্যৱহাৰ কৰা হয় । আন দুখন মটৰ চাইকেলৰ দৰেই নতুন 390 এণ্ডুৰো আৰেও 45.3 বিএইচপি শক্তি আৰু 39 NM টৰ্ক উৎপাদন কৰে । এই মটৰ চাইকেলখনৰ মূল ফ্ৰেম আৰু ছুইংগাৰ্ম শেহতীয়া প্ৰজন্মৰ 390 এডভেঞ্চাৰৰ সৈতে একে । যিহেতু ই অফ-ৰোড মটৰ চাইকেল, গতিকে ইয়াৰ ফ্ৰন্ট ডিস্ক ব্ৰেক 285 মিমি সৰু ।

KTM 390 Enduro R: বৈশিষ্ট্যসমূহ
মটৰ চাইকেলখনৰ কাৰিকৰী বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে এই বাইকখনত 4.2 ইঞ্চিৰ টিএফটি ডিছপ্লে ব্যৱহাৰ কৰা হৈছে যিয়ে সংগীত, কল আৰু টাৰ্ণ বাই টাৰ্ণ নেভিগেচনৰ বাবে স্মাৰ্টফোন সংযোগ প্ৰদান কৰে । ইয়াৰ উপৰিও মটৰ চাইকেলখনক দুটা অনন্য ৰাইডিং মোড দিয়া হৈছে য’ত আছে ষ্ট্ৰীট আৰু অফ-ৰোড ।
KTM 390 Enduro R: হাৰ্ডৱেৰ
বাইকখনত 390 এডভেঞ্চাৰৰ দৰে একেটা ছাচপেনচন ইউনিট ব্যৱহাৰ কৰা হৈছে । অৰ্থাৎ মটৰ চাইকেলখনে 200 মিমি/205 মিমি (F/R) ছাচপেনচন ট্ৰেভেল পায় । ইয়াৰ ষ্টেণ্ডাৰ্ড ছিটৰ উচ্চতা 860মিমি, আন্তঃৰাষ্ট্ৰীয়ভাৱে উপলব্ধ কেটিএম 390 এণ্ডুৰো আৰ মডেলৰ 890 মিমি ।

একেদৰে ভাৰতত বিক্ৰী হোৱা এই মডেলৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স 272 মিলিমিটাৰৰ পৰা 253 মিলিমিটাৰলৈ হ্ৰাস কৰা হৈছে । ইয়াৰ উপৰিও ভাৰতীয় মডেলটো বিদেশত বিক্ৰী হোৱা KTM 390 Enduro R মডেলৰ সৈতে একে । মটৰ চাইকেলখনৰ ওজন 177 কেজি, যিটো কোম্পানীটোৰ 390 এডভেঞ্চাৰ মডেলতকৈ 5-6 কিলোগ্ৰাম লঘু ।
প্ৰতিদ্বন্দ্বী
এই বাইকে ভাৰতীয় বজাৰত কাৱাছাকি কেএলএক্স 230 ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব । দামৰ কথা ক’বলৈ গ’লে 390 এণ্ডুৰো আৰ বাইক ভাৰতীয় বজাৰত 3.15 লাখৰ পৰা 3.50 লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম) বিক্ৰী কৰিব ।
লগতে পঢ়ক