বজাৰত মুকলি হ’ল ‘জাৱা 350’ৰ নতুন সংস্কৰণ; প্ৰথম 500 গ্ৰাহকৰ বাবে বিশেষ ৰেহাই
জাৱাই বজাৰত মুকলি কৰিছে ‘জাৱা 350’ৰ নতুন সংস্কৰণ । দুচকীয়াখনৰ বৈশিষ্ট্য আৰু ইঞ্জিনৰ বিষয়ে অধিক জানো আহক ---

Published : February 23, 2025 at 2:15 PM IST
হায়দৰাবাদ: আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী Jawa মটৰ চাইকেলে মুকলি কৰিছে ‘জাৱা 350’ৰ নতুন সংস্কৰণ । কোম্পানীয়ে ইয়াক লেগেচি এডিচন নামেৰে মুকলি কৰিছে । এই দুচকীয়াখনৰ বৈশিষ্ট্য আৰু ইঞ্জিনৰ বিষয়ে অধিক জানো আহক---
জাৱা 350 লেগেচি এডিচনৰ বৈশিষ্ট্য
কোম্পানীয়ে এই নতুন 'জাৱা 350 লেগেচি এডিচন'ত ট্যুৰিং ভাইজাৰ, পিলিয়ন বেকৰেষ্ট আৰু ক্ৰেচ গাৰ্ডৰ দৰে আনুষংগিক সামগ্ৰী প্ৰদান কৰিছে । ইয়াৰ লগতে গ্ৰাহকে চামৰাৰ কীচেইন আৰু জাৱা 350 কলেক্টৰ এডিচনৰ ক্ষুদ্ৰ মডেলও লাভ কৰে । ইয়াৰ বাহিৰে এই মটৰ চাইকেলখনত কোনো যান্ত্ৰিক পৰিৱৰ্তন কৰা হোৱা নাই ৷ ইঞ্জিনৰ ক্ষেত্ৰত ইয়াত বৰ্তমানৰ 334 চিচি, একক চিলিণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে । ই 7000 আৰ পি এমত 22.5 এইচপি শক্তি আৰু 5000 আৰ পি এমত 28.1 এন এম টৰ্ক উৎপন্ন কৰে ।
2024 বৰ্ষত কিছুমান নতুন ভেৰিয়েন্টৰ প্ৰৱৰ্তন
যোৱা বছৰ কোম্পানীয়ে ‘জাৱা 350’ৰ বাবে কিছুমান নতুন ভেৰিয়েণ্ট প্ৰৱৰ্তন কৰিছিল । ইয়াৰ মুঠ মূল্যৰ 16 হাজাৰ টকা হ্ৰাস কৰা হয় । ইয়াৰ বেচ স্পক হুইল ভেৰিয়েন্টৰ মূল্য 1.99 লাখ টকা, আনহাতে এলয় হুইল ভেৰিয়েণ্টৰ মূল্য 2.08 লাখ টকা । একে সময়তে কোম্পানীয়ে স্প’ক চকাযুক্ত টপ এণ্ড ক্ৰ’ম ভেৰিয়েণ্টৰ মূল্য নিৰ্ধাৰণ কৰিছে 2.15 লাখ (এক্স শ্ব’ৰুম) ।
ইয়াৰ উপৰিও ইয়াৰ টপ-স্পেক এলয় হুইল ভেৰিয়েণ্টৰ মূল্য 2.23 লাখ (এক্স-শ্ব’ৰুম) । ইফালে, কোম্পানীয়ে নতুনকৈ মুকলি কৰা ‘জাৱা 350 লেগেচি এডিচন’ প্ৰথম 500 গ্ৰাহকৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে ৷ প্ৰথম 500 গ্ৰাহকে 1.99 লাখ টকাত এই দুচকীয়াখন লাভ কৰিব ৷ পৰৱৰ্তী সময়ত ইয়াৰ মূল্য 16 হাজাৰ টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জাৱাই জনায় ।
লগতে পঢ়ক

