ETV Bharat / technology

SpaDeX Mission 2024: আজি নিশাৰ ভাগলৈ ইছৰোৱে আৰম্ভ কৰিব অভিযান

আন এক ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে ইছৰো ৷ আজি 220 কিলোগ্ৰাম ওজনৰ দুটা বিশেষভাৱে ডিজাইন কৰা উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব ।

isros-spadex-mission-set-to-launch-today-for-key-space-docking-experiment
SpaDeX Mission 2024: আজি নিশাৰ ভাগলৈ ইছৰোৱে আৰম্ভ কৰিব অভিযান (ISRO- X)
author img

By ETV Bharat Tech Team

Published : December 30, 2024 at 1:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মহাকাশত উপগ্ৰহ ডকিঙৰ জটিল কলা প্ৰদৰ্শন কৰিব পৰা যুগান্তকাৰী মহাকাশ ডকিং পৰীক্ষা (SpaDeX)ৰ জৰিয়তে ভাৰতে এক ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । আজি অৰ্থাৎ 30 ডিচেম্বৰত উৎক্ষেপণৰ বাবে নিৰ্ধাৰিত এই অভিযানে ভাৰতৰ মহাকাশ অন্বেষণ ক্ষমতাৰ এক জটিল মাইলৰ খুঁটি প্ৰতিনিধিত্ব কৰে ।

এই অভিযানত ৱৰ্কহৰ্চ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (পিএছএলভি) ৰকেট ব্যৱহাৰ কৰি প্ৰায় 220 কিলোগ্ৰাম ওজনৰ দুটা বিশেষভাৱে ডিজাইন কৰা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে । মহাকাশত ডকিঙৰ বাবে ব্যয়বহুল প্ৰযুক্তি প্ৰদৰ্শক অভিযান, ইছৰোৰ মহাকাশ ডকিং পৰীক্ষা সফল হ’লে ভাৰতৰ এয়া এক বিশেষ সফলতা হিচাপে বিবেচিত হ’ব ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই 30 ডিচেম্বৰ সোমবাৰে উৎক্ষেপণ কৰিব পিএছএলভি ৰকেটত নিজৰ মহাকাশ ডকিং পৰীক্ষা - যাক SpaDeX বুলিও কোৱা হয় । মহাকাশ সংস্থাটোৰ শেহতীয়া আপডেট অনুসৰি স্পাডেক্স উৎক্ষেপণৰ সময়সীমা আজি নিশা 10 বজা ।

সোমবাৰে ইছৰোৱে এক আপডেটযোগে কয়, ‘উৎক্ষেপণৰ দিন’ আহিল । আজি নিশা ঠিক 10 বজাত SpaDeX আৰু উদ্ভাৱনীমূলক পেলোডৰ সৈতে PSLV-C60 লিফ্ট অফৰ বাবে ছেট কৰা হৈছে ।"

মহাকাশ সংস্থাটোৱে লগতে কয় যে মহাকাশ ডকিং পৰীক্ষা হৈছে কক্ষপথৰ ডকিঙত ভাৰতৰ সামৰ্থ প্ৰতিষ্ঠা কৰাৰ এক অগ্ৰণী অভিযান, যিটো ভৱিষ্যতৰ মানৱ মহাকাশ উৰণ আৰু উপগ্ৰহ সেৱা অভিযানৰ বাবে এক মূল প্ৰযুক্তি ।

উল্লেখ্য যে, প্ৰথমে উৎক্ষেপণৰ বাবে নিশা 9:58 নিৰ্ধাৰণ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত 10 বজা নিৰ্ধাৰণ কৰা হয় ।

অৱশ্যে ইছৰোই ইয়াৰ আঁৰৰ কাৰণ সন্দৰ্ভত কোনো তাৎক্ষণিক তথ্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক: উভতি চাওঁ: 2024 বৰ্ষত বহু সফলতাৰ কৃতিত্ব আৰ্জিলে ইছৰোৱে

গগনযানৰ প্ৰথমটো মানৱবিহীন অভিযানৰ বাবে HLVM-3 গঠনত ব্যস্ত ISRO

30 ডিচেম্বৰত আৰম্ভ হ’ব ইছৰোৰ Spadex অভিযান