ETV Bharat / technology

এতিয়াৰে পৰা আমাজনযোগে অৰ্ডাৰ কৰিব পাৰিব Jawa Yezdi ৰ পছন্দৰ মটৰ চাইকেলখন

Jawa Yezdi মটৰ চাইকেলে ই-কমাৰ্চ প্লেটফৰ্ম আমাজন ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে । কোম্পানীটোৰ মটৰ চাইকেল এতিয়া অনলাইনত উপলব্ধ হ’ব ।

jawa-yezdi-motorcycles-partnership-with-amazon-india-for-two-wheeler-sales
Jawa 42 Bobber (Jawa Motorcycle)
author img

By ETV Bharat Tech Team

Published : October 8, 2025 at 12:23 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দুচকীয়া বাহন নিৰ্মাতা কোম্পানী জাৱা য়েজদি মটৰ চাইকেলে প্ৰায় এবছৰৰ পূৰ্বে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ জৰিয়তে নিজৰ বাইক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল । এতিয়া কোম্পানীটোৱে নিজৰ বাইক বিক্ৰীৰ বাবে আন এটা প্ৰতিষ্ঠিত ই-কমাৰ্চ প্লেটফৰ্ম আমাজন ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে ।

এই অংশীদাৰিত্বৰ জৰিয়তে কোম্পানীটোৱে অনলাইন উপস্থিতি বৃদ্ধি কৰিছে । খবৰ অনুসৰি, কোম্পানীটোৰ প্ৰডাক্ট লাইনআপ এতিয়া দেশৰ 40 খন চহৰত আমাজনৰ জৰিয়তে উপলব্ধ হ’ব ৷ উৎসৱৰ বতৰত 100 খনতকৈও অধিক চহৰলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে এই সেৱা ।

jawa-yezdi-motorcycles-partnership-with-amazon-india-for-two-wheeler-sales
Jawa 42 FJ (Jawa Motorcycle)

আমাজন আৰু ফ্লিপকাৰ্ট দুয়োটাতে উপলব্ধ মডেলসমূহৰ ভিতৰত আছে Jawa 350, Jawa 42, Jawa 42 FJ, Jawa 42 Bobber, Jawa Perak, Yezdi Adventure আৰু Yezdi Scrambler । দুয়োটা ই-কমাৰ্চ প্লেটফৰ্মে বিত্তীয় বিকল্প আৰু কেছবেক চুক্তিও আগবঢ়াইছে । এই অংশীদাৰিত্বৰ বিষয়ে সবিশেষ দি কোম্পানীটোৱে কয় যে দুয়োটা প্লেটফৰ্মতে 30 খনতকৈও অধিক চহৰৰ 40 জন ডিলাৰ উপস্থিত আছে আৰু অনাগত সপ্তাহত আৰু অধিক ডিলাৰ যোগদান কৰাৰ সম্ভাৱনা আছে ।

jawa-yezdi-motorcycles-partnership-with-amazon-india-for-two-wheeler-sales
Jawa 42 (Jawa Motorcycle)

কোম্পানীটোৱে জনোৱা মতে, অনলাইন বিক্ৰীৰ কভাৰেজ কৰ্ণাটক, তামিলনাডু, তেলেংগানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, পশ্চিম বংগ, ওড়িশা, ছত্তীশগড়, ঝাৰখণ্ড, অসম, মণিপুৰ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে ৰাজ্যকে ধৰি দক্ষিণ, উত্তৰ, পূব আৰু পশ্চিম ভাৰতৰ বজাৰলৈ বিস্তৃত হৈ আছে ।

jawa-yezdi-motorcycles-partnership-with-amazon-india-for-two-wheeler-sales
Yezdi Adventure (Jawa Motorcycle)

মন কৰিবলগীয়া যে জাৱা য়েজদি মটৰ চাইকেলছৰ মূল কোম্পানী ক্লাছিক লিজেণ্ডছে শেহতীয়াকৈ জি এছ টি হ্ৰাসৰ সুবিধা গ্ৰাহকক প্ৰদান কৰিছে । 350CC তকৈ কম ইঞ্জিন ক্ষমতা থকা মটৰ চাইকেলৰ কৰ হাৰ 28%ৰ পৰা 18%লৈ হ্ৰাস কৰা হৈছে । ইয়াৰ ফলত 293CCৰ পৰা 334CC ৰ ভিতৰত ইঞ্জিন থকা মটৰ চাইকেলকে ধৰি জাৱা আৰু য়েজডি মটৰ চাইকেলৰ সমগ্ৰ ৰেঞ্জৰ মূল্য যথেষ্ট হ্ৰাস পাইছে ।

jawa-yezdi-motorcycles-partnership-with-amazon-india-for-two-wheeler-sales
Yezdi Roadster (Jawa Motorcycle)

লগতে পঢ়ক