ETV Bharat / technology

3,36,500 টকা মূল্যত ভাৰতত মুকলি হ’ল KTM 390 Enduro R

ktm এ ভাৰতত মুকলি কৰিছে 390 Enduro R ৷ ইয়াৰ মূল্য 3,36,500 (এক্স-শ্ব’ৰুম) টকা ।

ktm-390-enduro-r-launched-in-india-at-rs-3-dot-36-lakh
3,36,500 টকা মূল্যত ভাৰতত মুকলি হ’ল KTM 390 Enduro R (KTM)
author img

By ETV Bharat Tech Team

Published : April 12, 2025 at 1:11 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মিলানত অনুষ্ঠিত হোৱা EICMA 2024 ত দৃষ্টি আকৰ্ষণ কৰাৰ পিছত আৰু পিছলৈ গোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়া বাইক উইকত দেখা দিয়াৰ পিছত অৱশেষত ভাৰতীয় বজাৰত মুকলি হ’ল কেটিএম 390 এণ্ডুৰো আৰ । এই বাইকখনৰ মূল্য 3.37 লাখ (এক্স-শ্ব’ৰুম) । অৰ্থাৎ ই কেটিএম 390 এডভেঞ্চাৰতকৈ 30,000 টকা অধিক সুলভ ।

উল্লেখ কৰা প্ৰয়োজন যে 2025 চনত বহু নতুন দুচকীয়া মুকলি কৰিছে কেটিএম এ । নতুনকৈ মুকলি কৰা কেটিএম 390 এণ্ডুৰো আৰ হৈছে অফ-ৰোড ফ’কাচড মটৰ চাইকেল ৷ এই বাইকক‘এ ঠেক ভূখণ্ডত উন্নত প্ৰদৰ্শন আগবঢ়ায় বুলি কোম্পানীয়ে দাবী কৰিছে । এই বাইকখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক জানো আহক...

ছুইচেবল ডুৱেল-চেনেল এবিএছ

KTM 390 Enduro R ত 399 cc একক চিলিণ্ডাৰ লিকুইড শীতল ইঞ্জিন আছে যিয়ে 46 hp শক্তি আৰু 39 Nm টৰ্ক উৎপন্ন কৰে । ইয়াত 390 এডভেঞ্চাৰৰ ফ্ৰেম ব্যৱহাৰ কৰা হৈছে, যিটো WP Apex এডজাষ্টেবল ছাচপেনচনৰ সৈতে সজ্জিত । ইয়াৰ সন্মুখত 200 মিলিমিটাৰ আৰু পিছফালে 205 মিলিমিটাৰ ছাছপেনশ্যন ট্ৰেভেল আছে । ইয়াত 285 মিমি ফ্ৰন্ট ডিস্ক ব্ৰেক আৰু 240 মিমি ৰিয়াৰ ডিস্ক ব্ৰেকৰ লগতে অফ-ৰোড পাৰফৰমেন্স উন্নত কৰিবলৈ ছুইচেবল ডুৱেল চেনেল এবিএছ আছে ।

বৈশিষ্ট্যসমূহ

এই বাইকখনত দুটা ৰাইডিং মোড, ট্ৰেকচন কণ্ট্ৰল চিষ্টেম, এল ই ডি লাইটিং আৰু ব্লুটুথ সংযোগৰ সৈতে 4.2 ইঞ্চিৰ টি এফ টি ডিছপ্লে আছে । ইয়াৰ আসনৰ উচ্চতা 860 মিলিমিটাৰ, গ্ৰাউণ্ড ক্লিয়াৰেন্স 253 মিলিমিটাৰ আৰু ইন্ধন টেংকৰ ক্ষমতা 9 লিটাৰ, যিটো 390 এডভেঞ্চাৰৰ তুলনাত কম । বাইকখনৰ ওজন 177 কিলোগ্ৰাম, যিটো ইয়াৰ এডভেঞ্চাৰ মডেলতকৈ কম ।

ডিজাইন

KTM 390 Enduro R ৰ ডিজাইন সহজ অথচ আকৰ্ষণীয় । ইয়াত হাই বিক, নূন্যতম বডিৱৰ্ক আৰু কেটিএমৰ চিগনেচাৰ কমলা ৰঙৰ গ্রাফিক্সৰ সৈতে এটা সাধাৰণ হেডলেম্প আছে । শ্লীম বডিৰ লগতে ইয়াত 21 ইঞ্চি ফ্ৰন্ট আৰু 18 ইঞ্চি ৰিয়াৰ স্পকড চকা আছে ।

লগতে পঢ়ক